Showing posts with label ASSAMESE. Show all posts
Showing posts with label ASSAMESE. Show all posts

Class 12 Assamese Question Answer – 2023 | দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ,মোৰ মাতৃমোখ দৰ্শন

 (ক) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটোৰ কৰ পৰা সংগ্রহ কৰা হৈছে?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্রথম খন্দ)ৰ পৰা সংগ্রহ কৰা হৈছে।

(খ) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত?

উত্তৰঃ সম্বলপুৰ ভাৰতৰ উড়িষ্যা ৰাজ্যত অবস্থিত।



(গ) বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে কৰ পৰা ক’লৈ যাত্রা কৰিছিল?

উত্তৰঃ বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে উৰিষ্যাত সম্বলপুৰৰ অসম (গুৱাহাটী)লৈ যাত্রা কৰিছিল।

(ঘ) ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা করোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা করোঁতে বেজবৰুৱাৰ সংগী হিচাপে পত্নী প্রজ্ঞাসুন্দৰী দেবী আৰু সৰু জীয়েক আছিল।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত চাৰিখন ধেমালীয়া নাটকৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমালি নাটকসমুহৰ নাম হৈছে-‘লিতিকাই’, ‘নোমল’, ‘পাচনি’, আৰু চিকৰপতি নিকৰপতি’।

Share:

বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese


অসমীয়া ৰচনা

বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese

বিজ্ঞান শব্দৰ প্ৰকৃত অর্থ যি মানুহক বিশেষভাৱে জ্ঞানৰ পথত পৰিচালনা কৰে। কিন্তু সাম্প্রতিক কালত বিজ্ঞানৰ যুগ বুলিলে যন্ত্র যুগকে সাধাৰণতে বুজোৱা হয়। আদিম যুগত মানুহে শিলেৰে নির্মিত অস্ত্ৰেৰে পশু বধ কৰি জুইত সেকি বা পুৰি মাংস খাই বা ফল-মূলেৰে জীৱন নির্বাহ কৰিছিল। গছৰ বাকলি বা জীৱ-জন্তুৰ ছাল পৰিধান কৰি লজ্জা নিবাৰণ কৰিছিল। তাৰ পাছত লাহে লাহে মানুহে ধাতুৰ ব্যৱহাৰ শিকিলে, জীৱ-জন্তুক পােহ মনাই সিহঁতৰ দ্বাৰা খেতি-বাতি কৰিবলৈ ল'লে। কপাহৰ সূতাৰে কাপােৰ ববলৈ শিকিলে। ক্রমে ক্রমে মানুহে উন্নতিৰ সােপানত উঠি বৰ্তমানৰ অৱস্থাত উপনীত হৈছেহি। পর্বত, সাগৰকে ধৰি সকলাে প্রাকৃতিক বাধা নেওচি মানুহে বিজ্ঞানৰ জযধ্বজা উইছে। 

বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese

একেদৰে চিকিৎসা বিজ্ঞানৰ উন্নতিযে মানুহৰ আয়ু-সীমা বৃদ্ধি কৰিছে। মানুহে আজি চন্দ্ৰতত ভৰি দিবলৈ সক্ষম হৈছে। মানৱনির্মিত কৃত্রিম উপগ্রহে আজি পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰি বিজ্ঞানৰ জয়গান গাইছে। সমাগত দিনবােৰত হযতাে চন্দ্র বা আন গ্রহ-উপগ্ৰহত নগৰ স্থাপনৰ সপােন মানুহে বাস্তৱত ৰূপাযিত কৰিবগৈ পাৰিব। মানৱ-জীৱনক পৰিপূৰ্ণ আৰু সৰ্বাংগসুন্দৰ কৰি তােলাৰ মাধ্যম হিচাপে বিজ্ঞানৰ শ্রেষ্ঠত্বক অস্বীকাৰ কৰিব নােৱাৰি। বিজ্ঞান মানৱ জীৱনৰ শ্ৰেষ্ঠ আর্শীবাদ। জগতৰ সকলাে বস্তুৰ দৰে বিজ্ঞানৰৰ এটা অশুভ দিশ আছে। বিজ্ঞানে যিদৰে আধুনিক সভ্যতাৰ সৃষ্টি কৰিছে, তেনেদৰে এই ইতিহাসক মুহূৰ্তৰ ভিতৰতে মষিমূৰ কৰিব পৰাৰ ক্ষমতাও বিজ্ঞানৰ আছে। 

Share:

Previous years questions Ssc Gd



प्रश्‍न 1- किस मौर्य राजा ने दक्‍कन पर विजय प्राप्‍त की थी।


उत्‍तर - कुणाल ने।


प्रश्‍न 2- मेगास्‍थीनीज द्वारा अपनी पुस्‍तक में समाज को कितने भागों में बाँटा गया था।


उत्‍तर - पाँच ।


प्रश्‍न 3- अर्थशास्‍त्र किससे सम्‍बन्धित है।


उत्‍तर - राजनीतिक नीतियों से ।


प्रश्‍न 4- पाटलिपुत्र में चन्‍द्रगुप्‍त मौर्य का महल किसका बना था।


उत्‍तर - लकडी का।


प्रश्‍न 5- किस अभिलेख में यह सिद्ध होता है कि चन्‍द्रगुप्‍त का प्रभाव पश्चिम भारत तक फैला हुआ था।


उत्‍तर - रूद्रदमन का जूनागढ़ अभिलेख।


प्रश्‍न 6- सर्वप्रथम भारतीय साम्राज्‍य किसने स्‍थापित किया।


उत्‍तर - चंद्रगुप्‍तमौर्य ।


प्रश्‍न 7- किस स्‍तम्‍भ में अशोक ने स्‍वयं को मगध का सम्राट बताया है।


उत्‍तर - भाब्रू स्‍तंभ।


प्रश्‍न 8- उत्‍तराखंड में अशोक का शिलालेख कहॉ स्थित है।


उत्‍तर - कालसी में।


प्रश्‍न 9- अशोक के शिलालेखों को पढ़ने वाला प्रथम अंग्रेज कौन था।


उत्‍तर - जेम्‍स प्रिंसेस।


प्रश्‍न 10- कलिंग युद्ध की विजय तथा क्षत्रियों का वर्णन किस शिलालेख में है।


उत्‍तर - 13वें शिलालेख में।


प्रश्‍न 11- कौन सा शासक जनता के सम्‍पर्क में रहता था।


उत्‍तर - अशोक ।


प्रश्‍न 12- किस ग्रंथ में चंद्रगुप्‍त मौर्य के लिए वृषल का प्रयोग किया गया है।


उत्‍तर - मुद्राराक्षस।


प्रश्‍न 13- किस राज्‍यादेश में अशोक के व्‍यक्तिगत नाम का उल्‍लेख मिलता है।


उत्‍तर - मास्‍की।


प्रश्‍न 14- श्रीनगर की स्‍थापना किस मौर्य शासक ने की।


उत्‍तर - अशोक ।


प्रश्‍न 15- किस ग्रंथ में शुद्रों के लिए आर्य शब्‍द का प्रयोग हुआ है।


उत्‍तर - अर्थशास्‍त्र में।


प्रश्‍न 16- किसने पाटलिपुत्र को पोलिब्रोथा कहा था।


उत्‍तर - मेगास्‍थनीज ने।


प्रश्‍न 17- मौर्य काल में एग्रनोमाई किसको कहा जाता था।


उत्‍तर - सड़क निर्माण अधिकारी को।


प्रश्‍न 18- अशोक के बारे में जानने के लिए महत्‍वपूर्ण स्‍त्रोंत क्‍या है।


उत्‍तर - शिलालेख।


प्रश्‍न 19- भारतीय लिखने की कला नहीं जानते है। यह किसने कहा।


उत्‍तर - मेगास्‍थनीज ने।


प्रश्‍न 20- बिन्‍दुसार की मृत्‍यु के समय अशोक एक प्रान्‍त का गवर्नर था, वह प्रान्‍त कौन सा था।


उत्‍तर - उज्‍जैन ।


प्रश्‍न 21- किस सैंधव पुरा स्‍थल से फर्श के निर्मित अलंकृत ईंटो का प्रयोग किया गया था।


उत्‍तर - कालीबंगा।


प्रश्‍न 22- उत्‍तर वैदिक काल के जानकारी का स्‍त्रोत क्‍या है।


उत्‍तर - यजुर्वेद, सामवेद तथा अथर्ववेद


प्रश्‍न 23- उत्‍तर वैदिक काल की विशेषता क्‍या है।


उत्‍तर - चित्रित घूसर, मृदभाण्‍ड तथा लोहा


प्रश्‍न 24- मनुष्‍य के जीवन को किन चार आश्रमों में बांटा गया है।


उत्‍तर - ब्रम्‍हचर्य, गृहस्‍थ, वानप्रस्‍थ तथा संन्‍यास


प्रश्‍न 25- नाटकों के मंचन को क्‍या कहा जाता था।


उत्‍तर - शैलूष।


प्रश्‍न 26- वैदिक काल का सबसे बड़ा और ज्‍यादा लौह पुंज कहां मिला है।


उत्‍तर - अतरंजीखेड़ा।


प्रश्‍न 27- धनवान व्‍यक्ति को क्‍या कहा जाता था।


उत्‍तर - इभ्‍य।


प्रश्‍न 28- उत्‍तर वैदिक काल में किन सिक्‍कों का जिक्र मिलता है।


उत्‍तर - निष्‍क, शतमान तता कष्‍णल।


प्रश्‍न 29- मिट्टी के एक विशेष प्रकार के बनाए बर्तन को क्‍या कहा जाता था।


उत्‍तर - चित्रित धूसर मृदभाण्‍ड।


प्रश्‍न 30- 24 बैलों द्वारा खींचे जाने वाले हलों का उल्‍लेख कहां मिलता है।


उत्‍तर - काठक।


प्रश्‍न 31- किस उपनिषद में उन्‍न को ब्रम्‍हा कहा गया है।


उत्‍तर - तैत्तिरीय उपनिषद ।


प्रश्‍न 32- यजुर्वेद में हल को क्‍या नाम दिया गया है।


उत्‍तर - सीर।


प्रश्‍न 33- उत्‍तर वैदिक काल के महत्‍वपूर्ण देवता थे।


उत्‍तर - प्रजापति।


प्रश्‍न 34- शुद्रों के देवता के रूप में कौन प्रचलित थे।


उत्‍तर - पूषन।


प्रश्‍न 35- राज्‍याभिषेक का किस वेद में उल्‍लेख है।


उत्‍तर - अर्थवेद।


प्रश्‍न 36- छोटे न्‍यायालय को क्‍या कहा जाता था।


उत्‍तर - ग्राम्‍य वादिन।


प्रश्‍न 37- उत्‍तर वैदिक यज्ञ कौन कौन से थे।


उत्‍तर - राजसूय, वाजपेय, अश्‍वमेघ, अग्निष्‍टोम


प्रश्‍न 38- पुनर्जागरण की शुरूआत कहां से मानी गई है।


उत्‍तर - इटली के फ्लोरेंस नगर।


प्रश्‍न 39- किस व्‍यक्ति ने गाँधीजी के नमक सत्‍याग्रह की तुलना नेपोलियन की पेरिस यात्रा से की थी।


उत्‍तर - सुभाषचन्‍द्र बोस।


प्रश्‍न 40- फ्रांसीसी ईस्‍ट इंडिया कंपनी की स्‍थापना किस वर्ष हुई थी।


उत्‍तर - 1664 ई. में


Share:

বৰগীত কাক বোলে ?,বৰগীত সমূহ, বৰগীত সমূহ বৰগীত class 11 বৰগী কি ৰাগত বন্ধা আছে বৰগীত ৰাগ বসন্ত মাধৱদেৱৰ বৰগীত সংখ্যা বৰগীত মূলভাব,


বৰগীত কাক বোলে ?

অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোঁতাশ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত hiমাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্বিক ভাৱ পূৰ্ণনিৰ্দিষ্ট ৰাগ বিশিষ্টএক বিশেষ শৈলীৰে গোৱা গীত সমুহকেই বৰগীত বোলা হয় ৷ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখাৰে ব্রজাৱলী ভাষাত ৰচিত এই বৰগীত সমুহ হৈছে দুজনা গুৰুৰ এক অপূৰ্ৱ সৃষ্টি ৷

বৰগীতৰ বিষয়বস্তু বোৰ কি কি - 



বালগোপালৰ বিভিন্ন প্ৰকাৰৰ শিশু লীলাযেনে - দুষ্টালিখেল-ধেমালিচৌৰ্য্য- চাতুৰিভেম-পেঁচগোপ কৃষ্ণৰগোপী লীলাযেনে- গোপীৰ লগত কৰা বিভিন্ন ক্ৰিয়া- নৃত্যাদিৰ মনোজ্ঞ আৰু আমোদজনক চিত্ৰ;গোপীনিীৰ বিৰহ আৰু কৃষ্ণ প্ৰেমৰ ব্যাকুলতাউদ্ধৱৰ বান্ধৱ কৃষ্ণৰপ্ৰতি থকা প্ৰেম আৰু ভক্তি ; কৃষ্ণ- বিহীন বৃন্দাবনৰ অন্ধকাৰ চিত্ৰঁও অতি সুন্দৰকৈ এনে গীতত অংকিত হৈছে |
কোনো কোনো বৰগীতত মানৱ জীৱনৰ নশ্বৰতাধন-জনৰূপ-যৌৱনৰ অস্থায়িত্বকাম-ক্ৰোধাদি ৰিপুবোৰৰ দৌৰাত্ম আৰু ,আনহাতে ভক্তিৰ মাহাত্ম্যমুক্তিৰ বাবে ভক্তৰ ভগৱানৰ চৰণত আত্মসমৰ্পণ আদি পাৰমাৰ্থিক তত্বও বৰ্ণিত হৈছে |
শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ)টা গীত পোৱা যায়জনপ্ৰবাদ অনুসৰি তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দূৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে |
মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি পোৱা যায় যদিও বৰ্তমান সৰ্বমুঠ নকুৰি(এশ আশী) মান গীতহে পোৱা যায়| অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে |
বৰগীতৰ সাহিত্যিকসাংগীতিক আৰু আধ্যাত্মিক মূল্য অসমীয়াসংষ্কৃতিৰ এক অপূৰ্ৱ সম্পদ 




চমুকৈ লিখা

প্রঃ  কাক বােলে ?

উঃ (ক) শঙ্কৰদেৱ আৰু মাধৱদেৱৰ ৰচিত গীতসমূহকে বৰগীত বােলে। 
(খ) “আধ্যাত্মিক ভাৱ, তাৰ উপযােগী মার্জিত ভাষা আৰু স্বর্গীয় ৰাগ থকা প্রাচীন গীতক বৰগীত বােলে।” 


প্রঃ বিভিন্ন পণ্ডিতে বৰগীতক কি বুলি আখ্যা দিছে?

উঃ (১) ড° বাণীকান্ত কাকতি—Noble Numbers, Noble Song. 
(২) কালিৰাম মেধি— Great Song, Song Celestial. 
(৩) দেবেন্দ্রনাথ বেজবৰুৱা- Holy Song


প্রঃ ড° মহেশ্বৰ নেওগে বৰগীতক বৰগীত বােলাৰ কেইটা বৈশিষ্ট্য দাঙি ধৰিছে ?

উঃ চাৰিটা। 


প্রঃ এই বৈশিষ্ট্যকেইটা কি কি?

উঃ (ক) বিষয়বস্তুৰ সংযমশীলতা বা সংযম, 
(খ) বৰগীতৰ ভাষা, 
(গ) সুৰৰ বৈশিষ্ট্য
(ঘ) চৈধ্য প্রসঙ্গৰ পৰিক্ৰমাত সিবিলাকৰ স্থান। 


প্রঃ চৰিত পুথিৰ মতে গুৰুজনে কিমান বৰগীত লিখিছিল?

উঃ বাৰ কুৰি। 


প্রঃ বনপােৰা জুইত পােৰাৰ পিছত কিমান বৰগীত ৰক্ষা পৰিল?

উঃ ৩৪টা। 


প্রঃ যিজন ভকতে বৰগীতৰ পুথিখন আওৰাবলৈ নি জুইত পােৰালে তেওঁৰ নাম কি?

উঃ বৰপেটাৰ কমলা গায়ন। 


প্রঃ বৰগীতৰ ভাষা কি?

উঃ ব্ৰজাৱলী। 


প্রঃ হিন্দুস্থানী বড়গানা’ৰ লগত বৰগীতৰ কিবা সম্বন্ধ আছেনে?

উঃ নাই। 


প্রঃ শাস্ত্রীয় সঙ্গীতৰ নিয়ম মানিলেই বৰগীত হ’বনে ?

উঃ নহয়। 


প্রঃ শঙ্কৰদেৱৰ বৰগীতসমূহত তালৰ উল্লেখ আছেনে?

উঃ ষড় ছন্দৰ গীত’ বােলা তিনিটা গীতৰ বাদে বাকীবিলাক গীতত তালৰ উল্লেখ নাই। 


প্রঃ বৰগীতৰ প্ৰধান ভাগ কেইটা? সেই ভাগকেইটা কি কি?

উঃ ছটা। লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চৌর্য আৰু চাতুৰী। 


প্রঃ লীলা বিষয়ক বৰগীতসমূহক আৰু ভাগ কৰিব পাৰিনে?

উঃ পৰম পুৰুষ ভগৱন্তৰ লীলা বিষয়ক বৰগীতসমূহ জাগৰণ, খেলন, চলন, নৃত্য আদি ভাগত ভগাব পাৰি। 


Share:

অসমৰ ইতিহাস আৰু সংস্কৃতি, assam history and culture ,assam history and culture pdf ,history of assamese culture ,assam history and culture gk,assam history and culture mcq , assam history and culture gk pdf , assam history and culture book pdf

 অসমৰ ইতিহাস আৰু সংস্কৃতি




অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ । যাক পিছত কামৰুপলৈ সলনি কৰা হৈছিল।  





প্ৰাক-ঐতিহাসিক প্ৰত্নতাত্ত্বিক সময়ৰ  




সৈতে সম্পৰ্কিত অসমত কোনো ধৰণৰ মানৱ বসতি উপস্থিতিৰ প্ৰমাণৰ পোৱা নাযায়  ।  নৱপ্ৰস্ত যুগত অসমৰ সংস্কৃতি ছয়টা পৃথক ভাগত ভাগ কৰা হয় : কাচাৰ পাহাৰ অঞ্চল , সদিয়াৰ সীমান্ত অঞ্চল, নাগা পাহাৰ অঞ্চল, খাছি পাহাৰ অঞ্চল, গাৰো পাহাৰ অঞ্চল, আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল। প্ৰাচীন ইতিহাসত কামৰুপৰ প্ৰাচীন শাসকক মহিৰঙ্গ দানব বুলি উল্লেখ কৰা হৈছিল।  সেই সময়ৰ কামৰূপৰ শ্রেষ্ট ৰজা আছিল নৰকাসুৰ । নৰকাসুৰ ৰ উত্তৰ পুৰুষ সকলে  উনৈশ প্ৰজন্মৰ লৈকে  ৰাজ্য শাসন কৰিছিল ।  কিছুমান বুৰঞ্জী বিদৰ মতে ,ভাস্কৰ বৰ্মণৰ ৰাজত্ব কালত  হীউ এন  ছাং-এ  ভ্ৰমণ কৰিবলৈ আহিছিল আৰু কিছুমান ঐতিহাসিক তথ্য বৰ্ণনা কৰিছিল । ১৩ শ শতিকাৰ আৰম্ভণিৰ সময়ত মোহাম্মদ বিন বখতিয়াৰ খিলিজীয়ে কামৰূপ দখল কৰিছিল। পৰৱৰ্তী পাঁচ শতীকা লৈকে, অসমত মুছলমান সকলৰ আক্ৰমণ চলিছিল ।  


সেই সময়ত    অসমত ১২২৮ চনত আহোম  নামৰ এক অতি শক্তিশালী ৰাজবংশৰ উত্থান হয় আৰু ১৮২৬ চনত  ইংৰাজ সকলৰ লগত মুখা মুখি হয়। ১৭শ শতিকাৰ প্ৰায়ভাগ সময় আহোম-মোগলৰ সংঘর্ষ দেখা যায় । যাৰ ফলত ১৬৭১ চনৰ শৰাইঘাট যুদ্ধ সৃষ্টি হয় আৰু  মোগল সকল আহোমৰ হাতত  পৰাস্ত হয় । আহোম সকলৰ সমস্যা ১৮ শ শতিকা লৈ অব্যাহত থাকে আৰু মোৱামৰীয়া বিদ্ৰোহৰ পিছৰ পৰা আহোম বংশৰ পতন আৰম্ভ হয় ।  ১৯ শতিকাৰ প্ৰথম ভাগত মানৰ আক্ৰমণৰ বাবে আহোম সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হব লগীয়া হয় । প্ৰথম এংলো-বাৰ্মা যুদ্ধত ব্ৰহ্মদেশ পৰাজিত হয় আৰু ১৮২৬ চনত ইয়াণ্ডাবু চুক্তিৰ পাছত অসমৰ নিয়ন্ত্ৰণ ইংৰাজৰ হাতলৈ যায়।  শ্ৰীমন্ত্ৰ শকাৰদেৱৰ নেতৃত্বত ১৫শ শতিকাত বৈষ্ণৱ আন্দোলনে অসমীয়া সংস্কৃতিৰ বাবে এক নতুন মাত্ৰা ৰূপ লৈছিল । 





এই আন্দোলনৰ দ্বাৰা ভাষা, সাহিত্য আৰু ললিতকলা পৰিবেশন কৰাত যথেষ্ট অৱদান আগবঢ়া দেখা গৈছিল । অসমীয়া  সংস্কৃতিৰ মহত্ত্ব পূৰ্ণ প্ৰতিকাত্মক তত্ত্ব হিচাপে 'তামুল-পান' , 'শৰাই' আৰু 'গামোচা' এই তিনিটা উপাদানক  আলোকপাত কৰা হয়  । গামোচা খনৰ এক মহান তত্ব আছে আৰু ই অসমীয়া  লোকৰ জীৱন আৰু সংস্কৃতিক  উপস্থাপন কৰে।  দুগ-দুগী, গাম-খাৰু, ধল-বিৰি, আৰু কেৰু আদিৰ দৰে পাৰম্পৰিক সোণৰ গহনা বোৰ  বিশ্ববিখ্যাত। অন্যহাতে, অসম ৰ তাঁতশিল্প  ইয়াৰ স্বপ্ৰসিদ্ধ থলুৱা মুগা ৰেচম, পাট ৰেচম, আৰু এৰি ৰেচমৰ বাবেও বিখ্যাত।





English 



The ancient name of Assam was Pragjyotishpur which was later changed into Kamrupa.There is a lack of evidence of the presence of human settlement in Assam belonging to pre-historic archaeological times.The Neolithic culture of Assam falls into six distinct zones: Cachar Hills Zone, Sadiya Frontiers, Naga Hills Zone, Khasi Hills Zone, Garo Hills Zone, and Brahmaputra Valley Zone. In ancient history, the earliest ruler of Kamrupa was mentioned as Mahirang Danav.Narak Asur who was a powerful ruler of Kamrupa belongs to that period. The descendants of Narak Asur continue to rule the kingdom for nineteen generations.Some historical information was mentioned by Hieun Tsang who visited Kamrupa during the rule of Bhaskar Varman.Narak Asur who was a powerful ruler of Kamrupa belongs to that period. The descendants of Narak Asur continue to rule the kingdom for nineteen generations.Some historical information was mentioned by Hieun Tsang who visited Kamrupa during the rule of Bhaskar Varman....................




Share:

জি এছ টি (GST),জি এছ টি আৰু ইয়াৰ সন্দৰ্ভ,সামগ্ৰী আৰু সেৱা কৰ(জি এছ টি/GST), জি এছ টি ,জি এছ টি দ্ৰব্য আৰু সেৱা কৰ,সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টি,কেন্দ্ৰীয় চৰকাৰৰ জি এছ টি, জি এছ টি ৰ অৰ্থ আৰু গুৰুত্ব জি এছ টি গুৰুত্ব জি এছ টি ইয়াৰ অৰ্থ আৰু গুৰুত্ব জি এছ টিৰ গুৰুত্ব সম্পত্তি বিবাহ আৰু নিয়োগৰ ক্ষেত্ৰত মহিলাৰ অধিকাৰ সংক্ৰান্ত সচেতনতা Gst ৰ গুৰুত্ব বস্তু আৰু সেৱা কৰ ইয়াৰ অৰ্থ Gst ৰ অৰ্থ আৰু গুৰুত্ব

সামগ্ৰী আৰু সেৱা কৰ বা Goods and Services Tax

পহিলা জুলাই ২০১৭ চনৰ পৰা ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰ বিধেয়কখন বলবৎ কৰা হ'ব । ভাৰতবৰ্ষত স্বাধীনতা পিছত এইয়ে হৈছে প্ৰথমটো সৰ্ব্ববৃহৎ কৰ সংস্কৰণ । ২০০৩ চনত কেলকাৰ টাস্ক ফ'ৰচৰ পৰামৰ্শৰ পৰা আৰম্ভ কৰি এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত এই বিধেয়কখন ২০১৬ চনৰ ৩ আগষ্ট তাৰিখে আমাৰ দেশৰ সংবিধানৰ ১২২ নং সংশোধনী হিচাপে গৃহীত কৰা হয় । এই বিধেয়কখনৰ মুখ্য উদ্দেশ্য হ'ল এখন ৰাষ্ট্ৰ, এখন বজাৰ, এটা কৰ । সামগ্ৰী আৰু সেৱা কৰ হৈছে পৰোক্ষ কৰ সমূহৰ একত্ৰিতকৰণ । আমাৰ দেশত দুই ধৰণৰ কৰ আছে ; প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ । প্ৰত্যক্ষ কৰসমূহ হ'ল যেনে আয়কৰ (Income Tax) , কৰ্পোৰেট বা যৌথ-কোম্পানী কৰ (Corporate Tax), সম্পত্তিৰ কৰ (Property Tax) ইত্যাদি । বৰ্তমান সময়ত আমাৰ দেশত চলি থকা পৰোক্ষ কৰসমূহ হ'ল আবকাৰী কৰ, (Excise Duty), অতিৰিক্ত আবকাৰী কৰ (Additional Excise Duty), সেৱা কৰ (Services Tax), কিনা-বেচাৰ শুক্ল বা কাষ্টম (Custom Duty), কেন্দ্ৰীয় বিক্ৰী কৰ (Central Sales Taxes), ৰাজ্যিক বিক্ৰী কৰ (State Sales Tax), আমোদ প্ৰমোদৰ কৰ (Entertainment Tax), নগৰ শুক্ল (Octroi Duty) আৰু প্ৰবেশ কৰ (Entry Tax), ক্ৰয় কৰ (Purchase Tax), বিলাসিতা কৰ (Luxury Tax), ইত্যাদি । একেটা সামগ্ৰীৰ ওপৰত বিভিন্ন ধৰণৰ পৰোক্ষ কৰ প্ৰযোজ্য হোৱাৰ বাবে প্ৰত্যক্ষ কৰসমূহৰ তুলনাত পৰোক্ষ কৰসমূহ সংগ্ৰহ কৰাতে চৰকাৰী কৰ্তৃপক্ষ বেছি অসুবিধাত পৰে । যাৰ সুবিধা এচাম অসাধু ব্যৱসায়ীয়ে সদায় লাভ কৰি আহিছে আৰু চৰকাৰী কৰ্তৃপক্ষই প্ৰতিটো বিত্তীয়বৰ্ষত এক বুজন পৰিমানৰ ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত হৈ আহিছে । যাৰ ফলত আমাৰ দেশখনৰ বাজেটখন সদায় ঘাটি হৈ থাকিবলগীয়া হৈছে । উদাহৰণস্বৰূপে, আপোনাৰ ঘৰখনৰ বাজেতখন যদি ঘাটি হৈ থাকে, আপুনি জানো সদায় ধাৰলৈ চলিব পাৰিব বা ভৱিয্যতে কোনো পৰিকল্পনা আনৰ সহায় নোলোৱাকৈ কৰিব পাৰিব নে ? হয়তো, আপোনাৰ ঘৰখনৰ আন সদস্যসকলৰ উপাৰ্জন পৰিমাণ আপোনাৰ ঘৰৰ বাজেটখন পৰিমাণকৈ বহু বেছি, তথাপিও কিন্তু আপোনাৰ ঘৰখনৰ বাজেট ঘাটি হৈয়ে থাকে । ইয়াৰ প্ৰকৃত অৰ্থ হ'ল আপোনাৰ ঘৰখনৰ আটাইকেইজন সদস্যই ঘৰখনৰ বাজেটখনলৈ সঠিক ভাবে অৰিহণা যোগান ধৰা নাই, যাৰ বাবে ঘাটি হৈ থাকে । আমাৰ দেশৰ বাজেটখনৰো প্ৰায় অৱস্হা, সকলো আয়ৰ শিতানৰ পৰা চৰকাৰে সঠিক ভাবে কৰ আহৰণ কৰিব পৰা নাই । নহ'লেনো পৃথিৱীৰ ১০০ জন ধনীলোকৰ তালিকাত ১০ জনৰো অধিক ভাৰতীয়লোক থকাৰ পাছতো আজি ৭০ বছৰে আমাৰ দেশৰ বাজেট ঘাটি হৈ থাকিবলগীয়া হয়নে ! আমাৰ দেশৰ এটি বিত্তীয় বৰ্ষৰ সৰ্বমুঠ বাজেটৰ শিতানৰ পৰিমান হ'ল ১৯ লাখ কোটি টকা আৰু এটি বিত্তীয় বৰ্ষতে ভাৰতবৰ্ষত কলা ধনৰ সৃষ্টি হয় প্ৰায় ৭০ লাখ কোটি টকা । আমাৰ দেশৰ বজাৰখনেই হ'ল আচলতে কলা ধনৰ প্ৰধান উৎস । সেইবাবে আমাৰ দেশৰ বজাৰখনত প্ৰযোজ্য হৈ থকা পৰোক্ষ কৰ সমূহৰ এক বৈপ্লবীক পৰিবৰ্তন সাধন কৰিবলৈ জিএছটি বলবৎ কৰা হৈছে । মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে সাংসদত তেওঁৰ বক্তব্যত উল্লেখ কৰিছে যে জিএছটি য়ে আমাৰ দেশত থকা কৰ সন্ত্ৰাসবাদীসকলৰ (Tax Terrorism) অন্ত পেলাব । আশা কৰা হৈছে যে ৫ পৰা ১০ বছৰৰ ভিতৰত আমাৰ দেশৰ ঘাটি বাজেট ৰাহি বাজেটলৈ পৰিবৰ্তন হ'ব আৰু আমাৰ দেশ প্ৰকৃতাৰ্থৎ স্বনিৰ্ভৰশীল হ'ব পাৰিব । 




সামগ্ৰী আৰু সেৱা কৰ বা জিএছটি হৈছে আমাৰ দেশত প্ৰযোজ্য হৈ থকা বিভিন্ন ধৰণৰ পৰোক্ষ কৰসমূহৰ সংমিশ্ৰণৰ একত্ৰিকৰণৰ সূত্ৰ । ইয়াত সামগ্ৰী আৰু সেৱাৰ ওপৰত কোনো ধৰণৰ পাৰ্থক্য ৰখা হোৱা নাই । জিএছটি হৈছে কোনো এটা বস্তুৰ উৎপাদনৰ পৰা উপভুক্তাকৈ হস্তান্তৰ কৰোতে প্ৰযোজ্য হোৱা বিভিন্ন পৰোক্ষ কৰসমূহৰ বিপৰীতে একক পৰোক্ষ কৰ পদ্ধতি । ই হৈছে জটিল আৰু ব্যাপক কম্পিউটাৰৰ তথ্য প্ৰযুক্তিৰে (IT, Information innovation) সমৃব্ধ এক আধুনিক পৰোক্ষ কৰ পদ্ধতি । যি উৎপাদনকাৰীসকল, মধ্যস্হতাকাৰী ব্যৱসায়ীসকলৰ পৰা উপভুক্তাসকলকো একেখন মঞ্চতে অন্তৰ্ভুক্ত কৰিব । প্ৰতিটো স্হৰতে 'ইনপুট ট্যাক্ ক্ৰেডিট' (input charge credit)ৰ বা এবিধ সামগ্ৰী ক্ৰয় কৰোতে আদায় দিয়া কৰ, সামগ্ৰীবিধ বিক্ৰীৰ কৰোতে আদায় দিব লগা কৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্হাৰ কৰাৰ লগতে যোগ মৃল্যৰ ওপৰতহে কৰ বা ভেট (Vat) পৰিশোধ কৰা ব্যৱস্হা কৰা হৈছে । যোগান প্ৰক্ৰিয়াত উৎপাদনকাৰী,মধ্যস্হতা ব্যৱসায়ীসকলৰ ভিতৰত যদি কোনো এজনে কৰ ফাঁকি দিয়ে, তেতিয়া পিছৰজন ব্যৱসায়ীয়ে 'ইনপুট ট্যাক্ ক্ৰেডিট'ৰ পৰা বঞ্চিত হ'ব আৰু পদ্ধতিটোৰ সহায়ত কৰ ফাঁকি দিয়াজন ধৰা পৰিব । জিএছটিৰ হাৰ পাঁচটা শিতাণত নিৰ্ধাৰণ কৰা হৈছে যেনে ০ শতাংশৰ, ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ । নিত্য প্ৰয়োজনীয় আৰু কৃষিজাত সামগ্ৰীসমূহত শূণ্য শতাংশ বা কম আৰু বিলাসী সামগ্ৰী সমূহৰ ওপৰত ২৮ শতাংশ বা বেছি জিএছটিৰ হাৰ ধাৰ্য্য কৰা হৈছে । আমাৰ দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ (Federal Structure) প্ৰতি লক্ষ্য ৰাখি জিএছটিক তিনিটা ভাগত বিভক্ত কৰা 

Share:

ইন্টাৰনেটৰ তিতা – মিঠা – সমাধান,ইন্টাৰনেটৰ তিতা - মিঠা দশমশ্ৰেণী || Assamese Question Answer Class 10 ||Class 10 Assamese Lesson 9 ইন্টাৰনেটৰ তিতা মিঠা 2020,ইন্টাৰনেটৰ তিতা-মিঠা, ড০ প্রণয়ী দত্ত,Class 10 Assamese পাঠ-9 ইন্টাৰনেটৰ তিতা – মিঠা – সমাধান


ইন্টাৰনেটৰ তিতা-মিঠা

                                     ড০ প্রণয়ী দত্ত

ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? 


উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীর্ণ হোৱাৰ বাবে দেউতাকে 


কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল৷ 


                                    

ইন্টাৰনেটৰ তিতা মিঠা



খ) ইন্টাৰনেট কি? 


উ্ত্তৰঃ ইন্টাৰনেট হৈছে বিশ্বব্যাপী থকা কম্পিউটাৰৰ এক নেটৱর্ক ব্যৱস্থা৷ 


'ইন্টাৰকানেকশ্যন অৱ নেটৱর্ক' শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজনেৰে ইন্টাৰনেট 


শব্দটো সৃষ্টি হৈছে৷ 

                                    

ইন্টাৰনেটৰ তিতা মিঠা



গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল? 


উত্তৰঃ দেউতাকৰ চাকৰিসূত্ৰে মস্কোলৈ পঢি়বলৈ যোৱা কুঁৱলীৰ অন্তৰংগ বান্ধবী 


শ্বেৰণলৈ কুঁৱলীয়ে প্ৰথমে ই-মেইল কৰিছিল৷ 


ঘ) পূজাৰ বন্ধত কুঁৱলীহতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? 


উ্ত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁত সপৰিয়ালে দিক্ষণ ভাৰতলৈ ফুৰিবলৈ যোৱাৰ 


সিদ্ধান্ত লৈছিল৷ 

                                                   

ইন্টাৰনেটৰ তিতা মিঠা

ঙ) ভাইৰাচ কি? 


উ্ত্তৰঃ ভাইৰাচ শব্দটোৰ সম্পূর্ণ ৰূপ হৈছে 'ভাইটেল ইনফৰমেচন ৰিচ'ৰ্চে চ 


আন্ডাৰ চেইজ' (Vital Information Resources under Seized)৷ 


ক্ম্পিউটাৰ ভাইৰাচ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা কম্পিউটাৰ 


প্ৰগ্ৰেম৷ 

                                                

ইন্টাৰনেটৰ তিতা মিঠা

২) www বা ৱেব কি? 


উ্ত্তৰঃ www শব্দটোৰ সম্পূর্ণ ৰূপ হ'ল 'ৱৰ্ল্ড ৱাইড ৱেব'(World Wide 


Web)৷ ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পৃথিৱীখ্যাত 'চার্ণ' 


গৱেষণাকেন্দ্ৰত 'ৱৰ্ল্ড ৱাইড ৱেব'ৰ ধাৰণাটো অংকুৰিত হৈছিল৷ পৃথিৱীজুৰি 


সিঁচৰিত হৈ থকা লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন 


তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে এই www বা ৱেব৷ ইয়াত তথ্যবোৰ টেক্সট, 


গ্ৰাফিকচ, ভিডিঅ', অডিঅ' আদি মাধ্যমত 'ষ্ট'ৰ' হৈ থাকে৷ 


৩) কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব 


পাৰিলে? 


উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ যোগেদি বন্ধু-বান্ধবীৰ পৰা তেওঁ লোকৰ দেশ ভ্ৰমণৰ 


চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব 


পাৰিলে৷ 


৪) ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? 


উ্ত্তৰঃ ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে আনলৈ ই-মেইল প্ৰেৰণ কৰিব পাৰিলে৷ 


ভিডিঅ' কলিঙেৰে দূৰ দেশৰ বান্ধবীৰ লগত মুখামুখীকৈ কথা পাতিব পাৰিলে৷ 


বিজ্ঞান বিষয়ৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকিলে৷ দিক্ষণ ভাৰত 


ফুৰিবলৈ যোৱাৰ সময়ত কুঁৱলীয়ে ইন্টাৰনেটৰ সহায়তে টিকট, হোটেল আদি বুক 


কৰিলে৷ আনকি ই-বেংকিং ব্যৱস্থাৰ লগতো তাইৰ পৰিচয় হ'ল৷ কম্পিউটাৰত 


ভাইৰাচৰ আক্ৰমণৰ ফলত হোৱা সমস্যাৰ লগতো তাই পৰিচিত হ'ল৷ লগতে 


পঢ়া-শুনাতো সমস্যাৰ সৃষ্টি হ'ল আৰু পৰীক্ষা বেয়া হ'ল৷ ইয়াৰ লগতে 


ইন্টাৰনেটৰ ৰঙীণ জগতখনৰ ফলত যেন তাই পৰিয়ালৰ মানুহবোৰৰ পৰা 


ক্ৰমাৎ আঁতৰি আহিবলৈ আৰম্ভ কৰিছে সেই অনুভৱো হ'ল কুঁৱলীৰ৷ 


৫) ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? 


উ্ত্তৰঃ ভাইৰাচ শব্দটোৰ সম্পূর্ণ ৰূপ হৈছে 'ভাইটেল ইনফৰমেচন ৰিচ'ৰ্চে চ 


আন্ডাৰ চেইজ' (Vital Information Resources under Seized)৷ 


ক্ম্পিউটাৰ ভাইৰাচ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা কম্পিউটাৰ 


প্ৰগ্ৰেম৷ ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি 


সেইবোৰত বিজুতি ঘটাব পাৰে৷ 


৬) 'ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে৷'- কথাষাৰৰ 


বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত 


বুজাই লিখা৷ 


উ্ত্তৰঃ 'ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে৷'- এই 


কথাষাৰৰ বক্তা আছিল শ্বাবানা বাইদেউ৷ 


আন সকলো ভৌতিক বস্তুৰ দৰেই ইন্টাৰনেটৰো ভাল আৰু বেয়া দুয়োটা দিশ 


আছে৷ ইন্টাৰনেটৰ প্ৰচলনৰ ফলত হোৱা সুবিধাসমূহ হ'ল – 


ক) ই পৃথিৱীখনক এখন গাঁৱলৈ ৰূপান্তৰ কৰিছে৷ 


খ) ব্যৱসায়-বাণিজ্য, যোগাযোগ, পৰিবহন আদিবোৰ পৰিচালনা সহজ হৈছে৷ 


গ) শিক্ষা, স্বাস্থ্য আদি দিশৰ জ্ঞান অর্জন সহজ হৈ পৰিছে৷ 


আনহাতে, ইন্টাৰনেটৰ প্ৰচলনৰ ফলত ভালেমান অসুবিধাও আহি পৰিছে৷ তেনে 


কেতবোৰ অসুবিধা হ'ল – 


ক) ইন্টাৰনেটৰ অবাধ প্ৰচলনৰ ফলত বিভিন্ন চ'চিয়েল মিডিয়াত নতুন প্ৰজন্ম 


সোমাই পৰিছে৷ ফলত তেওেঁলাকে খেলা-ধূলা, পঢ়া-শুনা সকলোবোৰলৈ পিঠি 


দিছে৷ 

                                ইন্টাৰনেটৰ তিতা মিঠা

খ) চ'চিয়েল মিডিয়াসমূহৰ মাধ্যমেৰে বহুতো ভুৱা বাতৰি প্ৰচাৰিত হয়৷ ইয়াৰ 


দ্বাৰা বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ লগতে সমাজত ভয়ানক সমস্যাৰো সৃষ্টি হ'ব পাৰে৷ 


গ) ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত সমাজখনৰ লগত নতুন প্ৰজন্মৰ সম্পর্ক 


দ্ৰুতগতিত কমি গৈছে৷ মানুহবোৰ আত্মকেন্দ্ৰীক হ'বলৈ আৰম্ভ কৰিছে৷ 


৭) 'ইন্টাৰনেটৰ তিতা-মিঠা' গল্পটোৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা৷ 


উত্তৰঃ একোটা গল্পৰ নামকৰণত সাধাৰণতে তিনিটা বিষয়ে স্থান পোৱা দেখা 

যায়৷ 


                            

ইন্টাৰনেটৰ তিতা মিঠা

ক) কেন্দ্ৰীয় ভাৱ খ) মূল চৰিত্ৰ আৰু গ) বিষয়বস্তু 

'ইন্টাৰনেটৰ তিতা-মিঠা' নামৰ গল্পটোত কেন্দ্ৰীয় ভাৱ আৰু বিষয়বস্তু দুয়োটা 

দিশেই স্থান পোৱা দেখা যায়৷ গল্প


.................................................................................

ইন্টাৰনেটৰ তিতা-মিঠা,


.............................................................     

ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে 




 ‘

ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা ।




✂ ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্র-ছাত্রীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা । 

 ইণ্টাৰনেটৰ মিঠা/সুবিধা/সুফল/সুযোগ সমূহ হ’লঃ

                                

ইন্টাৰনেটৰ তিতা মিঠা

 (ক)ইণ্টাৰনেটৰ সহায়ত বিজ্ঞান, কলা আৰু আন সকলো ক্ষেত্রৰ বিষয়সমূহ ইণ্টাৰনেটৰ মাধ্যমেৰে জানিব পাৰি । 


 (খ)ইণ্টাৰনেটৰ মাধ্যমেৰে শব্দবোৰৰ পৃষ্ঠাজুৰি বিৱৰণ পাব পাৰি । (গ)সমগ্র বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ আছে ।


 (ঘ) দেশ ভ্রমণৰ চাক্ষুস অভিজ্ঞতা আরু নিজস্ব দৃষ্টিভংগীৰ ৰোমাঞ্চকৰ সোৱাদ ইমেইলৰ মাধ্যমেদি প্রেৰণ বা গ্রহণ কৰি চাব পাৰি ।

 (ঙ) ইমেইলৰ জৰিয়তে ভিডিঅ’ কলিং ব্যৱহাৰ কৰি মুখা-মুখিকৈ বহি কথা পাতিব পাৰি ।

 (চ) ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ নানান পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকিব পৰা যায় । 

 (ছ) নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা গীতসমূহ আৰু খেলা-ধূলা উপভোগ কৰি মন প্রফুল্লিত কৰিব পাৰি ।


 (জ)টিকট কটা, হোটেলৰ বন্দৱস্ত কৰা, হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটো পৰিদৰ্শন কৰা লগতে ই-বেংকিঙৰ সহায়ত ভাৰাসমূহ জমা দিয়া আদি কামসমূহ কৰিব পাৰি ।


 (ঝ) নেট আৰু ই-কমাৰ্চৰ মাধ্যমেৰে ভ্রমণৰ সাজ-পোছাক আৰু অন্যান্য লাগতিয়াল সা-সামগ্রীসমূহ ঘৰতে বহি ক্রয় কৰি সময় আৰু কষ্ট লাঘৱ কৰিব পাৰি । ইণ্টাৰনেটৰ তিতা/অসুবিধাসমূহ/কুফলসমহ/প্রতিবন্ধকতাসমূহঃ 


 (ক) ফেচবুক, ৱাটচএপ আদি চ’চিয়েল মিডিয়াৰ বাবে নতুন প্রজন্মই কিতাপ আৰু খেলা-ধূলাৰ পৰা আতৰি গৈছে । (খ) ফেচবুক, ৱাটছএপ, টুইতাৰ, ইউ টিউব আদিত বহুতো মিছা আৰু ভুৱা বাতৰি সমাজত প্রচলিত হৈ ভয়ানক সমস্যাৰ সৃষ্টি হয় ।


 (গ) কিছুমান বিশ্বাসযোগ্যতাৰ প্রমাণ নোহোৱা বাতৰিও চ’চিয়াল মিডিয়াৰ মাধ্যমেদি প্রচাৰ হয় ।


 (ঘ) ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে সমনীয়া বা বয়োজ্যেষ্ঠসকলৰ প্রতি থকা বন্ধুত্ববোধ আৰু দায়িত্ববোধ ক্রমান্বয়ে হ্রাস কৰিছে । 


 (ঙ) ইণ্টাৰনেটৰ ব্যৱহাৰত কৰা সময়ৰ অপচয়ে পঢ়া আৰু সমাজৰ প্রতি থকা দায়বদ্ধতা অক্ষুণ্ণ ৰখাত সমস্যাৰ সৃষ্টি হৈছে । 


 (চ)ফেচবুক, ৱাটছএপ, টুইতাৰ, ইউ টিউব আদিৰ মেচেজবোৰতে স্কুল, কলেজ, অনুষ্ঠান, গাড়ীত যাত্রা কৰোতে আদি সকলোতে প্রায় সকলো নতুন প্রজন্ম ব্যস্ত থাকে ।  


 (ছ) শেহতীয়াকৈ, ইণ্টাৰনেটৰ মাধ্যমত উপলব্ধ গেম বা খেলবোৰে নতুন প্রজন্মৰ সময়, পঢ়া আৰু আন আন সু চিন্তা আরু কাৰু -কাৰ্যসমূহত বাধাৰ সৃষ্টি কৰিছে । 


 (জ) ইণ্টাৰনেটে বাহিৰা কিতাপ, বাতৰি কাকত, আলোচনী আদিৰ লগত শিক্ষার্থীসকলৰ সম্পর্ক হ্রাস কৰিছে ।     


এনেদৰে “ইণ্টাৰনেটৰ তিতা-মিঠা” পাঠটিত নাম অনুসাৰে ইণ্টাৰনেটৰ মিঠা/সুবিধা/সুফল/সুযোগ সমূহক ব্যক্ত কৰিছে আৰু আনহাতে তিতা/অসুবিধা/কুফল/দুৰ্যোগ সমূহক উপস্থাপন কৰিছে ।.................................

ইন্টাৰনেটৰ তিতা - মিঠা দশমশ্ৰেণী || Assamese Question Answer Class 10 ||Class 10 Assamese Lesson 9  ইন্টাৰনেটৰ তিতা মিঠা 2020,ইন্টাৰনেটৰ তিতা-মিঠা, ড০ প্রণয়ী দত্ত,Class 10 Assamese পাঠ-9 ইন্টাৰনেটৰ তিতা – মিঠা – সমাধান

Share:

চুটিগল্প কাক বোলে ? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা ||অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা-কবিতাৰ ৰচক কোন?

 1) চুটিগল্প কাক বোলে ? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা । 


উত্তৰ - চুটিগল্প কল্পনা প্ৰধান আধুনিক গদ্য সাহিত্য । চুটি গল্প সম্পৰ্কে এটা যথাৰ্থ সংজ্ঞা দিবলৈ অসুবিধা । কাৰণ, এই বিধ সাহিত্য বহুবৰ্ণময় আৰু অতি সঘনাই ইয়াৰ ৰূপ সলনি হৈ আহিছে। আলোচকসকলেও, একেষাৰতে চুটিগল্প কাক বোলে কব পৰা নাই । তথাপি কব পাৰি চুতি গল্প হল জীৱনৰ কোনো এক ঘটনা, পৰিস্থিতি বা মূহূৰ্তৰ বা জীৱন সম্পৰ্কে এক নিদিৰ্ষ্ট বাৰ্তা দৃঢ় সংবদ্ধ গাঁথনিৰে ৰসঘন কৰি বৰ্ণনা কৰা কল্পনাপ্ৰধান । 


2) অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা-কবিতাৰ ৰচক কোন? 


উত্তৰ - যতীন্দ্ৰনাথ দুৱাৰা । 


3) যতীন্দ্ৰনাথ দুৱাৰাৰ একমাত্র কথা কবিতাৰ পুথিখনৰ নাম কি? 


উত্তৰ - 'কথা কবিতা '। 


4) ' ওমৰ তীৰ্থ ' কাব্যপুথিৰ মূল কি? 


উত্তৰ - ফাৰ্চী ছুফী কবি খৈয়ামৰ ৰুবায়ত'।



Share:

ছাত্র জীৱন আৰু সমাজসেৱা||ছাত্র জীৱন আৰু সমাজসেৱা || Class 10 || Question Answer || দশমশ্ৰেণী ||দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ গদ্যখণ্ড প্ৰথম অধ্যায় "ছাত্ৰ জীৱন আৰু সমাজ সেৱা


 (ক) লিখকৰ মতে ছাত্র জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি?


উত্তৰ

কি কি কাম কৰিলে মনুষ্য জনম লােৱা সার্থক হয় তথা সাংসারিক ঞ্জীৱনত কি উপায়েৰে কা
কৰিলে কৃতকার্য হব পাৰি এনেবিলাক বিষয়ৰ জ্ঞান অর্জন করাই হ'ল ছুত্ৰ জীৱনৰ প্রকৃত |

(খ) বর্তমান প্রচলিত শিক্ষাৰ দােষ কি কি?


উত্তৰ

বর্তমান প্রচলিত শিক্ষা উন্নত আৰু কামৰ শিক্ষা নহয়, এয়ে হ'ল ইয়াৰ ঘাই দোষ। বর্তমান
শিক্ষা কেৱল ঝিলপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ সম্পর্ক
নথকা বুলিয়েই ক'ব পাৰি। উদাহৰণস্বৰূপে বর্তমান শিক্ষার্থীসকলে পাঠাপুথিত পঢ়া দুখীয়াক
মৰম কৰিবা, আৰু সন্মান কৰিবা' আদিৰ দৰেবাকাসমূহ আগুৰাইহে থয়।বাস্তৱ জীৱনত
ইয়াৰ অর্থ উপলব্ধি কৰিবলৈ সক্ষম নহয়। শিক্ষকসকলেও শিক্ষার্থীসকলক এই ধৰণৰ
বাধা  মূহত অন্তর্নিহিত হৈ থকনা প্রকৃত মর্থবােৰ বুত্তাই দিয়াৰ পৰিৱর্তে বাক্যটোত ব্যৱহৃত
বানানসমূহৰ আকাৰ, কাৰ শুদ্ধ কৰিয়ে নিজৰ পাঠদানৰ কব সামৰি প্ৰয়। শিক্ষার্থীসকাল
পঢ়ি-শুনি কি জ্ঞান লাভ কৰিছেনে নাই সেই বিষয়ে কোনেও নাভাবে। তেওঁলােকে বছৰি
পৰীক্ষাত উত্তীৰ্ণ হৈছেনে ৰা শ্ৰেণীত প্রথম বা দ্বিতীয় হৈ উৰ্ত্তীৰ্ণ হ'ব পাৰিছেনে নাই সেই
বিষয়তহে শিক্ষক আৰু শিক্ষার্থীসকলে গুৰুত্ব দিয়ে। এইবােৰে হ'ল বৰ্তমান প্রচলিত শিক্ষাৰ
দোষ।

ছাত্র জীৱন আৰু সমাজসেৱা  দশমশ্ৰেণী all quetions answer 




ছাত্র জীৱন আৰু সমাজসেৱা  দশমশ্ৰেণী

ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ  কর্তব্য 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 


বিদ্যা লাভেই যে ছাত্ৰৰ প্ৰথম আৰু প্রধান কর্তব্য, সেয়া সকলােৱে স্বীকাৰ কৰে। মনীষীসকলে সাংসাৰিক জীৱনত ভৰি দিয়াৰ আগৰ সময়খিনিকে অর্থাৎ স্কুল কলেজত পঢ়ি থকা কালছােৱাকেই ছাত্র জীৱন বুলিছে। ছাত্র জীৱনত শিক্ষাৰ বাহিৰে দ্বিতীয় চিন্তা থাকিব নােৱাৰে, জ্ঞান লাভৰ ইচ্ছাৰ বাহিৰে আন কোনাে ইচ্ছা থাকিব নােৱাৰে, এই কথাও সর্বজনস্বীকৃত। এটি মানৱ শিশুক এই আশাৰে বিদ্যালয় লৈ পঠিওৱা হয়, যাতে শিক্ষা সমাপ্তিৰ পাছত তেওঁ পূর্ণ মনুষ্যত্বৰ অধিকাৰী হৈ জীৱন যুদ্ধত জয়ী হ'ব পাৰে। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্ৰৰ মুখ্য কর্তব্য হ’ল অধ্যয়ন। ছাত্রৰ জীৱনত সংসাৰৰ কোনাে চিন্তা নাথাকে। গতিকে জ্ঞান আহৰণৰ এই অমূল্য সময়। ডাঙৰ ডাঙৰ মনীষীসকলে চিন্তা গবেষণাৰ দ্বাৰা বহুত জ্ঞানৰ ভাণ্ডাৰ ছাত্ৰৰ বাবে দি গৈছে। সেইবােৰ পঢ়ি শেষ কৰা মানৱ জীৱনৰ পক্ষে সম্ভৱপৰ নহয়। তথাপি সময়ৰ অপব্যৱহাৰ নকৰি ছাত্ৰসকলে অধ্যয়ন কবি সেই জ্ঞান যিমান দূৰ পৰা যায় আর্জি ল’ব লাগে। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্র-জীৱন মুকলিমূৰীয়া ; এই সময়খিনি যদি কেনেবাকৈ অপব্যয় হয়, তেন্তে তাক আৰু ঘূৰাই পাৰ নােৱাৰি। শিক্ষা লাভৰ উদ্দেশ্য যদি মনুষ্যত্বৰ পূর্ণ বিকাশ হয়, তেন্তে স্বীকাৰ কৰিবই লাগিব যে কেৱল পুথিগত বিদ্যাৰে সেই উদ্দেশ্য পূৰণ নহয়। মানৱজীৱন অসংখ্য কর্তব্য ভাৰেৰে পীড়িত, বহু দায়িত্বই মানুহে জীৱনত পালন কৰে বা কৰিবলগীয়া হয়। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্র সদায় গুৰুৰ বাধ্য হ’ব লাগে। গুৰুৰ বাণী-আদেশ শিৰােধার্য কৰি যিসকল ছাত্ৰই অধ্যয়ন কৰে, তেওঁলােকৰ জীৱনত কেতিয়াও দুখ আহিব নােৱাৰে। গুৰুৰ অবাধ্য আৰু গুৰুৰ দোষ-গুণ বিচাৰি ফুৰা ছাত্ৰৰ কর্তব্য নহয়। তেনে কৰিবলৈ যােৱা ছাত্ৰৰ উন্নতি কেতিয়াও হ’ব নােৱাৰে। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
পুৰণি কালত ছাত্ৰসকলে গুৰুৰ গৃহত থাকি গুৰুৰ বাধ্য হৈ শিক্ষালাভ কৰিব লাগিছিল । আজি-কালি অৱশ্যে গুৰুৰ গৃহত থকা নিয়ম নাই যদিও গুৰুৰপৰাই ছাত্রই শিক্ষালাভ নকৰাকৈ থাকিব নােৱাৰে। পিতৃ-মাতৃ আদি-গুৰু; তাৰ পাছত শিক্ষা-গুৰু। এই গুৰুৰ তত্ত্বাৱধানত ছাত্ৰসকলে শিক্ষালাভ কৰিব লাগে। ছাত্ৰৰ ব্যৱহাৰ সদায় নম্ৰ আৰু ভদ্র হ’ব লাগে।
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
জীৱনৰ শিক্ষা গ্ৰহণৰ অনুকুল সময় কেৱল বিদ্যা অর্জনেই ছাত্র জীৱনৰ একমাত্র লক্ষ্য নহয, জীৱনৰ আন যাৱতীয শিক্ষা গ্রহণৰৰ এয়াই অনুকুল সময়। সাংসাৰিক মলিনতা মুক্ত ছাত্ৰৰ মন, সেয়ে জীৱনৰ সকলাে পাঠেই ইয়াত অক্লেশে অংকিত হ'ব পাৰে। অৱশ্যে উল্লেখ নিষ্প্রয়ােজন, নিজ নিজ বিদ্যা শিক্ষা সকলাে ছাত্রৰে প্ৰাথমিক-কর্তব্য হােৱা উচিত। কাৰণ জীৱনৰ আন কামসমূহো সার্থক শিক্ষাৰ বৃক্ষৰ আশ্ৰয় কৰিয়েই গঢ়ি উঠে। সেয়ে বিদ্যা শিক্ষাক অৱহেলা কৰি আন কামত ব্ৰতী হ'লে সেয়া অর্থহীন হৈ পৰিব। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
দৰাচলতে জীৱনৰ বাবে পূর্ণ প্রস্তুতিয়েই ছাত্র জীৱনৰ একমাত্ৰ দায়িত্ব আৰু কর্তব্য। অধ্যয়ন এক তপস্যা, সাধনা। ইয়াৰ বাবে এক প্রবল সাধনৰ প্ৰয়োজন, একাগ্রতা আদিৰ দৰে দুর্লভ গুণ ছাত্ৰৰ আৱশ্যক। ইয়াৰ সমান্তৰালভাৱে অৱশ্যে সামাজিক জীৱনৰ দাবীও যুগে যুগে সকলাে ছাত্রই মানিবলগীয়া হয়। সেয়ে আধুনিক যুগৰ ছাত্ৰই কেৱল প্রাচীন ভাৰতৰ শান্ত, নিত্তৰংগ, জটিলতাহীন নিৰুদ্বিগ্ন অধ্যয়নৰ আদর্শ গ্রহণ কৰিলেই নহ'ব, এজন ছাত্ৰই বিশ্বৰ খা-খবৰ ৰাখিব লাগিব, বাধ্যতামূলক শৰীৰ চৰ্চা শিক্ষাত যােগ দিব লাগিব, দুর্গত আৰু আৰ্তজনৰ সেৱাত জীৱন উৎসৰ্গা কৰিব লাগিব। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
আধুনিক বিশ্বমৈত্রীৰ যুগত বাস কৰিও সেয়ে কেৱল গ্রন্থকীট হলে নির্বাসিত জীৱন যাপন কৰিবলগীয়া হয়। প্রখৰ সমাজ চেতনাই আধুনিক ছাত্রক তেওঁৰ পূৰ্বৱর্তী সকলতকৈ অধিকতৰ মর্যাদা প্রদান কৰিছে। অপেক্ষাকৃতভাৱে বয়স্ক ছাত্ৰসকলৰ বহুতেই যে ৰাজনীতিৰ প্রতি আকর্ষিত হৈছে, এই সচেতনতাও তাৰ অন্যতম কাৰণ।
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
দেশৰ ছাত্রসমাজ ভৱিষ্যতৰ আশাৰ চাকি, এই জাতীয় কথাই বহু ব্যৱহাৰৰ পৰিণতিত হযতাে কিছু অর্থগৌৰৱ হেৰুৱাইছে, কিন্তু ইয়াতকৈ সঁচা কথা আৰু একো নাই। বর্তমান উজ্জ্বল তাৰুণ্যৰে ভৰা ছাত্ৰসকলেইতাে ভৱিষ্যতে ৰাষ্ট্রৰ কর্ণধাৰ হ’ব, জ্ঞানগম্ভীৰ আদর্শবান শিক্ষক হ’ব, ৰণক্ষেত্ৰৰ কুশলী ৰণুৱা হ'ব, মুমুর্মু জীৱনলৈ সুস্থতাৰ আশ্বাস আনিব। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
এই সকলাে দায়িত্ব পালনৰ বাবে প্রয়ােজন স্বাস্থ্যোজ্জ্বল, জ্ঞানৱান আৰু কিন চৰিত্ৰৰ অধিকাৰী এদল মানুহ। ছাত্ৰৰ মাজতেই এইবােৰ গুণ সুপ্ত হৈ থাকে। সযত্ন প্রয়াসেৰে, নৈষ্ঠিক অনুশীলনেৰে, দৈনন্দিন ব্যৱহাৰেৰে তাক মাথাে জাগ্রত কৰিব লাগিব। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্র-জীৱন প্ৰকৃততে বৰ সুখৰ জীৱন। এই কালছােৱাত মানুহ অতি পৱিত্র হৈ থাকে। কোনাে প্রকাৰৰ হিংসা, কুটিলতাই ছাত্ৰৰ মনত প্রৱেশ কৰিব নােৱাৰে। সত্য, সৰলতা আৰু উদাৰ নীতিয়ে ছাত্রক সদায় পৰিচালিত কৰে। সেই কাৰণে ছাত্ৰসকল সদায় পৰােপকাৰী হয়। সাংসাৰিক জীৱনত প্ৰৱেশ কৰাৰ লগে লগে মানুহৰ মন এটা ঠেক গণ্ডিলৈ নামি আহে; কিন্তু ছাত্র-জীৱনত উপযুক্ত নীতি-শিক্ষা লাভ কৰিব পাৰিলে, সাংসাৰিক জীৱনাে পৱিত্ৰকৈ ৰাখিব পাৰি।
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্র একোজনক চাৰিত্রিক গুণৰাে প্রয়ােজন। সততা, ন্যায়নিষ্ঠা, ক্ষমা, উদাৰতা আদি চাৰিত্রিক গুণবােৰ শিক্ষা জীৱনতেই অর্জন কৰিব লাগিব। মনত ৰখা আৱশ্যক, বিদ্বান হলেও চৰিত্ৰহীন লােকৰ সমাজত কোনাে মূল্য নাই। অকাৰণ চঞ্চলতা, বন্ধী স্বভাৱ, দম্ভ আদি ছাত্র জীৱনৰ পৰাই পৰিহাৰ কৰি চলা উচিত। চৰিত্ৰ মানুহৰ এনে এটা সম্পদ, যি এবাৰ অধঃপতিত হলে একোৰে বিনিমত তাক পুনৰুদ্ধাৰ কৰিব নােৱাৰি। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্র সমাজে নিজৰ জীৱনত শিক্ষাৰ অমূল্য ভূমিকা উপলব্ধি কৰে, সেয়ে সমাজে আশা কৰে যে সেইসকল ছাত্রই দেশৰ অসংখ্য নিৰক্ষৰ লােকৰ প্ৰতিও কর্তব্য পালন কৰিব , শিক্ষাৰ প্ৰসাৰত আগভাগ ল'ব। সক্রিয় ৰাজনীতিত ছাত্ৰই অংশগ্রহণ কৰা উচিত নে অনুচিত সেই সম্পর্কে মতবিৰােধ আছে। কিন্তু এসময়ত অগণন ছাত্রই দেশৰ স্বাধীনতা সংগ্ৰামত যিদৰে আত্মদান কৰি গৈছে, তাক শ্রদ্ধা নকৰি নােৱাৰি। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
অধ্যয়ন ছাত্ৰৰ প্ৰাথমিক ব্রত। ছাত্রৰ উদ্দেশ্য হােৱা উচিত বিদ্যা। শিক্ষাক অৱলম্বন কৰি জীৱনৰ সর্বতােমুখী বিকাশক স্বচ্ছন্দ গতিবেগ দান কৰা। কেৱল পুথিগত বিদ্যাৰে পৰীক্ষাত উত্তীর্ণ হােৱাটোৱেই ছাত্ৰৰ অন্তিম লক্ষ্য নহয, ই এটা শুভ লক্ষ্যত উপনীত হােৱাৰ সৎ উপায় মাত্র। গ্রন্থৰ সাহচর্য্যত জীৱন সমৃদ্ধ হয়, কিন্তু পূর্ণ নহয়। Education is the manifestation that is already in man সেয়ে পুথিগত বিদ্যাৰ সমান্তৰালভাৱে বৃহত্তৰ জীৱনৰ অন্যান্য পাঠসমূহ অধিগতন কৰিলে সুপ্ত মানৱশক্তিৰ নিদ্রাভংগ নহয়, জীৱনাে সার্থক আৰু সুন্দৰ হৈ নুঠে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 


সমাজ গঠনত ছাত্ৰৰ কর্তব্য 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

সমাজ হ’ল মানুহৰ সংঘবদ্ধ হােৱাৰ ইচ্ছাৰ এটা ৰূপ। মানুহে অন্যান্য কেতবােৰ বণ্য প্রাণীৰদৰে অকলশৰীয়া জীৱন যাপন কৰিব নােৱাৰে আৰু কৰ্মৰ এক প্ৰসাৰ বা ব্যপ্তি বিচাৰে। আদিমযুগৰ পৰাই এনেবােৰ কাৰণতে মানুহে সংঘবদ্ধভাবে বসবাস কৰিবলৈ শিকিছে আৰু এনেদৰেই জন্ম হৈছে সমাজৰ। যি দৰে মানুহে মিলি সমাজখন গঠন কৰে সেইদৰে সমাজখনেও একো একোজন ব্যক্তিক গঢ় দিয়াত মুখ্য ভূমিকা পানল কৰে। সমাজ অবিহনে ব্যক্তিৰ বিকাশ অসম্ভৱ। সেয়েহে এখন সমাজৰ শান্তি শৃংখলা আৰু সুখ-সমৃদ্ধি সুনিশ্চিত কৰিবৰ বাবে সমাজখন সংগঠিত হােৱা বৰ আৱশ্যক। সমাজ এটা স্থায়ী বা স্থবিৰ ব্যৱস্থা নহয়। সময়ত লগে লগে সমাজ ব্যৱস্থাই নতুন নতুন ৰূপ লয় আৰু মানুহৰ প্ৰগতিক খটকীয়া কৰি তােলে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

আমাৰ দেশতাে বা পৃথিৱীৰ প্ৰায়বােৰ দেশতে মানুহে গঠন কৰিছিল আদিম সমাজ ব্যৱস্থা। চিকাৰ কৰি খােৱা মানুহৰ দলবােৰেৰে এই সমাজ চলিছিল। তাৰ পৰা আগুৱাই আহি জনজাতীয় সমাজ ব্যৱস্থাৰ সময়তাে মানুহৰ ব্যক্তিগত সম্পত্তিৰ ধাৰণা নাছিল। সমূহীয়া জীৱনেই আছিল এনে সমাজৰ আধাৰ। ক্রমে সেই সমাজ ভাগি গঢ় লৈ উঠিল সামন্তীয় ব্যৱস্থাৰ সমাজ। দেশৰ সকলাে সম্পত্তি ৰজাৰ নামত থাকিল। প্রজাসকলে নিজৰ শ্ৰমৰ বিনিময়ত খােৱা থকাৰ আদিৰ নিৰাপত্তা লাভ কৰিলে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

এটা সময়ত আৰম্ভ হ'ল আধুনিক সমাজ ব্যৱস্থা যত ব্যক্তিগত সম্পত্তি, উদ্যোগ, উৎপাদন আদিয়েহে সমাজৰ মূল কথা হৈ পৰিল। শাসন ব্যৱস্থাৰাে পৰিবৰ্তন হ'ল। এনেদৰেই সমাজৰ পৰিবৰ্তন চলিব লাগিছে। আনকি আজি কেইটামান বছৰৰ ভিতৰতে হােৱা ৰুছ দেশৰ সামাজিক পৰিবৰ্ত্তন সচাই লক্ষণীয়। ৰাজতান্ত্রিক ব্যৱস্থাক দলিয়াই দি ৰুছ দেশত প্রতিষ্ঠা হ’ল শ্রমিক। আৰু কৃষকে কৰা নিয়ন্ত্রিত সাম্যবাদী সমাজ। কিন্তু আজি কিছুদিনৰ পৰা তেওঁলােকে অনুভৱ কৰিলে যে সাম্যবাদী ব্যৱস্থাৰে তেওঁলােকৰ সর্বাঙ্গীন উন্নতি নহয়। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

গতিকে তেওঁলােকে হােৱাৰ দাবী জনালে আৰু সম্প্রতি ছােভিয়েত ৰাছিয়াত সাম্যবাদী ব্যৱস্থাৰ পৰা ওলাই আহি ভালেমান নতুন ৰাষ্ট গঠন হ’ল। গতিকেই কোনাে আদর্শই চিৰস্থায়ী নহয়। এয়া হ'ল সমাজৰ সামগ্রিক পৰিবৰ্তনৰ এটা আভাস। এনেবােৰ পৰিবৰ্তন আৱশ্যম্ভাৱী আৰু এনেবােৰ পৰিবৰ্তনে কেতিয়াবা ব্যক্তি মঙ্গল সাধন কৰে আৰু কেতিয়াবা অনিষ্টও কৰে। কিন্তু যিহেতু মানৱ মনে ন-ন চিন্তা আৰু পৰীক্ষাৰ মাজেদি আগবাঢ়িব বিচাৰে গতিকে এনেধৰণৰ পৰিবৰ্ত্তনাে স্বাভাবিক। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

কিন্তু এনেবােৰ পৰিবৰ্তনে আমাৰ সামাজিক জীৱনটোক প্ৰভাৱিত কৰে যদিও কেতবােৰ প্ৰমূল্য সমাজ এখন বৰ্তি থকাৰ বাবে অতি প্রয়ােজন। যেনে সত্যৰ প্রতি অন্বেষণ, নৈতিকতা, কর্তব্যনিষ্ঠা, নিয়মানুবর্তিতা, সৎ আচৰণ আদি প্রমূল্যবােৰ মানুহে যুগে যুগে আহৰণ কৰিছে। বহু সময়ত এনে কথাবােৰ আপেক্ষিক। যুগ, সময়, কাল অনুযায়ী কেতিয়াবা এনেবােৰ প্ৰমূল্যৰ অৰ্থ অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু সামগ্রিক ভাবে এনেবােৰ প্ৰমূল্যই সমাজখনৰ অন্তর্বর্তী ধৰাটোক সবল ভাবে ধৰি ৰাখে। ৰাষ্ট্ৰ ব্যৱস্থাৰ যিমানেই পৰিবৰ্তন নহওক কিয়, সত্যৰ প্রতি, ন্যায়ৰ প্ৰতি বা নৈতিকতাৰ প্রতি আস্থাহীন এখন সমাজ কেতিয়াও আগুৱাই যাব নােৱাৰে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

গতিকে ছাত্র সকলে এনে আদর্শবােৰক জীয়াই ৰখাৰ বাবেও নিজকে প্রস্তুত কৰিব লাগিব। মনত ৰাখিব লাগিব যে এনেবােৰ নীতি বা আদর্শক ধৰি ৰখাতে এজন ছাত্ৰৰ নিজৰ বিকাশৰ বাবেও অত্যন্ত প্রয়োজনীয়। বর্তমান আমাৰ ভাৰতবর্ষ দৰে ৰাষ্ট্র এখনৰ মূল আদর্শ হ’ল গনতন্ত্র আৰু ধৰ্মনিৰপেক্ষতা। গতিকে ছাত্র সকলেও এই প্রমূল্যসমূহক সজীৱিত কৰি ৰখাৰ বাবে চেষ্টা কৰিব লাগিব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ছাত্র সকলে এনে আদৰ্শৰ নামত কেতবােৰ মানুহে কৰি যােৱা অন্যায় আচৰণকে ৰাষ্ট্ৰৰ আদর্শ বুলি গ্রহণ কৰি থাকিব। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

ছাত্রসকল হ'ল ৰাতিপুৱাৰ দহ বজাৰ সূৰ্য্যৰ দৰেই উদয়মান, তেজস্বী আৰু শক্তিমান। এয়েই হ’ল ন-ন চিন্তাৰ পুৰণৰ সময়। সেয়েহে ছাত্র শক্তিয়ে নিজৰ উদ্ভৱনাময় শক্তিৰে এনেবােৰ প্ৰমূল্যক সঠিক দিশ নির্দেশনা দিবৰ বাবেও চেষ্টা কৰিব লাগিব। এই খিনিতেই এটা কথা উল্লেখনীয় যে বিশ্বৰ সকলাে সমাজতে ছাত্র শক্তি এক নিস্বার্থ শক্তি। লােভ, ক্ষমতা আদিৰ পৰা স্বাভাৱিকতেই তেওঁলােক মুক্ত সেয়েহে সকলােকে নতুন সমাজ গঢ়াত মুখ্যতম ভূমিকা পালন কৰিব পাৰে আৰু এতিয়ালৈকে ছাত্ৰই এনে দায়িত্ব পালন কৰি আহিছে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

এই সকলােবােৰ দায়িত্ব থকা স্বত্বেও এটা কথা ছাত্র সকলে সদায় মনত ৰাখিব লাগিব যে তেওঁলােকৰ জীৱনৰ মূল দায়িত্ব হ’ল অধ্যয়ন। ছাত্র হিচাপে তেওঁলােকে আজি যি আহৰণ কৰিব সেয়েই কালিলৈ সমাজখনৰ ভাল বেয়া বা অধােগতি-প্রগতি নির্ণয় কৰিব। ছাত্ৰসকলে নিজৰ চিন্তাৰ উৎকর্ষ সাধন কৰি বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিব লাগিব। পৃথিৱীৰ জ্ঞান- বিজ্ঞানৰ বিচিত্র অভিজ্ঞতাৰে নিজকে পুষ্ট কৰি ন-ন গবেষনাৰে সমাজক সমৃদ্ধ কৰিব লাগিব।

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

পঢ়া-লিখাৰ লগতে মানৱ মনৰ বিভিন্ন দিশ যেনে চিত্র, ভাস্কৰ্য্য, কলা সাহিত্য, সত্য,প্রেম, অহিংসা, পৰােপকাৰ, কর্তব্যনিষ্ঠা, নিয়মানুবর্তিতা আদি প্রমূল্য সমূহকে ধৰি ৰাখিব লাগিব। ছাত্র সকলে এটা কথা মনত ৰাখিব লাগিব যে শিক্ষাৰ সর্বোচ্চ দায়িত্বটো হ'ল সামাজিক কল্যান। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

শিক্ষাই এজন মানুহক আন্ধাৰৰ পৰা মুক্ত কৰে, স্বাধীন আৰু সাহসী কৰে আৰু নতুনক আদৰি লবলৈ শিকাই। সেয়ে প্রকৃতভাবে শিক্ষিত এজন ব্যক্তি কেতিয়াও কাৰাে গােলাম নহয়। শিক্ষাৰাে মূল উদেশ্য সেয়েই মানুহক সকলাে অন্ধতা আৰু গােলামীৰ পৰা মুক্ত কৰা। সেয়ে ছাত্ৰৰ পবিত্ৰ কৰ্তব্য এইটোও যে তেওঁলােকেই শিক্ষাক স্বার্থন্বেষী সকলৰ কোপদৃষ্টিৰ পৰা বচাই ৰাখি জনকল্যানৰ স্বাৰ্থত ব্যৱহাৰ কৰিব লাগিব। এয়েই হ’ল ছাত্ৰৰ পবিত্র কর্তব্য।

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 



পিতৃ-মাতৃৰ প্রতি ছাত্রৰ কর্তব্য

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 


পিতৃ-মাতৃ হৈছে আমাৰ সকলোৰে সাক্ষাৎ দেৱতা। তেওঁলােকে আমাক জন্ম দিছে। সৰুৰেপৰা তুলি-তালি ডাঙৰ-দীঘল কৰিছে। আমাৰ সুখত শান্তি লাভ কৰিছে আৰু অসুখ-বিসুখ নাইবা দুখ-কষ্ট দেখি শােক পাই প্রতিকাৰৰ বাবে আগবাঢ়ি আহে। তেওঁলােকৰ যত্ন আমি কেঁচুৱা কালৰপৰা ডাঙৰ হৈ এই সুন্দৰ পৃথিৱীত মানুহ বুলি পৰিচয় দিব পাৰিছোঁ। গতিকে তেওঁলােকৰ প্রতি আমাৰ কৰ্তব্য কিমান গভীৰ প্রকাশ কৰিবলৈ টান। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

পৃথিৱীত আমি যিসকলক সন্মান কৰোঁ, সেইসকলৰ ভিতৰত পিতৃ-মাতৃৰ স্থান প্রথম। পিতাক আমাৰ প্রত্যক্ষ দেৱতা বুলি কোৱা হয়। এইখন পৃথিৱীত পিতৃতকৈ অধিক শ্রদ্ধেয় ব্যক্তি আৰু কোনাে নাই। তেওঁৰ প্রতি আমাৰ যি কর্তব্য তাক একান্ত শ্ৰদ্ধাৰে পালন কৰিব লাগে। তেওঁৰ আমি যিমানেই সেৱা-শুশ্রুষা নকৰোঁ, তথাপি তেওঁৰ ঋণ পৰিশােধ কৰিব নােৱাৰোঁ। পিতৃয়ে আমাৰ কিমান উপকাৰ কৰে, তাক কৈ শেষ কৰিব নােৱাৰি। আমাৰ শিশুকালৰেপৰা সকলাে প্ৰকাৰে যত্ন লৈ খুৱাই-বুৱাই ডাঙৰ-দীঘল কৰে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

সন্তান সুখী হলে তেওঁলােকৰ আনন্দৰ সীমা নাই। যশস্যা আৰু চৰিত্ৰৱান পুত্র পিতা-মাতাৰ গৌৰৱৰ স্থল। দুষ্ট, চৰিত্রহীন আৰু অকর্মণ্য পুত্র-কন্যা মাক-বাপেকৰ কাৰণে শােকৰ কাৰণ হৈ পৰে। মাতৃয়ে দহমাহ দহদিন গৰ্ভত ধাৰণ কৰি আমাক জন্ম দিয়ে। বুকুৰ পিয়াহ খুৱাই ডাঙৰ-দীঘল কৰে, নবিয়া হ'লে আৰােগ্য লাভৰ কাৰণ পার্যমানে যত্ন কৰে। মাতৃৰ সন্তানৰ প্ৰতি যি স্নেহ তাৰ তুলনা নাই। মাতৃৰ কোলাত আমি নেদেখা স্বৰ্গৰ সুখ ভােগ কৰি ডাঙৰ-দীঘল হওঁ। আমাৰ সুখতেই আই সুখী। আমাৰ দুখ-কষ্ট বা সাংসাৰিক বিষয়ত পতন ঘটিলে তেওঁ বৰ দুখ পায়। মাতৃৰ সেৱা কৰা, তেওঁলােকে ভাল পােৱা কাম কৰা আৰু তেওঁলােকৰ অসুখ-বিসুখ নাইবা বুঢ়া বয়সত আমি সকলাে প্ৰকাৰে শুশ্রুষা কৰা আমাৰ পৱিত্র কর্তব্য। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

যিসকল সন্তানে মাতৃ-স্নেহ পােৱা নাই, তেওঁলােকে সঁচাকৈয়ে দুৰ্ভগীয়া। পিতৃ-মাতৃৰ প্রতি আমাৰ কৰ্তব্যৰ শেষ নাই। আমি কেঁচুৱা কালৰপৰা ক্ৰমে বুঢ়া হৈ আহোঁ। বুঢ়া কালতাে তেওঁলােকক আমি সকলাে প্ৰকাৰে সেৱা কৰা উচিত। বুঢ়া কালত কিম্বা নৰিয়াপাটীত আমি পিতা-মাতা প্রতি বিশেষ যত্নবান হ’ব লাগে। যিসকল ভাগ্যৱান সন্তানে পৃথিৱীত বৃদ্ধ পিতৃ-মাতৃক সেৱা-শুশ্রুষাবে তুষ্ট কৰিব পাৰিছে, তেওঁলােকৰ জীৱন ধন্য। তেওঁলােকৰ জীৱনত সদায় পিতৃ-মাতৃণ আশীর্বাদে সৌভাগ্য দান কৰে।




Share:

ই যে মাতৃ আদেশ, সন্তান-প্ৰাণ দিবলৈকে বলিদান ' - কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা

 ই যে মাতৃ আদেশ, সন্তান-প্ৰাণ দিবলৈকে বলিদান ' 

- কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা । 


উত্তৰ - গভীৰ জাতীয় চেতনাৰে কৰি অম্বিকাগিৰী ৰায়চৌধুৰীয়ে 'ই যে অগ্নি-বীণাৰ তান' কবিতাত দেশৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ মনোভাৱ প্ৰকাশ কৰিছে। কবিৰ মতে দেশমাতৃৰ সন্তান প্ৰতিজন মানুহৰে মাতৃভূমিৰ প্ৰতি যথেষ্ট দায়িত্ব আছে । আমাৰ জীৱনটো কেৱল মাথো হাঁহি-তামচাৰ ভাগৰ জুৰোৱা গান নহয়, জীৱনত দেশ আৰু দহৰ হৈ বহুখিনি কৰণীয় আছে । দেশ তথা দেশবাসীৰ শত অপমান, লাঞ্চনা আদি আমিয়েই আঁতৰ কৰিব লাগিব । তেতিয়া হে দেশ আৰু দহৰ সুখ-শান্ত আৰু সমৃদ্ধি দিবলৈ কষ্ট বা বিপদ দেখি কেতিয়াও থমকি ৰ'ব নালাগে। কাৰণ সুখৰ বাবে দুখ

Share:

১ম অধ্যায় : বৰগীত,দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ জিকিৰ,জিকিৰ,দশম শ্ৰেণী – অসমীয়া সাহিত্য চয়নিকা


                                                                                  

জিকিৰ





দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ জিকিৰ


১/চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া : 

(ক)"......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।" 

- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ? 

উত্তৰ: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে ।

খ)" সনক সনন্দ যোগী যাহাকু ধিয়ায় ।" 

- সনক, সনন্দ আদি যোগী সকলে কাক ধ্যান কৰে বুলি কৈছে ? 

উত্তৰ: কবিতাটিত কবিয়ে সনক, সনন্দ আদি যোগী সকলে ভগৱানক ধ্যান কৰে বুলি কৈছে ।

গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে ? 

উত্তৰ: কবি বিষয় বিকলে আতুৰ হোৱা বুলি কৈছে ।

ঘ) বৰগীতটি কোনে ৰচনা কৰা ? 

উত্তৰ: শ্ৰী মাধৱদেৱে ৰচনা কৰা ।

ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে ? 

উত্তৰ: বৰগীতটি বসন্ত ৰাগত বন্ধা আছে ।

চ) কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে ? 

উত্তৰ: কবিয়ে বান্ধৱ বুলি ভগৱানক সম্বোধন কৰিছে ।

ছ) "মোহ - পাশ" মানে কি ? 

উত্তৰ: "মোহ - পাশ" মানে মায়াৰ বন্ধন ।

২) বৰগীতটিৰ মূলভাৱ লিখা । 

উত্তৰ:

বৰগীতটিৰ মূল ভাৱ হ'ল -
মোৰ পিতৃ হিচাপে তোমাৰ চৰণত হৰণ ললো ।
যাতে আপোনাৰ আশীৰ্বাদ লৈ থাকিব পাৰোঁ । আপোনাৰ মহিমা অপৰিসীম , আপোনাৰ দয়া, গুণ আদিৰো কোনো সীমা নাই । যাৰ কোনো উদাহৰণ নাই । সনক সনন্দৰ দৰে বিখ্যাত যোগী সকলেও যোগ ধৰি ধ্যান কৰিও আপোনাৰ মহিমা নিৰ্ণয় কৰিব পৰা নাই । সীমাহীন জ্ঞান দিব পৰা শাস্ত্ৰয়েও আপোনাৰ মহিমাৰ কোনো সীমা বিচাৰি উলিয়াব পৰা নাই । মই এজন সাধাৰণ মানুহ হৈ কেনেকৈনো আপোনাৰ মহিমা উপলদ্ধি কৰিব পাৰিম । আপুনিয়েই হ'ল ভক্ত সকলৰ প্ৰাণ, আপোনাৰ বাহিৰে তেওঁলোকৰ কোনো নাই । গতিকে, প্ৰভূ মোক দয়া কৰি আপোনাৰ দাসৰো দাস হিচাপে থাকিবলৈ দিয়ক ।

(৩) বৰগীতটি ৰচকৰ চমু পৰিচয় দিয়া । 


দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ


উত্তৰ: বৰগীতটিৰ ৰচকৰ নাম শ্ৰী মাধৱ দেৱ । তেখেতৰ জন্ম হৈছিল লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত । তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে গোবিন্দগীৰি ভূঞা আৰু মনোৰমা । তেখেত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল । শ্ৰী মাধৱদেৱৰ কীৰ্তিস্তম্ভ হল "নামঘোষা" । তেখেতৰ ৰচনা ৰাজি হল -

আখ্যান মূলক ৰচনা - ৰাজসূয়া কাব্য , আদি কাণ্ড ৰামায়ণ ।

তত্বমূলক ৰচনা - জন্ম ৰহস্য , ভক্তি ৰত্নাৱলী , নামমালিকা ।

নাটক - দধিমথন ।

ঝুমুৰা - চোৰধৰা , পিম্পৰা গুচুৱা , ভূমি লেটোৱা , ভোজনবিহাৰ ।

(৪) ব্যাখ্যা কৰা : 

ক) সহস্ব বয়নে যাৰ নপায়ন্ত সীমা ।

অধমে জানিবো কেনে তোমাৰ মহিমা ।

উত্তৰ: উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" টিৰ পৰা তুলি দিয়া হৈছে ।

সীমাহীন জ্ঞান দিব পৰা শাস্ত্ৰয়েও য'ত আপোনাৰ মহিমাৰ সীমা উপলদ্ধি কৰিব পৰা নাই । সনক সনন্দৰ দৰে ডাঙৰ যোগী সকলে যোগ ধৰি ধ্যান কৰি আপোনাৰ মহিমা উপলদ্ধি কৰিব পৰা নাই । মইনো এজন সাধাৰণ মানুহে আপোনাৰ মহিমা কেনেকৈ উপলদ্ধি কৰিম ।

খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে । 

কৰিও উদ্ধাৰ মোক চৰণ কমলে ।

উত্তৰ: উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" টিৰ পৰা তুলি দিয়া হৈছে ।

আতুৰ হলো মই প্ৰভু এই সংসাৰৰ মায়া মোহত । আপুনিটো দয়াৰ সাগৰ প্ৰভো আপোনাৰ দয়া,মহিমাৰ কোনো সীমা নাই । অজস্ৰ জ্ঞান দিব পৰা শাস্ত্ৰয়েও আপোনাৰ মহিমাৰ কোনো উপলদ্ধি কৰিব পৰা নাই । সনক সনন্দৰ দৰে যোগী সকলে যোগ ধৰি ধ্যান কৰিও আপোনাৰ উপলদ্ধি কৰিব পৰা নাই । মই প্ৰভু আপোনাক প্ৰাৰ্থনা কৰিছো আপুনি মোক উদ্ধাৰ কৰি আপোনাৰ পদুম ফুলৰ দৰে কোমল ভৰি যোৰ চুবলৈ দিয়ক ।



(৫)'পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। 

খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।। 

উত্তৰঃ উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰ দ্বাৰা ৰচিত 'জিকিৰ'ৰ

পৰা তুলি দিয়া হৈছে।

সজ মনোবৃত্তিৰে সন্ধান কৰিলে নিজৰ মাজতেই যে আল্লাক বিচাৰি পাব পৰা যায়, এই

কথাকে স্তৱকটোৰ মাজেৰে কবিয়ে ক'ব বিচাৰিছে।।

কবিয়ে দয়াৰ সাগৰ আল্লাৰ স্বৰূপক বুজিবলৈ চেষ্টা কৰি উপলব্ধি কৰিছে যে, প্রতিজন

মানুহৰ মাজতে আল্লা বিৰাজমান। পানীৰ নিজৰ মাজতে তৃষ্ণা নিবাৰণৰ সকলো উপাদান

থাকে। তেনে ক্ষেত্ৰত পানী পিয়াহত আতুৰ হোৱা কথাটো অবান্তৰ মাথোন। আনহাতে,

অগ্নিৰো নিজৰ মাজতে জাৰ নিবাৰণৰ উপাদান বিৰাজমান। তেনে ক্ষেত্ৰত অগ্নি জাৰত

আক্রান্ত হোৱাটোও অবান্তৰ কথা। একেদৰে প্রতিজন মানুহৰ অন্তৰতে আল্লা বিৰাজমান

হোৱাৰ হেতুকে তেওঁক বাহিৰত বিচাৰি ফুৰাটোও অবান্তৰ কথা। তৎস্বত্বেও নিজৰ মাজত

থকা আল্লাৰ অৱস্থিতিৰ উমান নাপাই মানুহে তেওঁক তীর্থস্থানসমূহত বিচাৰি হাবাথুৰি খায়।

কবিৰ মতে, প্রকৃতপক্ষে প্রতিজন বিশ্বাসী মুছলমানৰ অন্তৰতে আল্লা প্রেৰিত দূত বিৰাজমান।

তেওঁক বিচাৰি উলিয়াবলৈ লাগে মাথো আল্লাৰ প্রতি অগাধ বিশ্বাস আৰু আস্থা।
Share:
Copyright © ASSAMESEMADIUM | Powered by Blogger & | DESIGN BY ASSAMESEMADIUM