জি এছ টি (GST),জি এছ টি আৰু ইয়াৰ সন্দৰ্ভ,সামগ্ৰী আৰু সেৱা কৰ(জি এছ টি/GST), জি এছ টি ,জি এছ টি দ্ৰব্য আৰু সেৱা কৰ,সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টি,কেন্দ্ৰীয় চৰকাৰৰ জি এছ টি, জি এছ টি ৰ অৰ্থ আৰু গুৰুত্ব জি এছ টি গুৰুত্ব জি এছ টি ইয়াৰ অৰ্থ আৰু গুৰুত্ব জি এছ টিৰ গুৰুত্ব সম্পত্তি বিবাহ আৰু নিয়োগৰ ক্ষেত্ৰত মহিলাৰ অধিকাৰ সংক্ৰান্ত সচেতনতা Gst ৰ গুৰুত্ব বস্তু আৰু সেৱা কৰ ইয়াৰ অৰ্থ Gst ৰ অৰ্থ আৰু গুৰুত্ব

সামগ্ৰী আৰু সেৱা কৰ বা Goods and Services Tax

পহিলা জুলাই ২০১৭ চনৰ পৰা ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰ বিধেয়কখন বলবৎ কৰা হ'ব । ভাৰতবৰ্ষত স্বাধীনতা পিছত এইয়ে হৈছে প্ৰথমটো সৰ্ব্ববৃহৎ কৰ সংস্কৰণ । ২০০৩ চনত কেলকাৰ টাস্ক ফ'ৰচৰ পৰামৰ্শৰ পৰা আৰম্ভ কৰি এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত এই বিধেয়কখন ২০১৬ চনৰ ৩ আগষ্ট তাৰিখে আমাৰ দেশৰ সংবিধানৰ ১২২ নং সংশোধনী হিচাপে গৃহীত কৰা হয় । এই বিধেয়কখনৰ মুখ্য উদ্দেশ্য হ'ল এখন ৰাষ্ট্ৰ, এখন বজাৰ, এটা কৰ । সামগ্ৰী আৰু সেৱা কৰ হৈছে পৰোক্ষ কৰ সমূহৰ একত্ৰিতকৰণ । আমাৰ দেশত দুই ধৰণৰ কৰ আছে ; প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ । প্ৰত্যক্ষ কৰসমূহ হ'ল যেনে আয়কৰ (Income Tax) , কৰ্পোৰেট বা যৌথ-কোম্পানী কৰ (Corporate Tax), সম্পত্তিৰ কৰ (Property Tax) ইত্যাদি । বৰ্তমান সময়ত আমাৰ দেশত চলি থকা পৰোক্ষ কৰসমূহ হ'ল আবকাৰী কৰ, (Excise Duty), অতিৰিক্ত আবকাৰী কৰ (Additional Excise Duty), সেৱা কৰ (Services Tax), কিনা-বেচাৰ শুক্ল বা কাষ্টম (Custom Duty), কেন্দ্ৰীয় বিক্ৰী কৰ (Central Sales Taxes), ৰাজ্যিক বিক্ৰী কৰ (State Sales Tax), আমোদ প্ৰমোদৰ কৰ (Entertainment Tax), নগৰ শুক্ল (Octroi Duty) আৰু প্ৰবেশ কৰ (Entry Tax), ক্ৰয় কৰ (Purchase Tax), বিলাসিতা কৰ (Luxury Tax), ইত্যাদি । একেটা সামগ্ৰীৰ ওপৰত বিভিন্ন ধৰণৰ পৰোক্ষ কৰ প্ৰযোজ্য হোৱাৰ বাবে প্ৰত্যক্ষ কৰসমূহৰ তুলনাত পৰোক্ষ কৰসমূহ সংগ্ৰহ কৰাতে চৰকাৰী কৰ্তৃপক্ষ বেছি অসুবিধাত পৰে । যাৰ সুবিধা এচাম অসাধু ব্যৱসায়ীয়ে সদায় লাভ কৰি আহিছে আৰু চৰকাৰী কৰ্তৃপক্ষই প্ৰতিটো বিত্তীয়বৰ্ষত এক বুজন পৰিমানৰ ৰাজহ সংগ্ৰহৰ পৰা বঞ্চিত হৈ আহিছে । যাৰ ফলত আমাৰ দেশখনৰ বাজেটখন সদায় ঘাটি হৈ থাকিবলগীয়া হৈছে । উদাহৰণস্বৰূপে, আপোনাৰ ঘৰখনৰ বাজেতখন যদি ঘাটি হৈ থাকে, আপুনি জানো সদায় ধাৰলৈ চলিব পাৰিব বা ভৱিয্যতে কোনো পৰিকল্পনা আনৰ সহায় নোলোৱাকৈ কৰিব পাৰিব নে ? হয়তো, আপোনাৰ ঘৰখনৰ আন সদস্যসকলৰ উপাৰ্জন পৰিমাণ আপোনাৰ ঘৰৰ বাজেটখন পৰিমাণকৈ বহু বেছি, তথাপিও কিন্তু আপোনাৰ ঘৰখনৰ বাজেট ঘাটি হৈয়ে থাকে । ইয়াৰ প্ৰকৃত অৰ্থ হ'ল আপোনাৰ ঘৰখনৰ আটাইকেইজন সদস্যই ঘৰখনৰ বাজেটখনলৈ সঠিক ভাবে অৰিহণা যোগান ধৰা নাই, যাৰ বাবে ঘাটি হৈ থাকে । আমাৰ দেশৰ বাজেটখনৰো প্ৰায় অৱস্হা, সকলো আয়ৰ শিতানৰ পৰা চৰকাৰে সঠিক ভাবে কৰ আহৰণ কৰিব পৰা নাই । নহ'লেনো পৃথিৱীৰ ১০০ জন ধনীলোকৰ তালিকাত ১০ জনৰো অধিক ভাৰতীয়লোক থকাৰ পাছতো আজি ৭০ বছৰে আমাৰ দেশৰ বাজেট ঘাটি হৈ থাকিবলগীয়া হয়নে ! আমাৰ দেশৰ এটি বিত্তীয় বৰ্ষৰ সৰ্বমুঠ বাজেটৰ শিতানৰ পৰিমান হ'ল ১৯ লাখ কোটি টকা আৰু এটি বিত্তীয় বৰ্ষতে ভাৰতবৰ্ষত কলা ধনৰ সৃষ্টি হয় প্ৰায় ৭০ লাখ কোটি টকা । আমাৰ দেশৰ বজাৰখনেই হ'ল আচলতে কলা ধনৰ প্ৰধান উৎস । সেইবাবে আমাৰ দেশৰ বজাৰখনত প্ৰযোজ্য হৈ থকা পৰোক্ষ কৰ সমূহৰ এক বৈপ্লবীক পৰিবৰ্তন সাধন কৰিবলৈ জিএছটি বলবৎ কৰা হৈছে । মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে সাংসদত তেওঁৰ বক্তব্যত উল্লেখ কৰিছে যে জিএছটি য়ে আমাৰ দেশত থকা কৰ সন্ত্ৰাসবাদীসকলৰ (Tax Terrorism) অন্ত পেলাব । আশা কৰা হৈছে যে ৫ পৰা ১০ বছৰৰ ভিতৰত আমাৰ দেশৰ ঘাটি বাজেট ৰাহি বাজেটলৈ পৰিবৰ্তন হ'ব আৰু আমাৰ দেশ প্ৰকৃতাৰ্থৎ স্বনিৰ্ভৰশীল হ'ব পাৰিব । 




সামগ্ৰী আৰু সেৱা কৰ বা জিএছটি হৈছে আমাৰ দেশত প্ৰযোজ্য হৈ থকা বিভিন্ন ধৰণৰ পৰোক্ষ কৰসমূহৰ সংমিশ্ৰণৰ একত্ৰিকৰণৰ সূত্ৰ । ইয়াত সামগ্ৰী আৰু সেৱাৰ ওপৰত কোনো ধৰণৰ পাৰ্থক্য ৰখা হোৱা নাই । জিএছটি হৈছে কোনো এটা বস্তুৰ উৎপাদনৰ পৰা উপভুক্তাকৈ হস্তান্তৰ কৰোতে প্ৰযোজ্য হোৱা বিভিন্ন পৰোক্ষ কৰসমূহৰ বিপৰীতে একক পৰোক্ষ কৰ পদ্ধতি । ই হৈছে জটিল আৰু ব্যাপক কম্পিউটাৰৰ তথ্য প্ৰযুক্তিৰে (IT, Information innovation) সমৃব্ধ এক আধুনিক পৰোক্ষ কৰ পদ্ধতি । যি উৎপাদনকাৰীসকল, মধ্যস্হতাকাৰী ব্যৱসায়ীসকলৰ পৰা উপভুক্তাসকলকো একেখন মঞ্চতে অন্তৰ্ভুক্ত কৰিব । প্ৰতিটো স্হৰতে 'ইনপুট ট্যাক্ ক্ৰেডিট' (input charge credit)ৰ বা এবিধ সামগ্ৰী ক্ৰয় কৰোতে আদায় দিয়া কৰ, সামগ্ৰীবিধ বিক্ৰীৰ কৰোতে আদায় দিব লগা কৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্হাৰ কৰাৰ লগতে যোগ মৃল্যৰ ওপৰতহে কৰ বা ভেট (Vat) পৰিশোধ কৰা ব্যৱস্হা কৰা হৈছে । যোগান প্ৰক্ৰিয়াত উৎপাদনকাৰী,মধ্যস্হতা ব্যৱসায়ীসকলৰ ভিতৰত যদি কোনো এজনে কৰ ফাঁকি দিয়ে, তেতিয়া পিছৰজন ব্যৱসায়ীয়ে 'ইনপুট ট্যাক্ ক্ৰেডিট'ৰ পৰা বঞ্চিত হ'ব আৰু পদ্ধতিটোৰ সহায়ত কৰ ফাঁকি দিয়াজন ধৰা পৰিব । জিএছটিৰ হাৰ পাঁচটা শিতাণত নিৰ্ধাৰণ কৰা হৈছে যেনে ০ শতাংশৰ, ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ । নিত্য প্ৰয়োজনীয় আৰু কৃষিজাত সামগ্ৰীসমূহত শূণ্য শতাংশ বা কম আৰু বিলাসী সামগ্ৰী সমূহৰ ওপৰত ২৮ শতাংশ বা বেছি জিএছটিৰ হাৰ ধাৰ্য্য কৰা হৈছে । আমাৰ দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ (Federal Structure) প্ৰতি লক্ষ্য ৰাখি জিএছটিক তিনিটা ভাগত বিভক্ত কৰা 

Previous Post Next Post