বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese


অসমীয়া ৰচনা

বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese

বিজ্ঞান শব্দৰ প্ৰকৃত অর্থ যি মানুহক বিশেষভাৱে জ্ঞানৰ পথত পৰিচালনা কৰে। কিন্তু সাম্প্রতিক কালত বিজ্ঞানৰ যুগ বুলিলে যন্ত্র যুগকে সাধাৰণতে বুজোৱা হয়। আদিম যুগত মানুহে শিলেৰে নির্মিত অস্ত্ৰেৰে পশু বধ কৰি জুইত সেকি বা পুৰি মাংস খাই বা ফল-মূলেৰে জীৱন নির্বাহ কৰিছিল। গছৰ বাকলি বা জীৱ-জন্তুৰ ছাল পৰিধান কৰি লজ্জা নিবাৰণ কৰিছিল। তাৰ পাছত লাহে লাহে মানুহে ধাতুৰ ব্যৱহাৰ শিকিলে, জীৱ-জন্তুক পােহ মনাই সিহঁতৰ দ্বাৰা খেতি-বাতি কৰিবলৈ ল'লে। কপাহৰ সূতাৰে কাপােৰ ববলৈ শিকিলে। ক্রমে ক্রমে মানুহে উন্নতিৰ সােপানত উঠি বৰ্তমানৰ অৱস্থাত উপনীত হৈছেহি। পর্বত, সাগৰকে ধৰি সকলাে প্রাকৃতিক বাধা নেওচি মানুহে বিজ্ঞানৰ জযধ্বজা উইছে। 

বিজ্ঞান আশীর্বাদ নে অভিশাপ - Asomiya rosona - Essay in Assamese

একেদৰে চিকিৎসা বিজ্ঞানৰ উন্নতিযে মানুহৰ আয়ু-সীমা বৃদ্ধি কৰিছে। মানুহে আজি চন্দ্ৰতত ভৰি দিবলৈ সক্ষম হৈছে। মানৱনির্মিত কৃত্রিম উপগ্রহে আজি পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰি বিজ্ঞানৰ জয়গান গাইছে। সমাগত দিনবােৰত হযতাে চন্দ্র বা আন গ্রহ-উপগ্ৰহত নগৰ স্থাপনৰ সপােন মানুহে বাস্তৱত ৰূপাযিত কৰিবগৈ পাৰিব। মানৱ-জীৱনক পৰিপূৰ্ণ আৰু সৰ্বাংগসুন্দৰ কৰি তােলাৰ মাধ্যম হিচাপে বিজ্ঞানৰ শ্রেষ্ঠত্বক অস্বীকাৰ কৰিব নােৱাৰি। বিজ্ঞান মানৱ জীৱনৰ শ্ৰেষ্ঠ আর্শীবাদ। জগতৰ সকলাে বস্তুৰ দৰে বিজ্ঞানৰৰ এটা অশুভ দিশ আছে। বিজ্ঞানে যিদৰে আধুনিক সভ্যতাৰ সৃষ্টি কৰিছে, তেনেদৰে এই ইতিহাসক মুহূৰ্তৰ ভিতৰতে মষিমূৰ কৰিব পৰাৰ ক্ষমতাও বিজ্ঞানৰ আছে। 

Previous Post Next Post