চুটিগল্প কাক বোলে ? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা ||অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা-কবিতাৰ ৰচক কোন?

 1) চুটিগল্প কাক বোলে ? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা । 


উত্তৰ - চুটিগল্প কল্পনা প্ৰধান আধুনিক গদ্য সাহিত্য । চুটি গল্প সম্পৰ্কে এটা যথাৰ্থ সংজ্ঞা দিবলৈ অসুবিধা । কাৰণ, এই বিধ সাহিত্য বহুবৰ্ণময় আৰু অতি সঘনাই ইয়াৰ ৰূপ সলনি হৈ আহিছে। আলোচকসকলেও, একেষাৰতে চুটিগল্প কাক বোলে কব পৰা নাই । তথাপি কব পাৰি চুতি গল্প হল জীৱনৰ কোনো এক ঘটনা, পৰিস্থিতি বা মূহূৰ্তৰ বা জীৱন সম্পৰ্কে এক নিদিৰ্ষ্ট বাৰ্তা দৃঢ় সংবদ্ধ গাঁথনিৰে ৰসঘন কৰি বৰ্ণনা কৰা কল্পনাপ্ৰধান । 


2) অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা-কবিতাৰ ৰচক কোন? 


উত্তৰ - যতীন্দ্ৰনাথ দুৱাৰা । 


3) যতীন্দ্ৰনাথ দুৱাৰাৰ একমাত্র কথা কবিতাৰ পুথিখনৰ নাম কি? 


উত্তৰ - 'কথা কবিতা '। 


4) ' ওমৰ তীৰ্থ ' কাব্যপুথিৰ মূল কি? 


উত্তৰ - ফাৰ্চী ছুফী কবি খৈয়ামৰ ৰুবায়ত'।



Previous Post Next Post