বৰগীত কাক বোলে ?,বৰগীত সমূহ, বৰগীত সমূহ বৰগীত class 11 বৰগী কি ৰাগত বন্ধা আছে বৰগীত ৰাগ বসন্ত মাধৱদেৱৰ বৰগীত সংখ্যা বৰগীত মূলভাব,


বৰগীত কাক বোলে ?

অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোঁতাশ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত hiমাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্বিক ভাৱ পূৰ্ণনিৰ্দিষ্ট ৰাগ বিশিষ্টএক বিশেষ শৈলীৰে গোৱা গীত সমুহকেই বৰগীত বোলা হয় ৷ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখাৰে ব্রজাৱলী ভাষাত ৰচিত এই বৰগীত সমুহ হৈছে দুজনা গুৰুৰ এক অপূৰ্ৱ সৃষ্টি ৷

বৰগীতৰ বিষয়বস্তু বোৰ কি কি - 



বালগোপালৰ বিভিন্ন প্ৰকাৰৰ শিশু লীলাযেনে - দুষ্টালিখেল-ধেমালিচৌৰ্য্য- চাতুৰিভেম-পেঁচগোপ কৃষ্ণৰগোপী লীলাযেনে- গোপীৰ লগত কৰা বিভিন্ন ক্ৰিয়া- নৃত্যাদিৰ মনোজ্ঞ আৰু আমোদজনক চিত্ৰ;গোপীনিীৰ বিৰহ আৰু কৃষ্ণ প্ৰেমৰ ব্যাকুলতাউদ্ধৱৰ বান্ধৱ কৃষ্ণৰপ্ৰতি থকা প্ৰেম আৰু ভক্তি ; কৃষ্ণ- বিহীন বৃন্দাবনৰ অন্ধকাৰ চিত্ৰঁও অতি সুন্দৰকৈ এনে গীতত অংকিত হৈছে |
কোনো কোনো বৰগীতত মানৱ জীৱনৰ নশ্বৰতাধন-জনৰূপ-যৌৱনৰ অস্থায়িত্বকাম-ক্ৰোধাদি ৰিপুবোৰৰ দৌৰাত্ম আৰু ,আনহাতে ভক্তিৰ মাহাত্ম্যমুক্তিৰ বাবে ভক্তৰ ভগৱানৰ চৰণত আত্মসমৰ্পণ আদি পাৰমাৰ্থিক তত্বও বৰ্ণিত হৈছে |
শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ)টা গীত পোৱা যায়জনপ্ৰবাদ অনুসৰি তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দূৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে |
মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি পোৱা যায় যদিও বৰ্তমান সৰ্বমুঠ নকুৰি(এশ আশী) মান গীতহে পোৱা যায়| অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে |
বৰগীতৰ সাহিত্যিকসাংগীতিক আৰু আধ্যাত্মিক মূল্য অসমীয়াসংষ্কৃতিৰ এক অপূৰ্ৱ সম্পদ 




চমুকৈ লিখা

প্রঃ  কাক বােলে ?

উঃ (ক) শঙ্কৰদেৱ আৰু মাধৱদেৱৰ ৰচিত গীতসমূহকে বৰগীত বােলে। 
(খ) “আধ্যাত্মিক ভাৱ, তাৰ উপযােগী মার্জিত ভাষা আৰু স্বর্গীয় ৰাগ থকা প্রাচীন গীতক বৰগীত বােলে।” 


প্রঃ বিভিন্ন পণ্ডিতে বৰগীতক কি বুলি আখ্যা দিছে?

উঃ (১) ড° বাণীকান্ত কাকতি—Noble Numbers, Noble Song. 
(২) কালিৰাম মেধি— Great Song, Song Celestial. 
(৩) দেবেন্দ্রনাথ বেজবৰুৱা- Holy Song


প্রঃ ড° মহেশ্বৰ নেওগে বৰগীতক বৰগীত বােলাৰ কেইটা বৈশিষ্ট্য দাঙি ধৰিছে ?

উঃ চাৰিটা। 


প্রঃ এই বৈশিষ্ট্যকেইটা কি কি?

উঃ (ক) বিষয়বস্তুৰ সংযমশীলতা বা সংযম, 
(খ) বৰগীতৰ ভাষা, 
(গ) সুৰৰ বৈশিষ্ট্য
(ঘ) চৈধ্য প্রসঙ্গৰ পৰিক্ৰমাত সিবিলাকৰ স্থান। 


প্রঃ চৰিত পুথিৰ মতে গুৰুজনে কিমান বৰগীত লিখিছিল?

উঃ বাৰ কুৰি। 


প্রঃ বনপােৰা জুইত পােৰাৰ পিছত কিমান বৰগীত ৰক্ষা পৰিল?

উঃ ৩৪টা। 


প্রঃ যিজন ভকতে বৰগীতৰ পুথিখন আওৰাবলৈ নি জুইত পােৰালে তেওঁৰ নাম কি?

উঃ বৰপেটাৰ কমলা গায়ন। 


প্রঃ বৰগীতৰ ভাষা কি?

উঃ ব্ৰজাৱলী। 


প্রঃ হিন্দুস্থানী বড়গানা’ৰ লগত বৰগীতৰ কিবা সম্বন্ধ আছেনে?

উঃ নাই। 


প্রঃ শাস্ত্রীয় সঙ্গীতৰ নিয়ম মানিলেই বৰগীত হ’বনে ?

উঃ নহয়। 


প্রঃ শঙ্কৰদেৱৰ বৰগীতসমূহত তালৰ উল্লেখ আছেনে?

উঃ ষড় ছন্দৰ গীত’ বােলা তিনিটা গীতৰ বাদে বাকীবিলাক গীতত তালৰ উল্লেখ নাই। 


প্রঃ বৰগীতৰ প্ৰধান ভাগ কেইটা? সেই ভাগকেইটা কি কি?

উঃ ছটা। লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চৌর্য আৰু চাতুৰী। 


প্রঃ লীলা বিষয়ক বৰগীতসমূহক আৰু ভাগ কৰিব পাৰিনে?

উঃ পৰম পুৰুষ ভগৱন্তৰ লীলা বিষয়ক বৰগীতসমূহ জাগৰণ, খেলন, চলন, নৃত্য আদি ভাগত ভগাব পাৰি। 


Previous Post Next Post