Class 12 Assamese Question Answer – 2023 | দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ,মোৰ মাতৃমোখ দৰ্শন

 (ক) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটোৰ কৰ পৰা সংগ্রহ কৰা হৈছে?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্রথম খন্দ)ৰ পৰা সংগ্রহ কৰা হৈছে।

(খ) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত?

উত্তৰঃ সম্বলপুৰ ভাৰতৰ উড়িষ্যা ৰাজ্যত অবস্থিত।



(গ) বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে কৰ পৰা ক’লৈ যাত্রা কৰিছিল?

উত্তৰঃ বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে উৰিষ্যাত সম্বলপুৰৰ অসম (গুৱাহাটী)লৈ যাত্রা কৰিছিল।

(ঘ) ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা করোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা করোঁতে বেজবৰুৱাৰ সংগী হিচাপে পত্নী প্রজ্ঞাসুন্দৰী দেবী আৰু সৰু জীয়েক আছিল।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত চাৰিখন ধেমালীয়া নাটকৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমালি নাটকসমুহৰ নাম হৈছে-‘লিতিকাই’, ‘নোমল’, ‘পাচনি’, আৰু চিকৰপতি নিকৰপতি’।

Previous Post Next Post