অসমৰ ইতিহাস আৰু সংস্কৃতি
অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ । যাক পিছত কামৰুপলৈ সলনি কৰা হৈছিল।
প্ৰাক-ঐতিহাসিক প্ৰত্নতাত্ত্বিক সময়ৰ
সৈতে সম্পৰ্কিত অসমত কোনো ধৰণৰ মানৱ বসতি উপস্থিতিৰ প্ৰমাণৰ পোৱা নাযায় । নৱপ্ৰস্ত যুগত অসমৰ সংস্কৃতি ছয়টা পৃথক ভাগত ভাগ কৰা হয় : কাচাৰ পাহাৰ অঞ্চল , সদিয়াৰ সীমান্ত অঞ্চল, নাগা পাহাৰ অঞ্চল, খাছি পাহাৰ অঞ্চল, গাৰো পাহাৰ অঞ্চল, আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল। প্ৰাচীন ইতিহাসত কামৰুপৰ প্ৰাচীন শাসকক মহিৰঙ্গ দানব বুলি উল্লেখ কৰা হৈছিল। সেই সময়ৰ কামৰূপৰ শ্রেষ্ট ৰজা আছিল নৰকাসুৰ । নৰকাসুৰ ৰ উত্তৰ পুৰুষ সকলে উনৈশ প্ৰজন্মৰ লৈকে ৰাজ্য শাসন কৰিছিল । কিছুমান বুৰঞ্জী বিদৰ মতে ,ভাস্কৰ বৰ্মণৰ ৰাজত্ব কালত হীউ এন ছাং-এ ভ্ৰমণ কৰিবলৈ আহিছিল আৰু কিছুমান ঐতিহাসিক তথ্য বৰ্ণনা কৰিছিল । ১৩ শ শতিকাৰ আৰম্ভণিৰ সময়ত মোহাম্মদ বিন বখতিয়াৰ খিলিজীয়ে কামৰূপ দখল কৰিছিল। পৰৱৰ্তী পাঁচ শতীকা লৈকে, অসমত মুছলমান সকলৰ আক্ৰমণ চলিছিল ।
সেই সময়ত অসমত ১২২৮ চনত আহোম নামৰ এক অতি শক্তিশালী ৰাজবংশৰ উত্থান হয় আৰু ১৮২৬ চনত ইংৰাজ সকলৰ লগত মুখা মুখি হয়। ১৭শ শতিকাৰ প্ৰায়ভাগ সময় আহোম-মোগলৰ সংঘর্ষ দেখা যায় । যাৰ ফলত ১৬৭১ চনৰ শৰাইঘাট যুদ্ধ সৃষ্টি হয় আৰু মোগল সকল আহোমৰ হাতত পৰাস্ত হয় । আহোম সকলৰ সমস্যা ১৮ শ শতিকা লৈ অব্যাহত থাকে আৰু মোৱামৰীয়া বিদ্ৰোহৰ পিছৰ পৰা আহোম বংশৰ পতন আৰম্ভ হয় । ১৯ শতিকাৰ প্ৰথম ভাগত মানৰ আক্ৰমণৰ বাবে আহোম সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হব লগীয়া হয় । প্ৰথম এংলো-বাৰ্মা যুদ্ধত ব্ৰহ্মদেশ পৰাজিত হয় আৰু ১৮২৬ চনত ইয়াণ্ডাবু চুক্তিৰ পাছত অসমৰ নিয়ন্ত্ৰণ ইংৰাজৰ হাতলৈ যায়। শ্ৰীমন্ত্ৰ শকাৰদেৱৰ নেতৃত্বত ১৫শ শতিকাত বৈষ্ণৱ আন্দোলনে অসমীয়া সংস্কৃতিৰ বাবে এক নতুন মাত্ৰা ৰূপ লৈছিল ।
এই আন্দোলনৰ দ্বাৰা ভাষা, সাহিত্য আৰু ললিতকলা পৰিবেশন কৰাত যথেষ্ট অৱদান আগবঢ়া দেখা গৈছিল । অসমীয়া সংস্কৃতিৰ মহত্ত্ব পূৰ্ণ প্ৰতিকাত্মক তত্ত্ব হিচাপে 'তামুল-পান' , 'শৰাই' আৰু 'গামোচা' এই তিনিটা উপাদানক আলোকপাত কৰা হয় । গামোচা খনৰ এক মহান তত্ব আছে আৰু ই অসমীয়া লোকৰ জীৱন আৰু সংস্কৃতিক উপস্থাপন কৰে। দুগ-দুগী, গাম-খাৰু, ধল-বিৰি, আৰু কেৰু আদিৰ দৰে পাৰম্পৰিক সোণৰ গহনা বোৰ বিশ্ববিখ্যাত। অন্যহাতে, অসম ৰ তাঁতশিল্প ইয়াৰ স্বপ্ৰসিদ্ধ থলুৱা মুগা ৰেচম, পাট ৰেচম, আৰু এৰি ৰেচমৰ বাবেও বিখ্যাত।