জিকিৰ
দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ জিকিৰ
১/চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :
(ক)"......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।"
- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?
উত্তৰ: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে ।
খ)" সনক সনন্দ যোগী যাহাকু ধিয়ায় ।"
- সনক, সনন্দ আদি যোগী সকলে কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰ: কবিতাটিত কবিয়ে সনক, সনন্দ আদি যোগী সকলে ভগৱানক ধ্যান কৰে বুলি কৈছে ।
গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে ?
উত্তৰ: কবি বিষয় বিকলে আতুৰ হোৱা বুলি কৈছে ।
ঘ) বৰগীতটি কোনে ৰচনা কৰা ?
উত্তৰ: শ্ৰী মাধৱদেৱে ৰচনা কৰা ।
ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে ?
উত্তৰ: বৰগীতটি বসন্ত ৰাগত বন্ধা আছে ।
চ) কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে ?
উত্তৰ: কবিয়ে বান্ধৱ বুলি ভগৱানক সম্বোধন কৰিছে ।
ছ) "মোহ - পাশ" মানে কি ?
উত্তৰ: "মোহ - পাশ" মানে মায়াৰ বন্ধন ।
২) বৰগীতটিৰ মূলভাৱ লিখা ।
উত্তৰ:
বৰগীতটিৰ মূল ভাৱ হ'ল -
মোৰ পিতৃ হিচাপে তোমাৰ চৰণত হৰণ ললো ।
যাতে আপোনাৰ আশীৰ্বাদ লৈ থাকিব পাৰোঁ । আপোনাৰ মহিমা অপৰিসীম , আপোনাৰ দয়া, গুণ আদিৰো কোনো সীমা নাই । যাৰ কোনো উদাহৰণ নাই । সনক সনন্দৰ দৰে বিখ্যাত যোগী সকলেও যোগ ধৰি ধ্যান কৰিও আপোনাৰ মহিমা নিৰ্ণয় কৰিব পৰা নাই । সীমাহীন জ্ঞান দিব পৰা শাস্ত্ৰয়েও আপোনাৰ মহিমাৰ কোনো সীমা বিচাৰি উলিয়াব পৰা নাই । মই এজন সাধাৰণ মানুহ হৈ কেনেকৈনো আপোনাৰ মহিমা উপলদ্ধি কৰিব পাৰিম । আপুনিয়েই হ'ল ভক্ত সকলৰ প্ৰাণ, আপোনাৰ বাহিৰে তেওঁলোকৰ কোনো নাই । গতিকে, প্ৰভূ মোক দয়া কৰি আপোনাৰ দাসৰো দাস হিচাপে থাকিবলৈ দিয়ক ।
(৩) বৰগীতটি ৰচকৰ চমু পৰিচয় দিয়া ।
দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ
উত্তৰ: বৰগীতটিৰ ৰচকৰ নাম শ্ৰী মাধৱ দেৱ । তেখেতৰ জন্ম হৈছিল লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত । তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে গোবিন্দগীৰি ভূঞা আৰু মনোৰমা । তেখেত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল । শ্ৰী মাধৱদেৱৰ কীৰ্তিস্তম্ভ হল "নামঘোষা" । তেখেতৰ ৰচনা ৰাজি হল -
আখ্যান মূলক ৰচনা - ৰাজসূয়া কাব্য , আদি কাণ্ড ৰামায়ণ ।
তত্বমূলক ৰচনা - জন্ম ৰহস্য , ভক্তি ৰত্নাৱলী , নামমালিকা ।
নাটক - দধিমথন ।
ঝুমুৰা - চোৰধৰা , পিম্পৰা গুচুৱা , ভূমি লেটোৱা , ভোজনবিহাৰ ।
(৪) ব্যাখ্যা কৰা :
ক) সহস্ব বয়নে যাৰ নপায়ন্ত সীমা ।
অধমে জানিবো কেনে তোমাৰ মহিমা ।
উত্তৰ: উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" টিৰ পৰা তুলি দিয়া হৈছে ।
সীমাহীন জ্ঞান দিব পৰা শাস্ত্ৰয়েও য'ত আপোনাৰ মহিমাৰ সীমা উপলদ্ধি কৰিব পৰা নাই । সনক সনন্দৰ দৰে ডাঙৰ যোগী সকলে যোগ ধৰি ধ্যান কৰি আপোনাৰ মহিমা উপলদ্ধি কৰিব পৰা নাই । মইনো এজন সাধাৰণ মানুহে আপোনাৰ মহিমা কেনেকৈ উপলদ্ধি কৰিম ।
খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে ।
কৰিও উদ্ধাৰ মোক চৰণ কমলে ।
উত্তৰ: উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" টিৰ পৰা তুলি দিয়া হৈছে ।
আতুৰ হলো মই প্ৰভু এই সংসাৰৰ মায়া মোহত । আপুনিটো দয়াৰ সাগৰ প্ৰভো আপোনাৰ দয়া,মহিমাৰ কোনো সীমা নাই । অজস্ৰ জ্ঞান দিব পৰা শাস্ত্ৰয়েও আপোনাৰ মহিমাৰ কোনো উপলদ্ধি কৰিব পৰা নাই । সনক সনন্দৰ দৰে যোগী সকলে যোগ ধৰি ধ্যান কৰিও আপোনাৰ উপলদ্ধি কৰিব পৰা নাই । মই প্ৰভু আপোনাক প্ৰাৰ্থনা কৰিছো আপুনি মোক উদ্ধাৰ কৰি আপোনাৰ পদুম ফুলৰ দৰে কোমল ভৰি যোৰ চুবলৈ দিয়ক ।
(৫)'পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।।
উত্তৰঃ উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰ দ্বাৰা ৰচিত 'জিকিৰ'ৰ
পৰা তুলি দিয়া হৈছে।
সজ মনোবৃত্তিৰে সন্ধান কৰিলে নিজৰ মাজতেই যে আল্লাক বিচাৰি পাব পৰা যায়, এই
কথাকে স্তৱকটোৰ মাজেৰে কবিয়ে ক'ব বিচাৰিছে।।
কবিয়ে দয়াৰ সাগৰ আল্লাৰ স্বৰূপক বুজিবলৈ চেষ্টা কৰি উপলব্ধি কৰিছে যে, প্রতিজন
মানুহৰ মাজতে আল্লা বিৰাজমান। পানীৰ নিজৰ মাজতে তৃষ্ণা নিবাৰণৰ সকলো উপাদান
থাকে। তেনে ক্ষেত্ৰত পানী পিয়াহত আতুৰ হোৱা কথাটো অবান্তৰ মাথোন। আনহাতে,
অগ্নিৰো নিজৰ মাজতে জাৰ নিবাৰণৰ উপাদান বিৰাজমান। তেনে ক্ষেত্ৰত অগ্নি জাৰত
আক্রান্ত হোৱাটোও অবান্তৰ কথা। একেদৰে প্রতিজন মানুহৰ অন্তৰতে আল্লা বিৰাজমান
হোৱাৰ হেতুকে তেওঁক বাহিৰত বিচাৰি ফুৰাটোও অবান্তৰ কথা। তৎস্বত্বেও নিজৰ মাজত
থকা আল্লাৰ অৱস্থিতিৰ উমান নাপাই মানুহে তেওঁক তীর্থস্থানসমূহত বিচাৰি হাবাথুৰি খায়।
কবিৰ মতে, প্রকৃতপক্ষে প্রতিজন বিশ্বাসী মুছলমানৰ অন্তৰতে আল্লা প্রেৰিত দূত বিৰাজমান।
তেওঁক বিচাৰি উলিয়াবলৈ লাগে মাথো আল্লাৰ প্রতি অগাধ বিশ্বাস আৰু আস্থা।
Tags
ASSAMESE