ইন্টাৰনেটৰ তিতা – মিঠা – সমাধান,ইন্টাৰনেটৰ তিতা - মিঠা দশমশ্ৰেণী || Assamese Question Answer Class 10 ||Class 10 Assamese Lesson 9 ইন্টাৰনেটৰ তিতা মিঠা 2020,ইন্টাৰনেটৰ তিতা-মিঠা, ড০ প্রণয়ী দত্ত,Class 10 Assamese পাঠ-9 ইন্টাৰনেটৰ তিতা – মিঠা – সমাধান


ইন্টাৰনেটৰ তিতা-মিঠা

                                     ড০ প্রণয়ী দত্ত

ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? 


উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীর্ণ হোৱাৰ বাবে দেউতাকে 


কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল৷ 


                                    

ইন্টাৰনেটৰ তিতা মিঠা



খ) ইন্টাৰনেট কি? 


উ্ত্তৰঃ ইন্টাৰনেট হৈছে বিশ্বব্যাপী থকা কম্পিউটাৰৰ এক নেটৱর্ক ব্যৱস্থা৷ 


'ইন্টাৰকানেকশ্যন অৱ নেটৱর্ক' শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজনেৰে ইন্টাৰনেট 


শব্দটো সৃষ্টি হৈছে৷ 

                                    

ইন্টাৰনেটৰ তিতা মিঠা



গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল? 


উত্তৰঃ দেউতাকৰ চাকৰিসূত্ৰে মস্কোলৈ পঢি়বলৈ যোৱা কুঁৱলীৰ অন্তৰংগ বান্ধবী 


শ্বেৰণলৈ কুঁৱলীয়ে প্ৰথমে ই-মেইল কৰিছিল৷ 


ঘ) পূজাৰ বন্ধত কুঁৱলীহতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? 


উ্ত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁত সপৰিয়ালে দিক্ষণ ভাৰতলৈ ফুৰিবলৈ যোৱাৰ 


সিদ্ধান্ত লৈছিল৷ 

                                                   

ইন্টাৰনেটৰ তিতা মিঠা

ঙ) ভাইৰাচ কি? 


উ্ত্তৰঃ ভাইৰাচ শব্দটোৰ সম্পূর্ণ ৰূপ হৈছে 'ভাইটেল ইনফৰমেচন ৰিচ'ৰ্চে চ 


আন্ডাৰ চেইজ' (Vital Information Resources under Seized)৷ 


ক্ম্পিউটাৰ ভাইৰাচ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা কম্পিউটাৰ 


প্ৰগ্ৰেম৷ 

                                                

ইন্টাৰনেটৰ তিতা মিঠা

২) www বা ৱেব কি? 


উ্ত্তৰঃ www শব্দটোৰ সম্পূর্ণ ৰূপ হ'ল 'ৱৰ্ল্ড ৱাইড ৱেব'(World Wide 


Web)৷ ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পৃথিৱীখ্যাত 'চার্ণ' 


গৱেষণাকেন্দ্ৰত 'ৱৰ্ল্ড ৱাইড ৱেব'ৰ ধাৰণাটো অংকুৰিত হৈছিল৷ পৃথিৱীজুৰি 


সিঁচৰিত হৈ থকা লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন 


তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে এই www বা ৱেব৷ ইয়াত তথ্যবোৰ টেক্সট, 


গ্ৰাফিকচ, ভিডিঅ', অডিঅ' আদি মাধ্যমত 'ষ্ট'ৰ' হৈ থাকে৷ 


৩) কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব 


পাৰিলে? 


উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ যোগেদি বন্ধু-বান্ধবীৰ পৰা তেওঁ লোকৰ দেশ ভ্ৰমণৰ 


চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব 


পাৰিলে৷ 


৪) ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? 


উ্ত্তৰঃ ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে আনলৈ ই-মেইল প্ৰেৰণ কৰিব পাৰিলে৷ 


ভিডিঅ' কলিঙেৰে দূৰ দেশৰ বান্ধবীৰ লগত মুখামুখীকৈ কথা পাতিব পাৰিলে৷ 


বিজ্ঞান বিষয়ৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকিলে৷ দিক্ষণ ভাৰত 


ফুৰিবলৈ যোৱাৰ সময়ত কুঁৱলীয়ে ইন্টাৰনেটৰ সহায়তে টিকট, হোটেল আদি বুক 


কৰিলে৷ আনকি ই-বেংকিং ব্যৱস্থাৰ লগতো তাইৰ পৰিচয় হ'ল৷ কম্পিউটাৰত 


ভাইৰাচৰ আক্ৰমণৰ ফলত হোৱা সমস্যাৰ লগতো তাই পৰিচিত হ'ল৷ লগতে 


পঢ়া-শুনাতো সমস্যাৰ সৃষ্টি হ'ল আৰু পৰীক্ষা বেয়া হ'ল৷ ইয়াৰ লগতে 


ইন্টাৰনেটৰ ৰঙীণ জগতখনৰ ফলত যেন তাই পৰিয়ালৰ মানুহবোৰৰ পৰা 


ক্ৰমাৎ আঁতৰি আহিবলৈ আৰম্ভ কৰিছে সেই অনুভৱো হ'ল কুঁৱলীৰ৷ 


৫) ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? 


উ্ত্তৰঃ ভাইৰাচ শব্দটোৰ সম্পূর্ণ ৰূপ হৈছে 'ভাইটেল ইনফৰমেচন ৰিচ'ৰ্চে চ 


আন্ডাৰ চেইজ' (Vital Information Resources under Seized)৷ 


ক্ম্পিউটাৰ ভাইৰাচ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা কম্পিউটাৰ 


প্ৰগ্ৰেম৷ ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি 


সেইবোৰত বিজুতি ঘটাব পাৰে৷ 


৬) 'ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে৷'- কথাষাৰৰ 


বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত 


বুজাই লিখা৷ 


উ্ত্তৰঃ 'ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে৷'- এই 


কথাষাৰৰ বক্তা আছিল শ্বাবানা বাইদেউ৷ 


আন সকলো ভৌতিক বস্তুৰ দৰেই ইন্টাৰনেটৰো ভাল আৰু বেয়া দুয়োটা দিশ 


আছে৷ ইন্টাৰনেটৰ প্ৰচলনৰ ফলত হোৱা সুবিধাসমূহ হ'ল – 


ক) ই পৃথিৱীখনক এখন গাঁৱলৈ ৰূপান্তৰ কৰিছে৷ 


খ) ব্যৱসায়-বাণিজ্য, যোগাযোগ, পৰিবহন আদিবোৰ পৰিচালনা সহজ হৈছে৷ 


গ) শিক্ষা, স্বাস্থ্য আদি দিশৰ জ্ঞান অর্জন সহজ হৈ পৰিছে৷ 


আনহাতে, ইন্টাৰনেটৰ প্ৰচলনৰ ফলত ভালেমান অসুবিধাও আহি পৰিছে৷ তেনে 


কেতবোৰ অসুবিধা হ'ল – 


ক) ইন্টাৰনেটৰ অবাধ প্ৰচলনৰ ফলত বিভিন্ন চ'চিয়েল মিডিয়াত নতুন প্ৰজন্ম 


সোমাই পৰিছে৷ ফলত তেওেঁলাকে খেলা-ধূলা, পঢ়া-শুনা সকলোবোৰলৈ পিঠি 


দিছে৷ 

                                ইন্টাৰনেটৰ তিতা মিঠা

খ) চ'চিয়েল মিডিয়াসমূহৰ মাধ্যমেৰে বহুতো ভুৱা বাতৰি প্ৰচাৰিত হয়৷ ইয়াৰ 


দ্বাৰা বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ লগতে সমাজত ভয়ানক সমস্যাৰো সৃষ্টি হ'ব পাৰে৷ 


গ) ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত সমাজখনৰ লগত নতুন প্ৰজন্মৰ সম্পর্ক 


দ্ৰুতগতিত কমি গৈছে৷ মানুহবোৰ আত্মকেন্দ্ৰীক হ'বলৈ আৰম্ভ কৰিছে৷ 


৭) 'ইন্টাৰনেটৰ তিতা-মিঠা' গল্পটোৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা৷ 


উত্তৰঃ একোটা গল্পৰ নামকৰণত সাধাৰণতে তিনিটা বিষয়ে স্থান পোৱা দেখা 

যায়৷ 


                            

ইন্টাৰনেটৰ তিতা মিঠা

ক) কেন্দ্ৰীয় ভাৱ খ) মূল চৰিত্ৰ আৰু গ) বিষয়বস্তু 

'ইন্টাৰনেটৰ তিতা-মিঠা' নামৰ গল্পটোত কেন্দ্ৰীয় ভাৱ আৰু বিষয়বস্তু দুয়োটা 

দিশেই স্থান পোৱা দেখা যায়৷ গল্প


.................................................................................

ইন্টাৰনেটৰ তিতা-মিঠা,


.............................................................     

ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে 




 ‘

ইন্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা ।




✂ ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্র-ছাত্রীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা । 

 ইণ্টাৰনেটৰ মিঠা/সুবিধা/সুফল/সুযোগ সমূহ হ’লঃ

                                

ইন্টাৰনেটৰ তিতা মিঠা

 (ক)ইণ্টাৰনেটৰ সহায়ত বিজ্ঞান, কলা আৰু আন সকলো ক্ষেত্রৰ বিষয়সমূহ ইণ্টাৰনেটৰ মাধ্যমেৰে জানিব পাৰি । 


 (খ)ইণ্টাৰনেটৰ মাধ্যমেৰে শব্দবোৰৰ পৃষ্ঠাজুৰি বিৱৰণ পাব পাৰি । (গ)সমগ্র বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ আছে ।


 (ঘ) দেশ ভ্রমণৰ চাক্ষুস অভিজ্ঞতা আরু নিজস্ব দৃষ্টিভংগীৰ ৰোমাঞ্চকৰ সোৱাদ ইমেইলৰ মাধ্যমেদি প্রেৰণ বা গ্রহণ কৰি চাব পাৰি ।

 (ঙ) ইমেইলৰ জৰিয়তে ভিডিঅ’ কলিং ব্যৱহাৰ কৰি মুখা-মুখিকৈ বহি কথা পাতিব পাৰি ।

 (চ) ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ নানান পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকিব পৰা যায় । 

 (ছ) নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা গীতসমূহ আৰু খেলা-ধূলা উপভোগ কৰি মন প্রফুল্লিত কৰিব পাৰি ।


 (জ)টিকট কটা, হোটেলৰ বন্দৱস্ত কৰা, হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটো পৰিদৰ্শন কৰা লগতে ই-বেংকিঙৰ সহায়ত ভাৰাসমূহ জমা দিয়া আদি কামসমূহ কৰিব পাৰি ।


 (ঝ) নেট আৰু ই-কমাৰ্চৰ মাধ্যমেৰে ভ্রমণৰ সাজ-পোছাক আৰু অন্যান্য লাগতিয়াল সা-সামগ্রীসমূহ ঘৰতে বহি ক্রয় কৰি সময় আৰু কষ্ট লাঘৱ কৰিব পাৰি । ইণ্টাৰনেটৰ তিতা/অসুবিধাসমূহ/কুফলসমহ/প্রতিবন্ধকতাসমূহঃ 


 (ক) ফেচবুক, ৱাটচএপ আদি চ’চিয়েল মিডিয়াৰ বাবে নতুন প্রজন্মই কিতাপ আৰু খেলা-ধূলাৰ পৰা আতৰি গৈছে । (খ) ফেচবুক, ৱাটছএপ, টুইতাৰ, ইউ টিউব আদিত বহুতো মিছা আৰু ভুৱা বাতৰি সমাজত প্রচলিত হৈ ভয়ানক সমস্যাৰ সৃষ্টি হয় ।


 (গ) কিছুমান বিশ্বাসযোগ্যতাৰ প্রমাণ নোহোৱা বাতৰিও চ’চিয়াল মিডিয়াৰ মাধ্যমেদি প্রচাৰ হয় ।


 (ঘ) ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে সমনীয়া বা বয়োজ্যেষ্ঠসকলৰ প্রতি থকা বন্ধুত্ববোধ আৰু দায়িত্ববোধ ক্রমান্বয়ে হ্রাস কৰিছে । 


 (ঙ) ইণ্টাৰনেটৰ ব্যৱহাৰত কৰা সময়ৰ অপচয়ে পঢ়া আৰু সমাজৰ প্রতি থকা দায়বদ্ধতা অক্ষুণ্ণ ৰখাত সমস্যাৰ সৃষ্টি হৈছে । 


 (চ)ফেচবুক, ৱাটছএপ, টুইতাৰ, ইউ টিউব আদিৰ মেচেজবোৰতে স্কুল, কলেজ, অনুষ্ঠান, গাড়ীত যাত্রা কৰোতে আদি সকলোতে প্রায় সকলো নতুন প্রজন্ম ব্যস্ত থাকে ।  


 (ছ) শেহতীয়াকৈ, ইণ্টাৰনেটৰ মাধ্যমত উপলব্ধ গেম বা খেলবোৰে নতুন প্রজন্মৰ সময়, পঢ়া আৰু আন আন সু চিন্তা আরু কাৰু -কাৰ্যসমূহত বাধাৰ সৃষ্টি কৰিছে । 


 (জ) ইণ্টাৰনেটে বাহিৰা কিতাপ, বাতৰি কাকত, আলোচনী আদিৰ লগত শিক্ষার্থীসকলৰ সম্পর্ক হ্রাস কৰিছে ।     


এনেদৰে “ইণ্টাৰনেটৰ তিতা-মিঠা” পাঠটিত নাম অনুসাৰে ইণ্টাৰনেটৰ মিঠা/সুবিধা/সুফল/সুযোগ সমূহক ব্যক্ত কৰিছে আৰু আনহাতে তিতা/অসুবিধা/কুফল/দুৰ্যোগ সমূহক উপস্থাপন কৰিছে ।.................................

ইন্টাৰনেটৰ তিতা - মিঠা দশমশ্ৰেণী || Assamese Question Answer Class 10 ||Class 10 Assamese Lesson 9  ইন্টাৰনেটৰ তিতা মিঠা 2020,ইন্টাৰনেটৰ তিতা-মিঠা, ড০ প্রণয়ী দত্ত,Class 10 Assamese পাঠ-9 ইন্টাৰনেটৰ তিতা – মিঠা – সমাধান

Previous Post Next Post