Environmental science GK in Assameseপ্রাকৃতিক পৰিৱেশ।। প্রাকৃতিক পৰিবেশৰ প্ৰধান ভাগ।।ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশ।প্রাকৃতিক পৰিবেশৰ অৱনতি।।বায়ুমণ্ডল।।বায়ুমণ্ডলৰ পদাৰ্থ।।প্রাকৃতিক পৰিবেশৰ প্রাণীসমূহৰ ভাগ।।প্রাকৃতিক পৰিবেশৰ

 

প্ৰাকৃতিক পৰিবেশ,ভৌতিক,জৈৱিক,বায়ুমণ্ডল,পৰিৱেশৰ উপাদান


প্ৰ: প্রাকৃতিক পৰিৱেশ কাক বোলে? 

উ: গছ-গছনি, জীৱ-জন্তু, বায়ু, পানী আৰু মাটিৰে পৰিৱেষ্টিত চৌপাশকে প্রাকৃতিক পৰিবেশ বােলা হয়।প্রতিটো জীৱই পৰিবেশৰ লগত নিজকে খাপ খুৱাই জীৱন ধাৰণ কৰে। তদুপৰি জীৱ সমূহৰ বিকাশ আৰু বংশ বৃদ্ধিত নিজ নিজ পৰিবেশে প্রত্যক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। 

আমাৰ পৃথিৱীখন সৌৰজগতৰ এক বৈচিত্রময় গ্রহ। ইয়ে একমাত্র গ্রহ য'ত সৃষ্টি হৈছে নানা বিধৰ গছ-গছনি, মানুহকে ধৰি বিভিন্ন প্রজাতিৰ জীৱ-জন্তু আৰু লগতে অসংখ্য ক্ষুদ্রাতিক্ষুদ্র অণুজীৱৰ। এই সকলােবােৰেই প্ৰকৃতিৰ একো একোটি অংশ। প্রকৃতি ৰাজ্যত প্ৰতিটো জীৱ আন জীৱৰ ওপৰত পৰস্পৰ নিৰ্ভৰশীল। কোনাে জীৱই অকলশৰে জীয়াই থাকিব নােৱাৰে। উদাহৰণ স্বৰূপে, সকলাে জীৱ-জন্তুৱেই আহাৰৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। তেনেদৰে উদ্ভিদেও জীৱ-জন্তুৰ ওপৰত নিৰ্ভৰ নকৰাকৈ বৰ্তি থাকিব নােৱাৰে। আনহাতে প্রকৃতিৰ অন্যতম অংশবিশেষ বায়ু, পানী আৰু মাটি, এই তিনিবিধ অজৈৱ পদার্থ জীৱ সমূহৰ অস্ত্বিত্বৰ বাবে অপৰিহার্য। প্রতিটো জীৱই এই অজৈৱ পদার্থ সমূহৰ লগত অহৰহ ক্রিয়া-বিক্রিয়া কৰিহে বৰ্তি থাকে। 



ভৌতিক পৰিবেশ কাক বোলে? 

ভৌতিক পৰিবেশ বুলিলে আমি বায়ু, পানী আৰু মাটিৰ কথাকে বুজো। ভৌতিক পৰিবেশক নিয়ন্ত্রিত কৰে সৌৰশক্তিয়ে। ই অহৰহ বায়ু, পানী আৰু মাটিৰ লগত ক্রিয়া-বিক্রিয়া চলাই থাকে।


কোনাে এটা অঞ্চলত বাস কৰা জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-গছনি আদিয়ে জৈৱিক পৰিবেশ গঠন কৰে। জৈৱিক পৰিবেশত বিভিন্ন প্রজাতিৰ মাজত সম্পর্ক বিৰাজমান। প্ৰতিটো প্রজাতি আন প্ৰতিটো প্ৰজাতিৰ ওপৰত প্ৰত্যক্ষ অথবা পৰােক্ষভাৱে নিৰ্ভৰশীল এটা প্ৰজাতিৰ হীন-ডেঢ়ি হলেই ইয়াৰ প্ৰভাৱ আন প্ৰজাতিৰ ওপৰতাে পৰে। অর্থাৎ জৈৱিক পৰিবেশৰ প্ৰতিটো প্ৰজাতিৰ নিজস্ব গুৰুত্ব আছে। কথাষাৰ বুজিবলৈ এটা উদাহৰণ লােৱা যাওঁক। যদিহে এটা অঞ্চলৰ পৰা সাপবােৰ নাইকিয়া হৈ যায়, অথবা ইহঁতক মাৰি পেলােৱা হয়, তেনেহ'লে তাত থকা এন্দুৰ, নিগনি, ভেকুলী আদিৰ সংখ্যা তীব্রভাৱে বাঢ়ি যাব। কিয়নাে, সাপে এন্দুৰ, নিগনি আৰু ভেকুলী খাই জীৱন নির্বাহ কৰে। এন্দুৰ, নিগনিৰ সংখ্যা অধিক হ'লে, খেতি পথাৰৰ শস্য অধিকভাৱে ক্ষতিগ্রস্ত হ'ব। ভেকুলীৰ সংখ্যা বাঢ়ি গ'লে প্ৰকৃতিৰ কিছুমান উপকাৰী পােক-পতংগ ইহঁতে অধিক পৰিমাণে খাব। পােক-পতংগ কমি গ'লে ইহঁতৰ দ্বাৰা উদ্ভিদৰ বংশ বৃদ্ধিৰ প্রক্রিয়া ব্যাহত হ'ব। এতিয়া দেখা গ'ল যে সাপ নিধনৰ ফলত পৰােক্ষভাৱে সমগ্র উদ্ভিদ জগতৰ ওপৰতে প্ৰভাৱ পৰিব। 


জৈৱিক পৰিবেশ কাক বোলে? 

জৈৱিক পৰিবেশ প্রকৃততে এক প্রতিযােগিতাৰ পৰিবেশ। ইয়াত প্রতিযােগিতা চলে খাদ্যৰ বাবে, বাসস্থানৰ বাবে আৰু লগতে ভৌতিক পৰিবেশক নিজৰ সুবিধার্থে ব্যৱহাৰ কৰাৰ বাবে। এইখিনিতে এটা উদাহৰণ দিয়া যাওঁক। ধৰাহওঁক, এটি জিঞাই 

ফুলৰ ৰস পান কৰি গছৰ পাত এটাত বহি ৰ'দ লৈ আছে। এনেতে তেজপিয়া এটিৰ চকু পৰিল। জিঞাটোৰ ওপৰত। সি জিঞাটোক পুটুককৈ গিলি থলে। প্রকৃতি ৰাজ্যত তেজপিয়াটো নিৰাপদ নহয়। আহাৰ বিচাৰি ঘূৰি ফুৰা সাপ এড়ালে হঠাতে তেজপিয়াটো দেখা পালে। সাপালে অলপাে সময় নষ্ট নকৰিলে। সাপডালে তেজপিয়াটোক খাই থলে। সাপছালৰ জীৱন জানাে নিৰাপদ!নহয়। এনেতে আকাশত উৰি থকা সাপকাটা চৰাই এটি চোঁ মাৰি আহি সাপাল খাই পেলালে। এনেদৰে প্ৰকৃতিৰাজ্যত বিভিন্ন প্রজাতিৰ জীৱ-জন্তুৰ মাজত খাদ্যৰ বাবে প্রতিযােগিতা চলি আছে। 

Share:
Copyright © ASSAMESEMADIUM | Powered by Blogger & | DESIGN BY ASSAMESEMADIUM