পৰিৱেশ বুলিলে কি বুজা  ? (What is Environment ?)|| পৰিৱেশ আৰু প্ৰদূষণ||


 

                 পৰিৱেশ আৰু প্ৰদূষণ   

(1) পৰিৱেশ বুলিলে কি বুজা  ?



Ans : পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে আগুৰি থকা জীৱ আৰু জড় বা জৈবিক আৰু অজৈবিক

সকলো পদাৰ্থৰ সমষ্টিয়েই হল পৰিৱেশ । পৰিৱেশৰ ইংৰাজী প্ৰতিশব্দ environment শব্দটো
ফৰাচী ভাষাৰ environ শব্দৰ পৰা আহিছে । ইয়াৰ অৰ্থ হৈছে আমাৰ চাৰিওফাল জৈবিক আৰু
 অজৈবিক  উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতি ।


(2)পৰিৱেশ প্ৰদূষণ মানে কি ? ইয়াৰ কাৰণ বোৰ কি কি ?, প্ৰদূষণ কাৰী কাৰক বোৰ কি ?



উত্তৰ:

এক কথাত কবলৈ গলে পৰিবেশ মানে আমাৰ চাৰিও ফালে থকা জৈৱিক আৰু অজৈৱিক উপাদানৰ সমষ্টি । এই বিশ্ব খনত পৰিবেশীয় উপাদান নাথাকিলে বৰ্তমানে আমি আৰু এই পৃথিৱী নামৰ গ্ৰহও নাথাকিলে হয় ।
 মানৱ প্ৰজাতি আৰু গোটেই বিশ্বৰ জীয়াই ৰখাৰ  বাবে ভাল পৰিবেশৰ আৰু প্ৰদূষণমুক্ত হোৱাৰ  প্ৰয়োজন ।


3. পৰিৱেশ প্ৰদূষণ কেনেকৈ হয়  ? 

উত্তৰ :

পোনপটীয়া কৈ আৰু বিতং ভাবে যদি আমি পৰিৱেশ প্ৰদূষণৰ সংজ্ঞা দিওঁ তেন্তে এই দৰে কব পাৰো ।
পৃথিৱী ব্যাপী গোটেই জীৱমণ্ডল আৰু জড় মণ্ডলক আগুৰি থকা এক নিৰ্দষ্ট ঠাই যদি বিশেষ কাৰকৰ ফলত মানুহ আৰু জীৱ জগতৰ লগতে ,ৰাসায়নিক আৰু জৈৱিক জগতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা এক কু প্ৰভাৱ ।
আপুনি ইয়াক বিনামূলীয়াকৈ পাব পাৰে। অধিক তথ্যৰ বাবে এইটো ক্লিক কৰক

4.পৰিবেশ প্ৰদূষণ কৰা বিশেষ কাৰক বোৰ কি কি ?


উত্তৰ:

প্ৰদূষণৰ কাৰক বহুতো হব পাৰে যেনে ।
১, অনিষ্ট কাৰী বেক্টেৰিয়া।
২, মৰা জীৱ জন্তু ।
৩, ৰাসায়নিক কাৰখানা ।
৪, গাড়ী মটৰ ইত্যাদি 

5.প্ৰদূষণ কাৰী বস্তুবোৰ কি ? 


উত্তৰ : যি বোৰ জীবিত আৰু ভৌতিক পদাৰ্থই  তাপ , শক্তি, আদি বোৰ অধিক পৰিমানত উপস্থিত থাকি পৰিবেশৰ ওপৰত কু প্ৰভাব পেলায় সেই বোৰেই প্ৰৰদূষন কাৰি বস্তু ।

#ভিন্ন প্ৰকাৰৰ প্ৰদূষণ 
বায়ু প্ৰদূষণ 
পানী প্ৰদূষণ 
মাটি প্ৰদূষণ
শব্দ প্ৰদূষণ 

6.বায়ু প্ৰদূষণ মানে কি ? 

পৰিবেশ বুলিলে কি বুজা

উত্তৰ 

পৰিবেশ বুলিলে কি বুজা

 আমাৰ চাৰিও ফালে থকা বায়ুমণ্ডলত যেতিয়া ভিন্নপ্ৰকাৰৰ ধূলিকনা আৰু বেক্টেৰিয়া ৰ লগতে ডাঙৰ ডাঙৰ ৰাসায়নিক কাৰখানাৰ ধুৱাই কৰা কু প্ৰভাৱকেই বায়ু প্ৰদূষণ বুলি কব পাৰো ।

7.পানী প্ৰদূষণ কি ?


উত্তৰ 

 পৃথিৱীত থকা জলপৃষ্ঠৰ পানী ত যেতিয়া বিষাক্ত দ্ৰব্য আৰু বেক্টেৰিয়াই কু প্ৰভাৱ পেলায় , আৰু জল মণ্ডলৰ জীৱবোৰৰ জীৱনত আৰু পৰোক্ষ ভাবে  মানৱ জাতিৰ কৰ্ম স্থলৰ লগতে খাদ্যত অন্ধকাৰ আনি তোলে তাকেই পানী প্ৰদূষণ বোলে ।

8.মাটি প্ৰদূষণ কি ?


উত্তৰ 

কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত আৱৰ্জনা , ৰাসায়নিক সাৰ আদিৰ প্ৰয়োগৰ ফলত মাটিৰ উৰ্বৰতা শক্তি কমে তাকেই মাটি প্ৰদূষণ বোলে।

উত্তৰ 

পৰিবেশ বুলিলে কি বুজা

পৰিবেশ বুলিলে কি বুজা


ভিন্ন প্ৰকাৰৰ কোলাহল যুক্ত ঠাইত বা গাড়ীমটৰৰ পৰা ওলোৱা হৰণে এক প্ৰকাৰৰ প্ৰদূষণ কৰে তাক শব্দ প্ৰদূষণ কব পাৰো ।

পৰিবেশ বুলিলে কি বুজা

SOME EXTRA NOTES




6.বায়ু প্ৰদূষণ মানে কি ? 


উত্তৰ 
 আমাৰ চাৰিও ফালে থকা বায়ুমণ্ডলত যেতিয়া ভিন্নপ্ৰকাৰৰ ধূলিকনা আৰু বেক্টেৰিয়া ৰ লগতে ডাঙৰ ডাঙৰ ৰাসায়নিক কাৰখানাৰ ধুৱাই কৰা কু প্ৰভাৱকেই বায়ু প্ৰদূষণ বুলি কব পাৰো ।

7.পানী প্ৰদূষণ কি ?


উত্তৰ 

 পৃথিৱীত থকা জলপৃষ্ঠৰ পানী ত যেতিয়া বিষাক্ত দ্ৰব্য আৰু বেক্টেৰিয়াই কু প্ৰভাৱ পেলায় , আৰু জল মণ্ডলৰ জীৱবোৰৰ জীৱনত আৰু পৰোক্ষ ভাবে  মানৱ জাতিৰ কৰ্ম স্থলৰ লগতে খাদ্যত অন্ধকাৰ আনি তোলে তাকেই পানী প্ৰদূষণ বোলে ।

8.মাটি প্ৰদূষণ কি ?


উত্তৰ 

কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত আৱৰ্জনা , ৰাসায়নিক সাৰ আদিৰ প্ৰয়োগৰ ফলত মাটিৰ উৰ্বৰতা শক্তি কমে তাকেই মাটি প্ৰদূষণ বোলে।

9.শব্দ প্ৰদূষণ কি ? 


উত্তৰ :ভিন্ন প্ৰকাৰৰ কোলাহল যুক্ত ঠাইত বা গাড়ীমটৰৰ পৰা ওলোৱা হৰণে এক প্ৰকাৰৰ প্ৰদূষণ কৰে তাক শব্দ প্ৰদূষণ কব পাৰো ।  


*বায়ু প্ৰদূষণ বুলিলে কি বুজা?             

উত্তৰ:- পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত। জুলীয়া আৰু গোটা পদাৰ্থও কিছু পৰিমাণে বিভিন্ন অৱস্থাত বায়ুমণ্ডলত থাকে। গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰ'জেন (৭৮.০৮ শতাংশ), অক্সিজেন (২০.৯৪ শতাংশ), কাৰ্বন-ডাই-অক্সাইড (০.০৩৫ শতাংশ) আদিয়েই প্ৰধান। এক নিৰ্দিষ্ট অনুপাতত থাকি এই পদাৰ্থবোৰে বায়ুমণ্ডলক ভাৰসাম্য অৱস্থাত ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্য বিনষ্ট হ'লে, বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হোৱাটো নিশ্চিত। প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা গেছীয় পদাৰ্থৰ সংযোজন ঘটিলে, বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। এনে পৰিৱৰ্তনে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতি সাধন কৰিলে, বায়ু প্ৰদূষিত হোৱা বুলি কোৱা হয়।


চমুকৈ 

পৰিবেশ বুলিলে কি বুজা

 বায়ু প্ৰদূষণৰ কাৰণ সমূহ উল্লেখ কৰা।  

উত্তৰ:-   বায়ু দুষিতকাৰী প্ৰধান প্ৰাকৃতিক কাৰকৰ ভিতৰত আগ্নেয়গিৰী উদ্গিৰণেই প্ৰধান। আগ্নেয়গিৰী উদ্গিৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাঁই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। ইয়াৰ উপৰি পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰায়ে সংঘটিত বনজুয়েও বায়ুমণ্ডল দূষিত কৰে। বায়ুমণ্ডল প্ৰধানকৈ মানুহৰ কাৰ্যাৱলীয়ে প্ৰদূষিত কৰিছে। শিল্প-উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ কাৰ্য পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰক। দৰাচলতে ইউৰোপত আৰম্ভ হোৱা শিল্প-বিপ্লৱৰ পিছৰেপৰা বায়ুমণ্ডল দূষিত হ'বলৈ ধৰে। ক্ৰমবৰ্ধমান হাৰত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰেই বায়ুমণ্ডলত কাৰ্বন-মন'অক্সাইড (CO), নাইট্ৰ'জেন ডাই-অক্সাইড (NO2), হাইড্ৰ'কাৰ্বন, ছালফাৰ ডাই-অক্সাইড (SO2) আদি বিষাক্ত গেছ সংযোগ কৰে। এইবোৰ গেছে বায়ুমণ্ডল প্ৰদূষিত কৰে।

পানী  প্ৰদূষণৰ কাৰণ সমূহ উল্লেখ কৰা।


উত্তৰ:- বায়ুমণ্ডলৰ দৰে পানীও প্ৰদূষিত হয়। পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থপদাৰ্থকণাঅণুজীৱবিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিৱৰ্তন ঘটোৱা এনে প্ৰক্ৰিয়াকে পানী প্ৰদূষণ বোলা হয়। ,সহজ ভাষাত দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰৰ অনুপযোগী কৰা কাৰ্যকে পানী প্ৰদূষণ বোলা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতিউদ্যোগকৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত অপদ্ৰৱ্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। প্ৰদূষিত পানীয়ে তাত থকা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰে। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰৱাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে।

বৃহৎ ঔদ্যোগিক অঞ্চলৰ আশে-পাশে থকা জলাশয়ৰ পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানী প্ৰদূষিত হয়। বায়ুমণ্ডলত জমা হোৱা ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইড এচিড বৰষুণৰূপে নামি আহি জলাশয় আদিৰ পানী প্ৰদূষিত কৰে।পানী প্ৰদূষিত মানুহৰ স্বাস্থ্য হানিৰ লগতে মহাদেশৰ মাটিভাগৰো উৰ্বৰতা হ্ৰাস কৰে।


 মাটি প্ৰদূষণৰ ওপৰত এটা চমু টোকা লিখা।

পৰিবেশ বুলিলে কি বুজা

পৰিবেশ বুলিলে কি বুজা

উত্তৰ:- মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে  এক অপৰিহাৰ্য সম্পদ। মাধৱ সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই সম্ভৱ হৈ উঠিছে মানৱজনিত কাৰণতেই মাটি সম্পদ প্ৰদূষণৰ কবলত পৰিছে। সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থবিষাক্ত ধাতুঔদ্যোগিক আৱৰ্জনা , তেলষ্ক্ৰিয়া পদাৰ্থ। এচিড বৰষুণ আদি মিহলি 'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতা হ্ৰাস পায়।
সাধাৰণতে আধুনিক কৃষিকৰ্যউদ্যোগৰ ধ্বংসই মাটি প্ৰদূষণৰ প্ৰধান কাৰণ। কৃষিৰ আধুনিকীকৰণ কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰজলসিঞ্চনকীটনাশক দৰৱ আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়সেইদৰে ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰযোগৰ কৰিলেও নিৰ্দিষ্ট কীট পতংগ আৰু অলাগতিয়াল উদ্ভিদৰ মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি উদ্যোগিক আৰ্বজনা আৰু ৰাসায়নিক পদাৰ্থয়ো মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে  ভূগৰ্ভৰ পৰা কয়লাখাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ প্ৰদূষিত কৰে। এইদৰে মাটি প্ৰদূষণে 
টা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে।





নির্বনানীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল’-উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা।



উত্তৰঃ অৰণ্যৰ নির্মূলীকৰণ বর্তমান বিশ্বই সন্মুখীন হােৱা এক প্রধান পৰিৱেশজনিত সমস্যা। পৃথিৱীৰ সেউজ আৱৰণীখন বিপদজনক হাত হ্রাস পাইছে। যিকোনাে এখন দেশৰ বাবে সেউজ আৱৰণীৰ ন্যূনতম আৱশ্যকীয় শতকৰা হাৰ হৈছে ৩৩ শতাংশ। কিন্তু দুর্ভাগ্যবশতঃ বহুতাে ঔদ্যোগিকভাৱে উন্নত দেশৰ আৰু উন্নয়নশীল দেশৰ অৰণ্যাবৃত অঞ্চলৰ আৱশ্যকীয় বিস্তৃতিৰ অভাৱ। ই বিভিন্ন সমস্যাৰ সৃষ্টি কৰে যি পৃথিৱীত আমাৰ অৱস্থিতিৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে। একে সময়তে, অৰণ্যাঞ্চলবােৰ উদ্যোগ, মানুহৰ বাসস্থান, বিজুলি উৎপাদন ইত্যাদিৰ লগত জড়িত কিছুমান বিকাশমূলক কার্য আৰম্ভ কৰাৰ বাবে পৰিষ্কাৰ কৰিবলগীয়া হয়। এই প্রসংগতে, আমি কওঁ যে অৰণ্যৰ নিমূলকৰণ বহুতাে সমস্যাৰ কাৰণ আৰু বহুতাে বিকাশমূলক প্রক্রিয়াৰ ফল। নির্বনানীকৰণৰ ওপৰত কৰা এক অধ্যয়নত প্রকাশ পায় যে, ই পৃথিৱীততলত দিয়া সমস্যাবােৰৰ সৃষ্টি কৰে।
(i) ইখৰাং পৰিস্থিতি আৰু বৃষ্টিপাতহীনতাৰ সৃষ্টি কৰে।
(ii) প্রয়ােজনীয় বৃষ্টিপাতৰ অভাৱৰ ফলত ই কৃষি উৎপাদন হ্রাস কৰে।
(ii) ই ভূমিস্থলন আৰু ভূমিক্ষয়ৰ সৃষ্টি কৰে।
(iv) ই কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে, অন্যথা এয়া গছে শােষণ কৰিলেহেঁতেন।
(v) ই পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ কাৰণ।।
(vi) ই জৈৱ বৈচিত্র্যক প্ৰভাৱিত কৰে।

পৰিবেশ বুলিলে কি বুজা

সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা । 

উত্তৰঃ যি সকল ব্যত্তি শাৰীৰিক আৰু মানসিকভাবে কোনো উৎপাদন মুখী কাম কৰি সমাজৰ বিকাশৰ অৰিহনা আগবঢ়াবলৈ সক্ষম সেই সকল ব্যত্তি মানৱ সম্পদ। মানুহৰ বিভিন্ন কাম – কাজে মানৱ সভ্যতাৰ উত্তৰন ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন- ধাৰণৰ মান উন্নত কৰি তুলিছে। ছপাযন্ত্ৰ কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱন আমাৰ সভ্যতা দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোতেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁওলৈ পৰ্য বসিত কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাবিকতে উন্নত। উদাহৰণ হিচাপে, তুলনামূলকভাৱে প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়। কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল  সেই দেশৰ মানৱ সম্পদ। অন্য দেশৰ পৰা আমদানি কৰা কেচা সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ মানৱ সম্পদে জাপানত পৃথিৱীৰ ভিতৰত এখন আগশাৰীৰ উদ্যোগ  প্ৰধান আৰু ধনী দেশত পৰিণত  কৰিছে।



অসমত বানপানী হোৱাৰ কা
ৰণ বিশ্লেষণ কৰা।

ক) অসমৰ নদীসমূহে পাহাৰীয়া উপতি অশ্চলত হোৱা ভূমি ক্ষয়ৰ মাটি, শিল বালিবোৰ বোৱাই আনি সমভূমি অংশৰ তলি ভাগত জমা কৰে। এই ধৰণে নদীসমূহ বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্ৰাস পাইছে। ইয়াৰ বাবে সঘনাই বানপানীৰ সৃষ্টি হয়।

পৰিবেশ বুলিলে কি বুজা

খ)ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰিও হিমালয়ৰ বৰফগলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়োপাৰ উপচিপৰি বানপানীৰ সৃষ্টি হয়।

পৰিবেশ বুলিলে কি বুজা

  জল প্ৰদূষণ:  

         জল-দূষণ আজিৰ গতিশীল সভ্যতাৰ আন এটা অভিশাপ। বিভিন্ন উদ্যোগৰ পৰা উৎপত্তি হােৱা পেলনীয়া আৱৰ্জনা, তাত ব্যৱহাৰ হৈ নির্গত হােৱা নানা ৰাসায়নিক দ্রব্য-মিহলি পানী, খেতিৰ আৱৰ্জনা, জৈৱিক আৰু ৰাসায়নিক সার, কীটনাশক দ্রব্য, জীৱ-জন্তুৰ মল-মূত্র, জাবৰ-জোথৰ আদিৰ ফলত বর্তমান সময়ত প্ৰৱলভাৱে জল-প্ৰদূষণ ঘটিছে। ইয়াৰ ফলত টাইফয়েড, গ্রহণী, হাইজা আদি বেমাৰ দ্রুত গতিত বৃদ্ধি পাইছে। ভাৰতত বছৰি প্রায় মানুহৰ গ্রহণী, হাইজা, জন্ডিছ, টাইফয়েড আদি ৰোগত মৃত্যু হয়। প্রায় দুইলাখ শিশু জন্মৰ এবছৰৰ ভিতৰতে মৃত্যুৰ মুখত পৰে। আমি বেছি দূৰলৈ নগৈ অসমতে সংঘটিত কেইটামান উদাহৰণ দাঙি ধৰিছোঁ : (১) নামৰূপ সাৰ কাৰখানাৰ আৱৰ্জনাই ওচৰৰ দিলীহ । নৈৰ পানী দূষিত কৰিছে। ফলত অসংখ্য মাছ-কাছ মৰিছে; সেই পানী গৰু-ম'হৰ বাবেও অপকাৰী হৈ পৰিছে। (২) নুনমাটি শােধনাগাৰৰ আৱৰ্জনা, নিগৰি অহা তেল আদিয়ে ভৰলু নৈৰ পানী দূষিত কৰিছে। ফলত নদীখনত মাছৰ বংশই লুপ্ত হৈছে। (৩) নগালেন্ডৰ টুলী কাকত-কলৰ আৱৰ্জনাই জাঁজী নৈৰ পানী দূষিত কৰিছে। (৪) উজনি অসমৰ তৈলক্ষেত্র সমূহৰ ওচৰৰ পথাৰবােৰ তেল মিহলি পানী আৰু আৱৰ্জনাই কৃষিৰ অনুপযােগী কৰি তুলিছে। জাগীৰােড কাগজকলৰ আৱৰ্জনাৰ পৰা কপিলীৰ পানী দৃষিত হােৱাৰ উপক্ৰম হৈছে। দুর্গন্ধযুক্ত গেছ নির্গত হৈ ওচৰৰ বায়ু দূষিত কৰাৰ ফলত শ্বাস-প্রশ্বাসত ব্যাঘাত ঘটিছে; ফলত নানা অচিন ৰােগে দেখা দিয়াৰ সম্ভাৱনা দেখা গৈছে। 


  প্ৰদূষণ দূৰীকৰণ:  

        বর্তমান সময়ত যিমানেই উদ্যোগৰ পৰিসৰ বাঢ়ি গৈছে, সিমানেই বিশ্বৰ সকলাে দেশেই প্রদূষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। সেয়েহে সমগ্র বিশ্বই প্রতি বছৰে “বিশ্ব পাৰিপাৰ্শ্বিক দিৱস”—পালন কৰি নাগৰিক সকলক প্ৰদূষণৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিবলৈ সকিয়াই দিব লগা হৈছে। ভাৰত চৰকাৰে ১৯৭৪ চনত আইন প্রণয়ন কৰি জল-প্ৰদূষণক অপৰাধ বুলি গণ্য কৰিছে। প্রতি ৰাজ্য চৰকাৰেও প্ৰদূষণ নিয়ন্ত্রণ বিভাগ একোটা খুলি, সকলাে প্ৰকাৰৰ প্ৰদূষণ নির্মূল কৰণৰ ব্যৱস্থা কৰাৰ প্ৰয়াস কৰিছে। কিন্তু উদ্যোগপতি সকল, চৰকাৰ আৰু নাগৰিক সকলৰ একত্রিত আৰু সামূহিক প্রচেষ্টাৰ অবিহনে প্রদূষণ দূৰীকৰণ কোনােদিনেই সম্ভৱ হৈ নুঠিব।


পৰিবেশ বুলিলে কি বুজা


প্রাকৃতিক পৰিৱেশ ভাগ,পৰিবেশৰ অৱনতি,বায়ুমণ্ডল আৰু বায়ুমণ্ডলৰ পদাৰ্থ,পৰিবেশৰ উপাদান




পৰিৱেশ আৰু প্ৰদূষণ


1.    কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয় ?


উত্তৰঃ আমাৰ পৰিবেশত থকা বেক্টেৰিয়াবোৰ আৰু অন্যান্য বিয়োজক জীবসমূহ সিহঁতৰ ক্রিয়াত নির্দিষ্ট। এইবিলাকে প্রাকৃতিক উপকৰণ (যেনে কাগজ)পৰা তৈয়াৰী বস্তুবোৰক পচন ঘটাব পাৰে কিন্তু প্লাষ্টিক জাতীয় পদাৰ্থৰে মানৱ নির্মিত বস্তুবোৰ পচন ঘটাব নোৱাৰে সেইবাবে কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ হয়।


2.    জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

পৰিবেশ বুলিলে কি বুজা


উত্তৰঃ জীৱ নিম্নিকৰণ পদার্থবিলাক অণুজীবৰ ক্রিয়াৰ দ্বাৰা পচন ঘটে আৰু এই পদার্থবিলাক ভূ-ৰাসায়নিক চক্রৰ মাধ্যমেৰে পুনর্ব্যবহৃত হয়।এই পদার্থবিলাকে পৰিবেশক পৰিষ্কাৰ কৰি ৰাখে।

পৰিবেশ বুলিলে কি বুজা

3.     জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।


উত্তৰঃ জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিবেশত কিছুমান বিৰূপ প্ৰভাৱ পেলাব পাৰে। যেনেঃ

                        1. এই পদাৰ্থ বিলাকে পৰিবেশত নিষ্ক্ৰিয় বা সাধাৰণভাবে বহুত দিনলৈ থাকি যাব পাৰে আৰু ই পৰিবেশ তন্ত্ৰৰ জীৱবিলাকক বা কাৰকবিলাকক বিভিন্ন প্ৰকাৰে ক্ষতি কৰে।

                        2. প্লাষ্টিক আদিৰ দৰে অজৈৱ নিম্নিকৰণ পদাৰ্থবোৰ বহুদিনলৈকে পানী, বতাহ আৰু সূৰ্য্য়ৰ পোহৰ আদিৰ প্ৰভাৱত থাকিলে কিছুমান বিষাক্ত গেছ নিৰ্গত হয়। এই গেছবোৰে জীৱ সমূহৰ বিপাক ক্ৰিয়াৰ (metabolism) চূড়ান্ত ক্ষতিসাধন কৰি বিভিন্ন ৰোগ যেনে কেন্সাৰ আদিও সৃষ্টি কৰিব পাৰে। তাৰোপৰি এই গেছবোৰে বায়ু, মাটি আৰু ভূগৰ্ভৰ পানীও প্ৰদূষিত কৰিব পাৰে।


4.     পৌষ্টিক স্তৰ কিউদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।

পৰিবেশ বুলিলে কি বুজা

উত্তৰঃ জীৱবিলাকক ইটোৱে সিটোক ভক্ষণ কৰাৰ ওপৰত ভিত্তি কাৰ সিহঁতক শৃংখলিতভাবে সজোৱা হৈছে। সেইজীৱবিলাকেই বিভিন্ন জীৱীয় স্তৰত ভাগ লৈ খাদ্য শৃংখল গঠন কৰে। খাদ্য শৃংখলৰ প্রত্যেকটো স্তৰকেই একোটা পৌষ্টিক স্তৰ হিচাবে গণ্য কৰা হয়। স্ব-পোষী জীৱ বা উৎপাদকসমূহ হল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ। ইহঁতে সৌৰশক্তিক স্থিৰীকৰণ কৰি সেই শক্তিক খাদ্য শৃংখলৰ পৌষ্টিক স্তৰৰ উপভোক্তা বা পৰপোষী জীৱবিলাকলৈ বন্টন কৰে। খাদ্য শৃংখলৰ পৌষ্টিক স্তৰবিলাকৰ অন্তৰ্গত তৃণভোজী প্রাণী বা প্ৰাথমিক উপভোক্তাখিনি হল দ্বিতীয় স্তৰৰসৰু সৰু প্রাণী বা দ্বিতীয়ক উপভোক্তাবিলাক তৃতীয় স্তৰৰ আৰু ডাঙৰ প্রাণী বা তৃতীয়ক উপভোক্তাবিলাক চতুর্থ পৌষ্টিক স্তৰৰ জীৱ

            উদাহৰণ হিচাপে ঘাঁহ, ফৰিং, ভেকুলী আৰু চৰাইৰ খাদ্য় শৃংখলটোত ঘাঁহ হৈছে প্ৰথম পৌষ্টিক স্তৰ, ফৰিং  হৈছে দ্বিতীয় পৌষ্টিক স্তৰ, ভেকুলী হৈছে তৃতীয় পৌষ্টিক স্তৰ আৰু চৰাই হৈছে হৈছে চতুৰ্থ পৌষ্টিক স্তৰ।


5.    পৰিস্থিতি তন্ত্রত বিয়োজকৰ ভূমিকা কি?


উত্তৰঃ পৰিস্থিতিতন্ত্রত বিয়োজকে জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈৱ দাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে। সেইবিলাককে উদ্ভিদে পুণৰ গ্ৰহন কৰে। বিভিন্ন    বিয়োজক যেনে বেক্টেৰীয়া, ভেকুৰ আদিয়ে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থবিলাক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰি পৰিবেশ নিকা কৰি ৰখাৰ উপৰিও বিভিন্ন জৈৱ যৌগসমূহ পুনৰ পৰিবেশত মুকলি কৰে। 

পৰিবেশ বুলিলে কি বুজা


6.    'জন কি আৰু ই কোনো পৰিস্থিতি তন্ত্রত কেনেদৰে প্রভাব পেলায় ?


উত্তৰঃ অ'জ'ন হৈছে অক্সিজেনৰ ত্ৰিপাৰমানবিক অণু । ই এবিধ বিষাক্ত গেছ যদিও বায়ুমন্ডলৰ উচ্চ স্তৰত এই অনে এক বিশেষ প্ৰয়োজনীয় ভূমিকা পালন কৰে। এই অন স্তৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুণীয়া (UV) ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে। 


7.     পেলনীয়া আবর্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।


উত্তৰঃ পেলনীয়া আবৰ্জনাৰ সমস্য়া হ্ৰাস কৰিবলৈ তলত দিয়া পদক্ষেপ গ্ৰহন কৰিব পাৰি ঃ

                ১) জীৱ নিম্নিকৰণ পেলনীয়া আবৰ্জনাৰ পৰা পচন সাৰ তৈয়াৰ কৰিব পাৰি ।
                ২) জীৱ ্নিম্নিকৰণ আবৰ্জনাবোৰৰ ব্য়ৱহাৰ হ্ৰাসকৰণৰ দ্বাৰা ইয়াৰ পৰিমান কমাব পাৰি।
                ৩) প্লাষ্টিক, কাগজ কাঁচ আৰু ধাতবীয় পেলনীয়া বস্ত ুবোৰৰ পুণঃচক্ৰিয়কৰণ কৰি ইয়াৰ পৰা ব্য়ৱহাৰৰ উপযোগী আন সামগ্ৰী প্ৰস্ত ুত কৰি ল'ব পাৰি।
                 ৪) কিছুমান পেলনীয়া বস্ত ু যেনে জাম, জেলি, আচাৰ আদি অনা বটলবিলাক ৰান্ধনিঘৰত বিভিন্ন বস্ত ু ৰাখিবলৈ পুণঃব্য়ৱহাৰ কৰিব পাৰি।

পৰিবেশ বুলিলে কি বুজা

পৰিবেশ বুলিলে কি বুজা


 8. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব 

পৰিবেশ বুলিলে কি বুজা

    উত্তৰঃ কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে খাদ্য শৃঙ্খল শেষ হৈ যাব আৰু পৰিবেশৰ ভাৰসাম্য প্রভাবিত হ'ব। যদি তৃণভোজী প্রাণীবিলাক ধ্বংশ হৈ যায় তেনেহলে মাংসভোজী প্ৰাণীবোৰে খাদ্য নাপাব আৰু মৃত্য়ু বৰণ কৰিব।যদি মাংসভোজী প্ৰাণীবোৰ ধ্বংশ কৰা হয়তেনেহলে তৃণভোজী প্রাণীবিলাকৰ সংখ্যা অভাৱনীয় ভাবে বৃদ্ধি পাব যদি উত্পাদকক হত্যা কৰা হয়তেনেহলে খাদ্য় শৃংখলটো সম্পূৰ্ণ নহ'ব।


    9. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ  সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে?

    

উত্তৰঃ বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে বেলেগ বেলেগ প্রভাব পৰিব। যদি তৃণভোজী প্রাণীবিলাক ধ্বংশ হৈ যায় তেনেহলে মাংসভোজী প্ৰাণীবোৰে খাদ্য নাপাব আৰু মৃত্য়ু বৰণ কৰিব।যদি মাংসভোজী প্ৰাণীবোৰ ধ্বংশ কৰা হয়তেনেহলে তৃণভোজী প্রাণীবিলাকৰ সংখ্যা অভাৱনীয় ভাবে বৃদ্ধি পাব যদি উত্পাদকক হত্যা কৰা হয়তেনেহলে খাদ্য় শৃংখলটো সম্পূৰ্ণ নহ'ব। যদিহে বিয়োজক বিলাক ধ্বংস হৈ যায় তেন্তে পৰিবেশ মৃত আৰু বৰ্জিত পদাৰ্থৰে ভৰি পৰিব।

        পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ  সকলোবিলাক জীৱক আঁতৰাব নোৱাৰি।

পৰিবেশ বুলিলে কি বুজা

    10. জৈৱিক বিবর্ধক (Biological Magnification) বুলিলে কি বুজা? পৰিস্থিতিতন্ত্রৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে?

    উত্তৰঃ আমাৰ অজ্ঞাতেই কিছু ৰাসায়নিক পদার্থ খাদ্য শৃংখলৰ যোগেদি আমাৰ দেহত প্রবেশ ঘটে। খেতি পথাৰৰ শস্যৰ বেমাৰ আৰু কীট পতংগৰ পৰা ৰক্ষা পাবলৈ প্রয়োগ কৰা ৰাসায়নিক পদার্থবিলাকৰ কিছু অংশ হয় মাটিতে থাকি যায় বা কিছু পৰিমাণে পানীলৈ গুচি যায়। মাটিত থাকি যোৱাখিনিক উদ্ভিদে পানী আৰু খনিজ লৱণ শোষণৰ প্ৰক্ৰিয়াৰ লগতে সিহঁতৰ দেহত প্ৰবেশ ঘটে আৰু পানীত থাকি যোৱাখিনি জলজ উদ্ভিদ বা জলজ প্রাণীৰ দেহত প্রবেশ ঘটে।

        যিহেতু এনে ৰাসায়নিক পদার্থবিলাক ক্ষয়িষ্ণু নহয়সেইবাবে এইবিলাকৰ অৱশিষ্টখিনি ক্রমান্বয়ে খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত গোট খাই থাকে। যিকোনো খাদ্য শৃংখলত মানুহখিনিয়ে একেবাৰে শীর্ষ স্থানত থাকেসেইবাবে এনে ৰাসায়নিক পদার্থবিলাক আমাৰ শৰীৰতে আটাইতকে বেছি পৰিমাণে মজুত হয়। এই পৰিঘটনাটোকে জৈবিক বিবর্ধক (Biological Magnification) বুলি কোৱা হয়। এইটো কাৰণেই আমাৰ খাদ্য শস্য যেনে ঘেঁহুধানশাক-পাচলিফল-মূল আৰু আনকি মাছ-মাংসকণীগাখীৰ আদিত কম বেচি পৰিমাণে কীটনাশক পদাৰ্থৰ অৱশিষ্ট থাকি যায়। এইবিলাক ধুই-পখালি বা অন্য কোনো প্রক্রিয়াৰেও আতঁৰ কৰিব নোৱাৰি।

     11.  আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে?

    উত্তৰঃ আমি সৃষ্টি  কৰা জীৱ নিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা হোৱা  সমস্য়াবোৰ হ'ল- 

                ১) মাটি, পানী আৰু বায়ু প্ৰদূষণ

পৰিবেশ বুলিলে কি বুজা

                ২) পৰিস্থিতি তন্ত্ৰৰ ওপৰত বেয়া প্ৰভাব।
                ৩) জৈৱিক বিবৰ্ধন আদি । 
উত্তৰঃ আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলেও ই পৰিবেশৰ ওপৰত প্রভাব পেলাব। যদি এই পদাৰ্থসমূহ সঠিকভাবে সঠিক স্থানত পেলোৱা নহয় তেনেহলে এইবিলাকে বায়ুপানী আৰু মাটি প্ৰদূষণ ঘটাব পাৰে। তাৰোপৰি ই স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰি। 

extra

1.কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিন্নিকৰণ কিয় হয় ?

উত্তৰ – যিবিলাক পদাৰ্থৰ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিবৰ্তন হয় তেনেবিলাক পদাৰ্থক জীৱ নিম্নিকৰণ পদাৰ্থ বুলি কোৱা হয় ৷ আনহাতে যিবিলাক পদাৰ্থ এনে জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ সলনি নহয় তেনেবিলাক পদাৰ্থক জীৱ অনিম্নিকৰণ পদাৰ্থ বোলা হয় ৷
কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিন্নিকৰণ হয় কাৰণ কিছুমান পদাৰ্থ যেনে প্লাষ্টিক আদিক অণুজীৱ যেনে বেক্টেৰিয়া বা আন মৃতজীৱী প্ৰাণীয়ে পচন ঘটাব নোৱাৰে ৷ সিহঁতে কেৱল প্ৰাকৃতিক পদাৰ্থ যেনে কাঠ, মৃত জীৱ আদিকহে পচন ঘটাব পাৰে ৷

2. জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ – জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা –

  • জীৱ নিম্নকৰণ পদাৰ্থই পৰিৱেশ পৰিস্কাৰ কৰি ৰখাত সহায় কৰে কাৰন ইহঁত সহজে পচি যায় ৷
  • জীৱ নিম্নকৰণ পদাৰ্থই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে ৷

3. জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ – জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনাৰ –

  • জীৱ অনিম্নিকৰণ পদার্থই বায়ু, মাটি আৰু পানী প্ৰদূষণৰ কাৰক হ’ব পাৰে ৷
  • অধিক পৰিমাণৰ জীৱ অনিম্নিকৰণ পদার্থই পৰিস্থিতি তন্ত্রৰ এটা বিনষ্ট কৰিব পাৰে ৷

পৰিবেশ বুলিলে কি বুজা

    

    

পৰিবেশ বুলিলে কি বুজা

(১) পৰিৱেশ বুলিলে কি বুজা  ? (What is Environment ?)|| পৰিৱেশ আৰু প্ৰদূষণ||
Previous Post Next Post