||EDUCATION COMMON QUESTIONS|| FOR |HS 2ND YEAR||2020||শিক্ষা||কৈশোৰ কাল কাক বোলে ?||কৈশোৰ কালত দেখাদিয়া সমস্যা বোৰ কি কি ?||অপৰাধ প্ৰৱণতা মানে কি ? ||

ক) কৈশোৰ কাল কাক বোলে ? 


উত্তৰ :

 মানৱ জীৱনত কৈশোৰ কালক এক ৰূপান্তৰ কাল হিচাপে জনা যায় । এই সময়চোৱাক বয়: সন্ধি কাল বুলিও কোৱা হয়।
আচলতে এই সময়ত যুৱক যুৱতী ৰ শাৰীৰিক আৰু বৌদ্ধিক উন্নতি সাধন হয় ।
কৈশোৰ কালত শাৰীৰিক মানসিক আৰু বৌদ্ধিক দিশত পৰিৱৰ্তন সাধন হয় ।
কৈশোৰ কালৰ সময় সীমা হল বাল্য কাল আৰু প্ৰাপ্ত বয়স্কৰ মাজৰ সময়চোৱা ।

খ) কৈশোৰ কালত দেখাদিয়া সমস্যা বোৰ কি কি ?


উত্তৰ : 


কৈশোৰ কালৰ সময়খিনি এক গুৰুত্ত্বপূৰ্ণ সময় । এই সময়চোৱাক ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীৰ মাজত অহা ধুমুহা বুলিও কব পাৰি ।
এইকালত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন  ধৰণৰ সমস্যাই দেখা দিয়ে ।
তাৰে ভিতৰৰ কিছুমান সমস্যা বোৰ হল ।

অ) যৌন সমস্যা 

এই সময় চোৱাত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীৰ মাজত যৌৱনে গছকি ধৰে । যৌন জীৱনৰ তাড়না অনুভৱ কৰে । ফলত ভয় , লজ্জা , গোপনিয়তা আদিৰ লগতে অসুস্থ মানসিকতা গড়ি উঠে ।

আ)  আবেগিক সমস্যা : 
কৈশোৰ কালত আবেগ অনুভূতি প্ৰবল হয় আৰু নিয়্ন্ত্ৰণহীন হোৱা দেখাযায় ।ইয়াৰ ফলত নানা হিংসাত্মক আৰু ধৰ্মাতম মত মতামত আৰু আচৰণ বলি হোৱা দেখা যায় ।


 ই) সামাজিক সমস্যা : 

এই সময় চোৱাত নতুন পুৰুষ আৰু পুৰণি পুৰুষৰ মাজত নানা প্ৰকাৰৰ মতমতামত আৰু সামাজিক সংঘাত হোৱা দেখা যায় 


ঈ)  শিক্ষা সমস্যা 

এই সময় চোৱাত শিক্ষা ক্ষেত্ৰত কিছুমান সমস্যা দেখা দিয়ে । সেইবোৰ ক্ৰমে পাঠ্যপুথিৰ ওপৰত অসন্তোষ্ট ,মূল্যায়ন আৰু অনুশাখনৰ ওপৰত অসন্তুষ্টতা ।

গ) অপৰাধ প্ৰৱণতা মানে কি ? 

উত্তৰ : 

অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ এক বৃহৎ ডাঙৰ সমস্যা । এই সমইছোৱাত এজন ছাত্ৰী বা ছাত্ৰই কৰ্ম হীনতা, মাদক দ্ৰব্যৰ সেৱন , দুৰ্নীতি,ভোগবাদ,ক্ষমতাৰ লোভ  আদিয়ে কিশোৰ -কিশোৰীৰ  মনত অপৰাধপ্ৰৱণতা জগাই তোলে । ফলত ই এটা জটিল ব্যাধি ।




ঘ)  সমাজত লিংগ বৈষয়মৰ কাৰণ বোৰ কি কি ? 


উত্তৰ 



১) যৌতুক প্ৰথাৰ ব্যাপকতা ।

২) কন্যা শিশুৰ উপাৰ্জন হীনতাক  সেয়া পৰিয়ালৰ বোজা হিচাপে গণ্য কৰাৰ কাৰণে

৩)নাৰীসকলৰ পুৰুষৰ ওপৰত নিৰ্ভৰশিল বুলি ভবাৰ কাৰণে ।


৪)নাৰীক  দুৰ্বল বুলি ভবাৰ বাবে ।



ঙ) বাল্য বিবাহৰ কাৰণ বোৰ কি কি ? 
 উত্তৰ 

1, নিৰক্ষৰতা
2,সামাজিক ব্যাধি 
3,অন্ধ বিচ্ছাশ 
4,কু সংস্কাৰ




||EDUCATION COMMON QUESTIONS|| FOR |HS 2ND YEAR||2020||শিক্ষা||

Previous Post Next Post