মুক্ত শিক্ষা কি? মুক্ত শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য বোৰৰ বিষয়ে আলোচনা কৰা ||গোট-২ অগতানুগতিক শিক্ষা||HS 2ND YEAR EDUCATION CHAPTER 2||AHSEC EDUCATION COMMON QUETIONS||

1)মুক্ত শিক্ষা কি? মুক্ত শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য বোৰৰ বিষয়ে আলোচনা কৰা । 

ANS: মুক্ত শিক্ষা হ'ল আধুনিক শিক্ষা ব্যৱস্থাৰ এক নব্য সংযোজন যি শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ নীতি আরু সীমাবদ্ধতাসমূহ দূৰ কৰি সমাজৰ সকলো ব্যক্তিৰ বা নাগরিক বা শিক্ষার্থীর বাবে শিক্ষাৰ প্রয়োজনসমূহক পূৰণ কৰে আরু শিক্ষা গ্রহণর সুবিধা প্রদান করে । 

মুক্ত শিক্ষাৰ বিভিন্ন লক্ষ্যবোৰৰ ভিতৰত উল্লেখযোগ্য লক্ষ্য/উদ্দেশ্যবোৰ হ'ল এনেধৰণর 

(a) সকলো পর্যায়ৰৰ নাগৰিকৰ বাবে শিক্ষাঃ 

মুক্ত শিক্ষাৰ প্রধান আরু মূলতঃ লক্ষ্য বা উদ্দেশ্য হ'ল যাতে সকলো নাগৰিকে যাৱতীয়া শিক্ষা পাব/অর্জন করিব পাৰে । 

(b) শিক্ষা আরু ব্যক্তিৰ মাজত সমন্বয় সাধনঃ 

মুক্ত শিক্ষাৰ আন এক উল্লেখনীয় লক্ষ্য/উদ্দেশ্য হ'ল শিক্ষাৰ দিশটোক সকলো ব্যক্তিৰ মাজত সংযোগ সাধন কৰি শিক্ষাক এক জীৱনজোৰা প্রক্রিয়া হিচাপে গঢ়ি তুলা । 

(c)বঞ্চিতলোকসকলৰ বাবে শিক্ষাৰ সুযোগঃ 

মুক্ত শিক্ষাৰ ব্যৱস্থাই বঞ্চিতলোকসকলৰ বাবে অবিৰতভাৱে শিক্ষা লাভৰ সুযোগ প্রদান কৰিছে ।

(d)কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে শিক্ষাঃ 

মুক্ত শিক্ষাৰ আন এক উদ্দেশ্য হ'ল যাতে যিকল লোকে কর্মত নিয়জিত হৈছে আরু অর্ধশিক্ষা হৈ আছে, তেওঁলোকে এই শিক্ষাব্যৱস্থাৰ মাধ্যমেৰে শিক্ষা গ্রহণ কৰিব পাৰে । 

(e) প্রথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰি তোলাঃ 

মুক্ত শিক্ষাৰ এক লেখতলবলগীয়া লক্ষ্য/উদ্দেশ্য হ'ল-প্রাথমিক শিক্ষাক সার্বজনীন কৰি তুলাৰ উদ্দেশ্যে কর্মকর্তাসকলক লাগতিয়াল দক্ষতাৰ শিক্ষা প্রদান কৰা । 

(f)বয়স্ক শিক্ষাৰ প্রসাৰতাঃ 

মুক্ত শিক্ষাৰ আন এক পদক্ষেপ হ'ল বয়স্কসকলৰ শিক্ষা । বয়স্ক মানুহসকলেও যাতে তেওঁলোকৰ লাগতিয়াল শিক্ষা আহৰণ কৰিব পাৰে তাৰ সুযোগ এই শিক্ষাৰ জৰীয়তে প্রদান কৰিছে । 

(g) ৰাষ্ট্রৰ কল্যাণৰ হকে উৎপাদনমুখী শিক্ষা প্রদানঃ 

মুক্ত শিক্ষাৰ জৰীয়তে যাতে সকলো ব্যক্তিয়ে উৎপাদনমূলক শিক্ষা আরু প্রশিক্ষণ পাব পাৰে আরু লগতে ৰাষ্ট্রৰ কল্যাণ হব পাৰে তাৰ ব্যৱস্থা গ্রহণ কৰিছে । 

(h)শিক্ষাৰ সামগ্রিক মানদণ্ড উন্নত করাঃ 

মুক্ত শিক্ষাৰ আন এক লক্ষ্য বা উদ্দেশ্য হ'ল শিক্ষাৰ সামগ্রিক দিশৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা

(i) শিক্ষাক বাস্তৱমুখী কৰি তুলাঃ 

মুক্ত শিক্ষাই শিক্ষাক জাতীয় জীৱনৰ সাফল্যতাৰ অর্থে শিক্ষাক বাস্তৱমুখী কৰি তুলাৰ লক্ষ্য বা উদ্দেশ্যৰে আগবাঢ়িছে ৷ 

(j)মাধ্যমিক আরু উচ্চ শিক্ষাক অধিক ফলপ্রসূ কৰি তুলাঃ 

মুক্ত শিক্ষাই সমাজৰ চাহিদাৰ প্রতি লক্ষ্য বা উদ্দেশ্য আগত ৰাখি মাধ্যমিক আরু উচ্চ শিক্ষাক আগুৱাই লৈ গৈছে । 

(k)ঘৰত থাকিয়ে উচ্চ শিক্ষা গ্রহণ কৰিব পৰা সুবিধা প্রদানঃ 

মুক্ত শিক্ষাব্যৱস্থাই নিজ বাসগৃহত থাকিয়েই উচ্চশিক্ষা লাভ কৰিব পৰা লক্ষ্য বা উদ্দেশ্যৰে শিক্ষাৰ দিশত সুযোগ প্রদান কৰিছে । 

(l) ব্যক্তিত্ব বিকাশ আরু ব্যক্তিগত দক্ষতা লাভৰ সুযোগঃ 

মুক্ত শিক্ষাৰ আন এক উন্নতমানৰ লক্ষ্য বা উদ্দেশ্য হ'ল দূৰ শিক্ষাৰ জৰীয়তে ব্যক্তিত্ব বিকাশ আরু ব্যক্তিগত দক্ষতা অর্জন কৰাৰ সুযোগ প্রদান কৰা । 

এইদৰে, দূৰ শিক্ষাই বিভিন্ন গুরুত্বপূর্ণ লক্ষ্য আরু উদ্দেশ্যসমূহ আগত ৰাখি শিক্ষাব্যৱস্থাক এক আধুনিক রূপত পৰিদর্শন কৰিছে আরু শিক্ষাজগতক এখোজ আগুৱাই নিছে ।
Previous Post Next Post