বিভিন্ন কাৰণত মানুহে হাবি-বন কাটি মাটি মুকলি কৰে। গৰু-ম'হ চৰায়েও ঘাঁহনি-বননি ধ্বংস কৰে। এনে কাৰ্য্যই মাটি প্ৰদূষিত কৰি জীৱজগতৰ অনিষ্ট সাধন কৰে। গছ-গছনি কটাৰ ফলত জলবায়ু আৰু বতৰৰো পৰিৱৰ্তন ঘটে।
সেউজী সেউজী সেউজী অ’ সেউজী ধৰণী ধুনীয়া….’ ৰূপকোঁৱৰৰ কথাবোৰ এতিয়া আমাৰ সপোন যেন লাগিবলৈ ধৰিছে। বায়ু, পানী, মাটি, গছ-গছনি, জীৱ-জন্তু আদি সকলোকে সামৰি লয় চাৰিটা আখৰযুক্ত এই ‘পৰিবেশ’ নামৰ শব্দটোৱে। প্ৰকৃতিৰ প্ৰতিটো অৱদানেই আপুৰুগীয়া আৰু সঠিক ব্যৱহাৰে ইয়াৰ সুন্দৰতা অব্যাহত ৰখাত সহায় কৰে। জীৱশ্ৰেষ্ঠ হিচাপে মানুহকেই যিহেতু গণ্য কৰা হয়, গতিকে প্ৰকৃতিৰ সুৰক্ষাৰ দায়িত্বও মানুহৰ ওপৰতেই থাকে। তদুপৰি পৰিবেশৰ বেছিভাগ ব্যৱহাৰ কৰে মানুহেই। মানৱ জাতি যিমানেই সভ্য হৈ আহিছে, পৰিবেশ সুৰক্ষাৰ প্ৰতি ভাবুকিও সিমানে বাঢ়িবলৈ ধৰিছে। ডাষ্টবিনৰ কাষত পৰি থকা আৰু নলাত পৰি থকা জাবৰ, তামোলৰ পিক আদি কেতিয়াও সভ্য সমাজৰ পৰিচায়ক নহয়। সুস্থ পৰিবেশতহে এখন সুস্থিৰ সমাজ গঢ়ি উঠে। নীলা আকাশখনলৈ চালে দেখা চৰাইৰ জাকটো যেতিয়া কাৰখানাৰ ধোঁৱাৰ মাজত অস্পষ্ট হৈ যায়, তেতিয়া এখন ধ্বংসৰ ছবি মানসপটত ভাহি আহে। যান-বাহনৰ পৰা নিৰ্গত হোৱা ক’লা ধোঁৱায়ো পৰিবেশ প্ৰদূষণৰ লগতে মানুহৰ শ্বাস-প্ৰশ্বাসতো প্ৰভাৱ পেলায়। কিন্তু তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই যান-বাহনসমূহৰ
মালিকৰ। এইক্ষেত্ৰত চৰকাৰো দোষমুক্ত নহয়। ভাৰতত পৰিবেশ সুৰক্ষাৰ বাবে পৰিবেশ সুৰক্ষা আইন, ১৯৮৬ৰ জৰিয়তে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে। ১৯৯৯ চনত এই আইনখন সংশোধন কৰি কেন্দ্ৰীয় চৰকাৰে প্লাষ্টিকৰ পৰা তৈয়াৰী সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ নীতি-নিদেৰ্শনা আগবঢ়ায় যে ব্যৱসায়ী বা দোকানীবোৰে ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনাবোৰ ৮×১০ ইঞ্চিতকৈ পাতল হ’ব নোৱাৰিব। পানী প্ৰদূষণৰ ক্ষেত্ৰত আগস্থান পাইছে গংগা নদীয়ে। এফালে যদি গংগা নদীত পূজা-অৰ্চনা কৰিছে, তেন্তে আনফালে বাচন-বৰ্তন, কাপোৰ আদি ধুই পানী প্ৰদূষিত কৰা পৰিলক্ষিত হৈছে। ধৰ্মৰ নামত পানী প্ৰদূষণ কৰা সামগ্ৰীবোৰ, যেনে চাকিত দিয়া তেল, প্লাষ্টিকৰ পেকেট আদি বহু মন্দিৰৰ গাতে লাগি থকা নদীবোৰত আমি দেখিবলৈ পাওঁ। আমি যেতিয়া গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ জলৰাশি দেখো, তেতিয়া এটা প্ৰশ্ন উদয় হয় যে এনেকুৱা কি ধৰ্মই প্ৰকৃতিক লেতেৰা কৰিবলৈ শিকায়? মন্দিৰ কৰ্তৃপক্ষই ডাঙৰ আখৰেৰে ফলক লগায় যে ‘ইয়াত চাবোনেৰে গা ধুলে আৰু প্লাষ্টিকৰ সামগ্ৰী পেলালে আইনমতে দণ্ডনীয় হ’ব’। কিন্তু তথাকথিত ভক্তিপ্ৰাণ ৰাইজে তাৰ প্ৰতি কোনো কাণসাৰ নিদিয়ে। প্লাষ্টিকৰ সামগ্ৰীয়ে মাটিৰ উৰ্বৰতা যে হ্ৰাস কৰে, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু সকলো জনাৰ পিছতো বিস্কুটৰ পৰা আৰম্ভ কৰি পানীৰ বটলটোলৈকে খালী পেকেট বাহিৰলৈ দলিয়াই দিয়ে। এইক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, লণ্ডন আদিৰ দৰে ঠাইৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শলাগ ল’ব লাগিব। প্ৰত্যেকেই নিজৰ দেশক নিজৰ ঘৰ বুলি ভাবিব লাগিব। সাজ-পোছাক, বহু নিশালৈ পাৰ্টি কৰা আদিৰ দৰে সংস্কৃতিয়ে মানুহক আধুনিক নকৰে, আধুনিক কৰে চিন্তাধাৰাইহে। ডিজাইনাৰ পোছাক পৰিধান কৰি দামী গাড়ীৰ পৰা খোৱাবস্তুৰ পেকেট দলিয়াই দিয়াজনক বাৰু আধুনিক বুলিব পাৰিনে? তেনেদৰে আমি দেখিবলৈ পাওঁ যান-জঁটত গাড়ীবোৰে কৰা মুৰ্খামি। এনেধৰণৰ শব্দৰ ব্যৱহাৰ এই কাৰণেই কৰিবলৈ বাধ্য হৈছো যে গাড়ীৰ চালকজনে দেখি থাকে তেওঁৰ সন্মুখত দীঘলীয়া গাড়ীৰ শাৰী আৰু অনুমানো কৰি লয় যে আগত নিশ্চয় দুৰ্ঘটনা নাইবা আন অসুবিধা হৈছে, তথাপি সঘনাই হৰ্ন বজাই শব্দ প্ৰদূষণ কৰে আৰু ভাবে যে এনে কাৰ্যই যান-জঁট পলকতে নোহোৱা কৰিব। এইবোৰ কাৰ্যই ক্ষতি আমাৰ নিজৰেই কৰিছে। চৌপাশৰ পৰিবেশৰ প্ৰদূষণে শৰীৰ-মন সকলো গ্ৰাস কৰিছে। বৰ্ধিত গোলকীয় উষ্ণতাই সমগ্ৰ বিশ্বলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে। সকলো দেশে এই বিষয়সমূহ সাৱধানতাৰে লৈছে। ৰাষ্ট্ৰসংঘৰ পৰিবেশ প্ৰকল্পৰ জৰিয়তে বিভিন্ন পৰিবেশ সম্পৰ্কীয় কাম-কাজ কৰা হয়। এটা বহল পৰিসৰৰ মাজত এই আঁচনিয়ে ১৯৭২ চনৰ পৰাই কাম কৰি আছে। পৰিবেশৰ বিভিন্ন সমস্যা, পৰিবেশ বিজ্ঞান আদি বিষয়ত গুৰুত্ব দি আহিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গোলকীয় সজাগতাৰ প্ৰসাৰৰ জৰিয়তে ধনাত্মক পাৰিবেশিক ক্ৰিয়াৰে প্ৰকৃতি আৰু পৃথিৱীক ৰক্ষা কৰিবলৈ ১৯৭৪ চনৰ পৰাই ৫ জুনটো ‘বিশ্ব পৰিবেশ দিৱস’ হিচাপে পালন কৰি আহিছে। প্ৰত্যেক বছৰেই এটা বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব দি পালন কৰা হয়। এই বছৰ অৰ্থাৎ ২০১৬ চনত ‘বনাঞ্চলত অবৈধ ব্যৱসায়ৰ বিৰোধিতা’ শীৰ্ষক বিষয়টো মূল বিষয় হিচাপে লোৱা হৈছে। আমাৰ দেশত যেনেকৈ আমি পানীৰ অভাৱৰ কথা শুনো বা নিজেও অনুভৱ কৰো, তেনেকৈ বেলেগ দেশতো এনে সমস্যা আছে। লেতেৰা পানী খোৱাৰ ফলত কিমান মানুহ অসুস্থ হয় বা মৃত্যুমুখত পৰিব লগা হৈছে সেয়া সৰ্বজনবিদিত। কিন্তু ছিংগাপুৰৰ দৰে ঠাইত পূৰ্ব ব্যৱহাৰ্য পানী পৰিশোধন কৰি পুনৰ ব্যৱহাৰোপযোগী কৰাৰ বাবে যি জল প্ৰকল্প ৰূপায়ণ কৰিছে, সেয়া সুফলদায়ক হিচাপে পৰিগণিত হৈছে। দিল্লীত এই প্ৰকল্প ৰূপায়ণৰ কথা ভবা হৈছিল যদিও সেয়া সম্ভৱপৰ হৈ নুঠিব বুলি ইতিমধ্যে প্ৰমাণ হৈছে।
তদুপৰি ‘বনাঞ্চল সংৰক্ষণ আইন- ১৯৭২’ৰ মতে সময়ে সময়ে অৰণ্যসমূহৰ উন্নতিৰ বাবে সমীক্ষা দিব লাগিব আৰু প্ৰত্যেক বনাঞ্চলতে ২ বছৰৰ মূৰে মূৰে এখন প্ৰতিবেদন প্ৰস্তুত আৰু ছপা কৰি উলিয়াব লাগিব। অবৈধভাবে গছ-গছনি কাটি ব্যৱসায় কৰাৰ ফলত জন্তুবোৰ মানুহৰ আবাসিক অঞ্চললৈ ওলাই আহিব লগা হৈছে। অসমৰ গুৱাহাটী মহানগৰীত বাঘ সঘনাই দেখা পোৱাৰ অন্যতম কাৰণ হৈছে সিহঁতৰ থকা ঠাইৰ অভাৱ। ঠিক তেনেকৈ হাতী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি পোৱাও দেখা গৈছে। খাদ্যৰ অভাৱত মানুহক অত্যাচাৰ কৰিব লগা হৈছে বনৰীয়া জন্তুবোৰে। আত্মৰক্ষাৰ বাবে মানুহে জন্তুবোৰক আক্ৰমণ কৰিব লগা হৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো মানুহেই নিৰীহ জন্তুক আমনি কৰি ভাল পায়। কিছুদিনৰ আগতে বাতৰি কাকতত পঢ়িবলৈ পাইছিলো গোলাঘাটৰ ধলাইগুৰি চাহ বাগিছাৰ স্বত্বাধিকাৰীজনে জন্মদিনৰ দিনা নিজৰ বাগিচাৰ পৰিত্যক্ত ভূমিত হাতীৰ খাদ্যৰ বাবে কলগছ ৰোপণ কৰিছিল আৰু ৫ জুনৰ দিনা তেওঁ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিব। এয়া এক উৎকৃষ্ট উদাহৰণ প্ৰকৃতি প্ৰেমৰ। অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰীৰ হাতত সঘনাই হোৱা হত্যাই ৰাজ্যখনলৈ ভাবুকি আনিছে। জন্তুবোৰক ব্যৱসায় হিচাপে ল’লে অনাগত ১০ বছৰত চাবলৈ বুলি একোৱেই নাথাকিব। বন বিভাগৰ নিৰাপত্তাৰক্ষী তথা কৰ্মচাৰীসকলক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে প্ৰশিক্ষিত কৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু কৰি তুলিব পাৰিলেহে অসমৰ ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্যসমূহৰ সংৰক্ষণ সম্ভৱপৰ হ’ব। অন্যথা অসমৰ গৌৰৱ জিলিকি থাকিব মাথোঁ ইতিহাসৰ পাতত। বিশ্বৰ অন্যান্য দেশসমূহৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰতো বৰ্ধিত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে। ‘১৯৯০ চনৰ প্ৰদূষণ নিয়ন্ত্ৰণ আইন’ৰ মতে আমেৰিকাত বছৰি প্ৰদূষণ হয় মিলিয়নত। আনহাতে আমেৰিকাই প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে খৰচ কৰে প্ৰায় ১০ বিলিয়ন আৰু উদ্যোগসমূহক তেওঁলোকে কৰা প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা লোৱাৰ বাবে সুবিধা কৰি দিয়ে। অৱশ্যে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আমেৰিকা, ৰাছিয়া, ইংলেণ্ড আদি ৰাষ্ট্ৰ বহুগুণে উন্নত। কিয়নো তাত আইন ভংগকাৰীক কঠোৰ শাস্তি বিহা হয়। গতিকে দেশৰ নাগৰিকসকলেও এইক্ষেত্ৰত সচেতনভাবে নিজৰ দায়িত্ব পালন কৰে। কেৱল চৰকাৰক দোষ দি থাকিলে নহ’ব। কাৰণ জনসাধাৰণৰ সহযোগিতা নাথাকিলে দেশত কোনো চৰকাৰেই সফলভাৱে কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰে। তদুপৰি চাফ-চিকুণতা স্বাস্থ্যৰ পক্ষে ভাল। সকলোৱে সুনাগৰিকৰ ভূমিকা পালন কৰি নিজৰ চাৰিওকাষ যদি পৰিষ্কাৰ কৰি ৰাখে, তেন্তে আমাৰ দেশেও উন্নত দেশৰ দৰে অগ্ৰগতি লাভ কৰিব পাৰিব। কিয়নো প্ৰদূষিত পৰিবেশে দেশৰ অৰ্থনীতি, স্বাস্থ্য, প্ৰাকৃতিক সৌন্দৰ্য আদি সকলোতে বিৰূপ প্ৰভাৱ পেলায়। অসমৰ অৰ্থনীতি মূলত: নিৰ্ভৰ কৰে কৃষিৰ ওপৰত। শস্যৰ উৎপাদনৰ হাৰ মাটি প্ৰদূষণৰ ফলত যথেষ্ট হ্ৰাস হয়। মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে চৰকাৰেও বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। সি যি নহওক এইখন আমাৰ পৃথিৱী। আমি যন্ত্ৰ নহয়, আমি জীয়াই থাকিবলৈ বিশুদ্ধ বায়ু লাগিব আৰু এই বিশুদ্ধতা অব্যাহত ৰখাৰ দায়িত্বও আমাৰ। মুক্ত আকাশৰ তলত বাস কৰিব বিচৰা প্ৰতিগৰাকী ব্যক্তিলৈ আমাৰ এটাই অনুৰোধ যাতে নিজৰ বাবে নিজক সলনি কৰক আৰু সুৰক্ষাৰ বাবে সহযোগিতা আগবঢ়াওক।