No title

 

Varman Dynasty - Assam History - Explained in Assamese - বৰ্মন বংশ



বৰ্মন বংশ (Varman Dynasty) :

-> সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্থিৰ (Allahabad inscription of Samudragupta) পৰা আমি প্ৰাচীন কামৰূপত বৰ্মন বংশৰ অৱস্থিতিৰ কথা উমান পাঁও ।
ইয়াৰ পৰা সেই সময়ত যে ডবকা ৰাজ্য (Dabaka Kingdom) যে কামৰূপ ৰাজ্যৰ পৰা পৃথক আছিল তাৰ উমান পোৱা যায় ।

-> নৰকাসুৰৰ (Narakasura) শাসনৰ 3000 বছৰ পিছত কামৰূপত এক নতুন বংশৰ শাসন আৰম্ভ হৈছিল যি আছিল - বৰ্মণ বংশ (Varman Dynasty) ।

পুষ্যবৰ্মণ (Pushya Varman) :

-> মহাৰাজধিৰাজ (Maharajdhiraja) উপাধি গ্ৰহণ কৰে ।
-> তেঁওক সমূদ্ৰগুপ্তৰ সমসাময়িক (Contemporary of Samudragupta) বুলি জনা যায় ।
-> পুষ্যবৰ্মণৰ পিছত তেঁওৰ পুত্ৰ সমূদ্ৰবৰ্মণ (Samudra Varman) ৰজা হয় ।
->  সমূদ্ৰবৰ্মণৰ (Samudra Varman) পিছত ৰজা হয় বলবৰ্মণ (Balavarman) 

বলবৰ্মণ (Balavarman) :

-
> তেঁওৰ দিনত কামৰূপৰ সৈতে কাশ্মীৰৰ (Kashmir) সম্পৰ্ক স্থাপন হৈছিল ।
-> বলবৰ্মণৰ এগৰাকী জীয়াৰী অমৃতপ্ৰভাক (Amritprabha) বিয়া কৰাইছিল সেই সময়ৰ কাশ্মীৰৰ ৰজা মেঘবাহনে (Meghavahana) ।
-> অমৃতপ্ৰভাই কাশ্মীৰত বিদেশী সন্যাসী (monk) সকলৰ বাবে এটা ভৱন নিৰ্মাণ কৰাই । ইয়াক অমৃতভৱন (Amritbhavan) বুলি জনা যায় ।
-> ইয়াৰ পিছত শাসন ভাৰ লয় - কল্যাণবৰ্মণ (Kalyanvarmana)


কল্যাণবৰ্মণ (Kalyanvarmana) :

-> তেঁওৰ শাসন কালতে ডবকা ৰাজ্য (Dabaka kingdom) কামৰূপৰ অধীনত যায় । ডবকা ৰাজ্য আছিল কপিলী নদী (Kapili River) ৰ ওচৰত ।
-> তেঁও চীন দেশলৈ এক কূটনৈতিক অভিযান (Diplomatic Mission) প্ৰেৰণ কৰিছিল ।
-> কল্যাণবৰ্মণৰ পৰৱৰ্ত্তী শাসক সকল আছিল -
1. গণপতি বৰ্মণ (Ganapati Varmana)
2. মহেন্দ্ৰ বৰ্মণ (Mahendra Varmana)

মহেন্দ্ৰ বৰ্মণ (Mahendra Varmana) :

কুমাৰগুপ্তৰ (Kumaragupta) সময়ত বংগ আৰু পৌন্ধ্ৰবৰ্ধন (Paundhravardhan) গুপ্ত সাম্ৰাজ্যৰ অধীনত আছিল । কিন্তু কুমাৰগুপ্তৰ মৃত্যুৰ লগে লগে গুপ্ত বংশৰ শক্তি হ্ৰাস পাব লয় । এই সুযোগতে মহেন্দ্ৰ বৰ্মনে পৌন্ধ্ৰবৰ্ধনক কামৰূপৰ অন্তৰ্ভুক্ত কৰে ।

-> মহেন্দ্ৰ বৰ্মন হ'ল কামৰূপত অশ্বমেধ যজ্ঞ (Ashwamedha Yagya) কৰা প্ৰথম ৰজা ।

-> মহেন্দ্ৰ বৰ্মনৰ পিছৰ ৰজা আছিল ভূতি বৰ্মন (Bhuti Varman)

ভূতি বৰ্মন (Bhuti Varman) :

-> 200 ব্ৰাহ্মণ পৰিয়ালক ভূমি দান কৰিছিল ।

-> ভূতি বৰ্মনৰ পিছৰ ৰজা আছিল -

1. চন্দ্ৰমুখ বৰ্মন (Chandramukh Varman)
2. স্থিতা বৰ্মন (Sthita Varman) 
3. সুস্থিত বৰ্মন (Susthita Varman)

সুস্থিত বৰ্মন (Susthita Varman):

-> মৃগাংক (Mriganka) বুলি পৰিচিত আছিল ।
-> গুপ্ত বংশৰ ৰজা মহাসেনগুপ্তই (Mahasenagupta) তেঁওৰ বিৰুদ্ধে অভিযান (expedition) চলায় ।
-> কামৰূপে পৌন্ধ্ৰবৰ্ধন (Paundhravardhana) ঠাইখন নিজৰ দখলৰ পৰা হেৰুৱায় ।
-> তেঁওৰ দুজন পুত্ৰ আছিল -

1. সুপ্ৰতিস্থিত বৰ্মন (Supratisthita Varman)
2. ভাস্কৰ বৰ্মন (Bhaskar Varman) 

ভাস্কৰ বৰ্মন (Bhaskar Barman) [594AD- 650AD]

-> ভাস্কৰ বৰ্মনৰ সময়ত ভাৰতৰ অন্য প্ৰান্তৰ কেইটামান বংশ হ'ল -
থানেশ্বৰ (Thaneswar)    - পুষ্যভূতি বংশ                                                                     (Pushyabhuti Dynasty)
গৌড়ৰ (Gauda) ৰ শাসক - শশাংক (Sasanka) মালৱাৰ (Malwa ) শাসক - দেৱগুপ্ত (Devagupta) 
কনৌজ (Kannauj)          - মৌখাৰি বংশ                                                                      (Maukhari Dynasty)

-> থানেশ্বৰত সেইসময়ত পুষ্যভূতি বংশৰ (Pushyabhuti Dynasty) ৰ ৰজা আছিল - প্ৰভাকৰবৰ্ধন (Prabhakarvardhan) ।

-> প্ৰভাকৰবৰ্ধনৰ 3 সন্তান আছিল -

1. ৰাজ্যবৰ্ধন ( Rajyavardhan) 
2. হৰ্ষবৰ্ধন (Harshavardhan) 
3. ৰাজ্যশ্ৰী (Rajyashri) 

-> ৰাজ্যশ্ৰীৰ বিয়া হৈছিল মুখাৰীৰ ৰজা গৃহ বৰ্মনৰ (Grihavarmana) সৈতে । এই গৃহ বৰ্মনক হত্যা কৰে মালৱাৰ (Malwa) শাসক দেৱগুপ্তই (Devagupta) । সেই সময়তে থানেশ্বৰৰ (Thaneswar) ৰাজপাট প্ৰভাকৰ বৰ্মনৰ হাতৰ পৰা ৰাজ্যবৰ্ধনৰ হাতলৈ যায় ।

-> যেতিয়া ৰাজ্যবৰ্ধনে (Rajyavardhana) নিজ ভগ্নী ৰাজ্যশ্ৰীৰ (Rajyashri) স্বামীৰ হত্যাকাৰী মালৱাৰ দেৱগুপ্ত বুলি গম পায় , দেৱগুপ্তৰ বিৰূদ্ধে ৰাজ্যবৰ্ধনে অভিযান (Expedition) চলায় । ৰাজ্যবৰ্ধনে দেৱগুপ্তক হত্যা কৰে ।

হিউৱেন চাঙৰ দ্বাৰা ৰচিত 'চি-য়ু-কী'ত অসমৰ বিষয়ে কি আছে ?

-> কামৰূপ ৰাজ্যখন 1700 মাইল জুৰি বিস্তৃত ।
-> মাটি দ হ'লেও সাৰুৱা আৰু নিয়মীয়াভাৱে খেত কৰা হয় ।
-> লোক সকল সহজ-সৰল আৰু সৎ ।
-> কঠাল (Jack Fruit) আৰু নাৰিকলৰ (Coconut) খেতি কৰা হয় ।
-> বতৰ মৃদু (soft) আৰু উষ্ণ (temperate) -> বৌদ্ধ ধৰ্মৰ প্ৰভাব নাই , লোকসকলে বলিবিধানত (sacrifice) বিশ্বাসী ।
-> যথেষ্ট দেৱ - দেৱীৰ মন্দিৰ (Temple) আছিল ।

ভাস্কৰ বৰ্মনৰ সাম্ৰাজ্যৰ পৰিসীমা :

যোগীনী তন্ত্ৰত (Yogini Tantra) উল্লেখ থকা মতে তেঁওৰ ৰাজ্য জলপাইগুৰিৰ (Jalpaiguri) পৰা শদিয়া (Sadiya) লৈ বিস্তৃত আছিল । তেঁও বংগ (Bengal) আৰু বিহাৰৰ (Bihar) কিছু অংশ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে ।

-> তেঁওৰ ৰাজ্য চীন (China)  আৰু বাৰ্মাৰ (Burma) সীমালৈ বিস্তৃত আছিল ।


Previous Post Next Post