class 12 Logic and philosophy note assamese || Hs 2nd year class 12 Logic and philosophy note

 

কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণৰ বিষয়ে চমু টোকা লিখা।


একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটি জটিল কাৰ্য সম্পাদন কৰিলে, কাৰণবোৰক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে। উদাহৰণ স্বৰূপে , এখন ফুটবল মেচত জয়ী হ'বলৈ হ'লে এজনৰ নহয়, বহু কেইজন খেলুবৈৰ প্ৰচেষ্টাৰ দৰকাৰ।
         পানী,চেনি, চাহপাত , গাখীৰ, আদি কেইবাটাও উপাদান মিহলাই চাহ প্ৰস্তুত কৰিব পাৰি। প্ৰথম উদাহৰণটোত কেইজনমান খেলুবৈৰ সন্মিলিত চেষ্টাত মেচখন জিকা কাৰ্য সম্পাদিত হৈছে। দ্ধিতীয় উদাহৰণটোত কেইবাটাও উপাদান সমন্বয়ত চাহ প্ৰস্তুত কৰা কাৰ্য সম্পাদিত হৈছে। সেয়েহে খেলুবৈ কেইজনৰ সন্মিলিত চেষ্টা আৰু কেইবাটাও উপাদনৰ সমন্বয় এই দুয়োটাই কাৰণ সমন্বয় বা কাৰণ সংযোজন।
           সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন কাৰ্যৰ মিশ্ৰণক কাৰ্যৰ সংমিশ্ৰণ বোলে।উদাহৰণ স্বৰূপে, এখন ফুটবল মেচত জয়ী হ'বলৈ হ'লে এজন নহয় বহুত কেইজন খেলুবৈৰ প্ৰচেষ্টাৰ দৰকাৰ। খেলুবৈকেইজনৰ দক্ষতা এজন এজনকৈ নাথাকি সন্মিলিতভাবে কাৰ্যটোত সংমিশ্ৰিত হৈ পৰিছে। চাহ প্ৰস্তুত কৰোতে উপাদানবোৰ বেলেগ বেলেগ নাথাকি একত্ৰিতভাবে কাৰ্যটো সম্পাদন কৰিছে। গতিকে মেচখন জিকা আৰু চাহ প্ৰস্তুত কৰা দুয়োটাই কাৰ্য সংমিশ্ৰণ



অনুকুল আৰু প্ৰতিকূল উপকাৰণৰ বিষয়ে চমুোকা লিখা


যি উপাদাণৰ সহায়ত কাৰ্যত ঘটে তাক অনুকূল উপকাৰণ বোলে। অনুকুল উপকাৰণৰ উপস্থিতিত কাৰ্যটো ঘটে।
          যি উপকাৰণৰ সহায় অবিহনে কাৰ্যত ঘটে তাক প্ৰতিকুল উপকাৰণ বোলে। প্ৰতিকুল উপকাৰণৰ অনুপস্থিতত হে কাৰ্যটো ঘটে। প্ৰতিকুল উপকাৰণে কাৰ্য উপাদানৰ ক্ষেত্ৰত বাধা কৰে।
             অনুকুল আৰু প্ৰতিকুল উপকাৰণৰ সমষ্টিতহে কোনো এটা কাৰ্য সংঘটিত হয়। উদাহৰণ স্বৰূপে কোনো এজন মিস্ত্ৰী কাম কৰি থাকতে চাদৰ পৰা পৰি মৃত্যু হ'ল। মেস্ত্ৰীজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত চাদৰখনৰ উচ্চতা, মাটিৰ কঠিনতা, বুকুত দুখ পোৱা আদিবোৰেই হ'ল অনুকুল উপকাৰণ। আানহাতে তেওঁৰ শাৰীৰিক ক্ষমতা, কোনো ব্যক্তিৰ পৰা পোৱা সহায় , সু-চিকিৎসা পোৱা ইত্যাদিবোৰ হ'ল প্ৰতিকুল উপকাৰণ।


আগমনৰ বিৰোধাভাসৰ বিষয়ে লিখা


কৃতিৰ একৰুপতা ভিধি সম্বন্ধে মিলৰ পৰম্পৰ বিৰধী মতবাদকে আগমনৰ বিৰোধাভাস বোলে। মিলৰ মতে, প্ৰকৃতিৰ একৰুপতা বিধীত সকলো আগমনৰ এক আকাৰগত ভিত্তি আৰু পূৰ্বস্বীকাৰ্য। মিলে প্ৰকৃতিৰ একৰুপতা বিধীটোক যদিও পূৰ্বস্বীকাৰ্য স্বতঃসিদ্ধ বুলি কৈছে, তথাপিও অন্য এক প্ৰসংগত সৰল গণনাভিত্তিক আগমনৰ ফল বুলি অভিহিত কৰিছে । দেখা গ'ল যে এবাৰ মিলে প্ৰকৃতিৰ একৰুপতা বিধিটোক পূৰ্বস্বীকাৰ্য আৰু এবাৰ সিদ্ধান্ত বুলি ক'লে। কিন্তু একে সময়তে একেতা বস্তু 'পূৰ্বস্বীকাৰ্য ' আৰু সিদ্ধান্ত হ'ব নোৱাৰে। গতিকে মিলৰ এই বিধিটো পৰম্পৰ বিৰোধযুক্ত। একে সময়তে একেলগে ভিধিত 'ভিত্তি' আৰু 'ফল' হ'ব নোৱাৰে। সেয়েহে ইয়াত এটা দোষ ঘটিছে। এই দোষ হ'ল চক্ৰক দোষ ।
Previous Post Next Post