মগনিয়াৰ | Class 12 Assamese | Lesson 2 | মগনিয়াৰ- উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ অসমীয়া

 ১। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন?


উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী যতীন্দ্ৰনাথ দুৱৰা৷


২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল৷


৩। যতীন্দ্ৰনাথ দুৱৰাক কি কবি  বুলি জনা যায়?

উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি  বুলি জনা যায়৷


৪। 'ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?

উত্তৰঃ 'ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ  'ৰুবায়ত’ পুথিৰ ভাৱানুবাদ৷


৫। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই 'বনফুল' কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷



চমু প্ৰশ্নঃ (মূল্যাংক-২/৩)

১। কথা-কবিতা বুলিলে কি বুজা?পৰৰ ইয়াৰ দুটা বৈশিষ্ট্য লিখা৷

উত্তৰঃ কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা একশ্ৰেণীৰ কবিতাকে কথা-কবিতা বুলি কোৱা হয় ৷
কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-
    ১) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে৷
    ২) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে৷


২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?
উত্তৰঃ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয়৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয়৷ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷


৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা৷
উত্তৰঃ ওমৰ খায়াম একাদশ শতিকাৰ এগৰাকী ইৰাণী কবি, গণিতজ্ঞ, জ্যোতিৰ্বিদ ৷ তেওঁ ৰচনা কৰা এখন পুথি হ’ল ৰুবায়ৎ ৷

৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?
উত্তৰঃ মগনিয়াৰজনে কবিৰপৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে৷কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল৷ কিন্তু তেওঁৰ অন্তৰ দয়া, স্নেহেৰে ভৰপূৰ আছিল৷ মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল৷ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল ৷


৫। 'ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই৷’ - কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?
উত্তৰঃ উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল৷এদিন কবি বাটৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল৷ হাড়, ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল৷ কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল৷ মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল৷ কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল৷ মগনিয়াৰজনৰ হত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল৷


 important 

প্ৰশ্ন:- মগনিয়াৰ শিৰ্ষৰ কথা-কবিতাটিৰ সাৰাংশ লিখা ।

 উত্তৰ:- এদিন কবিয়ে বাটেদি গৈ থাকতে বুঢ়া হাড়-ছাল ওলোৱা বেমাৰী মগনিয়াৰ এজন কবিৰ ওচৰত থিয়ো হয় । মগনিয়াৰ ওঁঠ শেঁতা ,চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ আছিল। সি অপৰিস্কাৰ হাত খন মেলি কবিক সহায় খুজিলে । কবিৰ লগত মগনিয়াৰক দিবলৈ একো নাছিল , আনকি এখন ৰুমালো নাছিল সেইবাবে মগনিয়াৰজনৰ হাত দুখনত সাৱটি ধৰি তেওঁৰ লগত যে দিবলৈ একোৱেই নাই তাকে কৈ ক্ষমা বিচাৰিলে। মগনিয়াৰ জনে আচৰিত হৈ কবিৰ ফালে চাই হাঁহি কবিৰ হাত দুখনত ধৰি কষ্টৰে তেওঁৰ পৰা পোৱা আন্তৰিকতাই এক দান বুলি কৈ ধন্যবাদ জনালে । মগনিয়াৰৰ আন্তৰিক ধন্যবাদৰ পাত্ৰ হৈ কবিওঁ যেন কিবা এটা দান পোৱা যেন অনুভৱ কৰিলে ।

মগনিয়াৰ |  Class 12 Assamese | Lesson 2 | দ্বিতীয় বাষিক 2022 মগনিয়াৰ pdf download ||মগনিয়াৰ শীর্ষক কথা কবিতাটিৰ সাৰাংশ লিখা ,মগনিয়াৰ মূলভাব ,কবিতাৰ বৈশিষ্ট্য ,কথা কবিতাৰ জনক কোন মগনিয়াৰ questions answers

 প্ৰশ্ন:- যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয় ? 

উ:-বনফুলৰ কবি ।


প্ৰশ্ন:-‘ওমৰ তীর্থ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ?

উ:-উফাৰ্চী‘ ৰুবায়ত ’ পুথিৰ ভাবানুবাদ ।


৪/ উখহা শব্দৰ অৰ্থ কি? 

উ:- ওফন্দি বা ফুলি উঠা ।


৫/ কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ?

উ:- ১৮৯২ চনত । 


৬/ মগনিয়াৰ শব্দৰ অৰ্থ কি?

 Ans:- ভিক্ষাৰী, মাগি খাওঁতা ।


৭/ অসমীয়া সাহিত্যত প্রথম কথা - কবিতা ৰচনা কৰা কবিগৰাকী কোন ?

 Ans:- যতীন্দ্র নাথ দুৱৰা ।


 ৮/ কথা - কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা । 

উ:- কথা - কবিতা এবিধ কবিতাই , ই ব্যঞ্জনাময়ী গদ্যত ৰচিত । কথা - কবিতা হৈছে গদ্যত লিখা একপ্ৰকাৰৰ কবিতা । 

বৈশিষ্ট্য :- 

( ক) কথা - কবিতাত ৰূপক সমাবেশ থাকে আৰু ই প্ৰায়েই ৰূপকাকি । 

( খ ) কথা - কবিতা চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত ।


 ৯/ শেতা শব্দৰ অৰ্থ কি?

উ:- ঢেলা , তেজ নথকাৰ হেতু বগা ।


১০/ উৰ্মাৰ শব্দৰ অৰ্থ কি?

উ:- ৰুমাল । 


১১/ যতীন্দ্র নাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?

উঃ বনফুল ।


১২/ 'ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।ʼ কোনে কিয় কৈছিল?

উ:- এদিন মগনিয়াৰ এজনে কবিৰ পৰা সহায় খুজিলে ।কবিয়ে মগনিয়া‌ জনক সহাই কৰিবলৈ কবিৰ লগত একো নাছিল । কবিয়ে মগনিয়াৰৰ দুহাতত সাবটি একো দিব নোৱাৰাৰ বাবে ক্ষমা খুজিবলৈ এই প্ৰসংগ কৰিছিল । 


১৩/ মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছিল ?

উ:-এদিন মগনিয়াৰ এজনে কবিৰ পৰা সহায় খুজিলে ।কবিয়ে মগনিয়া‌ জনক সহাই কৰিব নোৱাৰি মগনিয়াৰৰ হাত দুখন সাবটি ধৰি ক্ষমা খুজিলে । মগনিয়াৰে ওলোটাই কবিৰ দুয়ো হাতত ধৰি তেওঁৰ পৰা পোৱা আন্তৰিকতাৰে বিশেষ দান বুলি ক'লে ।


১৪/ ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।

Ans :- ওমৰ খায়াম এজন ফার্চী ছুফী কবি । তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হ'ল ৰুবায়ত ।


মগনিয়াৰ |  Class 12 Assamese | Lesson 2 | দ্বিতীয় বাষিক 2022 মগনিয়াৰ pdf download ||মগনিয়াৰ শীর্ষক কথা কবিতাটিৰ সাৰাংশ লিখা ,মগনিয়াৰ মূলভাব ,কবিতাৰ বৈশিষ্ট্য ,কথা কবিতাৰ জনক কোন মগনিয়াৰ questions answers


 মূল্যাংক -২ 


1/‘ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?


উত্তৰঃ  প্ৰশ্নত উল্লেখিত উক্তিটো কবিয়ে বাটত লগ পোৱা মগনিয়াৰজনক কৈছিল।

         এদিনাখন ৰাস্তাৰে গৈ থাকোতে কবিয়ে এজন মগনিয়াৰক লগ পাইছিল। মগনিয়াৰজন বুঢ়া, বেমাৰী, গাৰ হাড়-ছাল ওলোৱা, শেঁতা ওঠৰ, চকুদুটা ৰঙা আৰু ফটা কাপোৰ পৰিহিত আছিল, যিজনে হাত মেলি কবিৰ পৰা অকণ সহায় ভিক্ষা মাগিছিল। কিন্তু সেই সময়ত মগনিয়াৰজনক দিবলৈ কবিৰ হাতত একোকেই নাছিল। মগনিয়াৰজনৰ ওচৰত নিজৰ অসহায় অৱস্থাটোৱে কবিক ব্যথিত কৰি তুলিছিল। সেই প্ৰসংগতে কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি তেনেদৰে কৈছিল।


2/কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। 


উত্তৰঃ নিৰলংকাৰ কাব্যিক ভাষাৰে লিখা চুটি-চুটি ব্যঞ্জনময়ী গদ্য ৰচনাক কথা-কবিতা বোলে। কথা-কবিতা হল ঊনৈশ শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক ইয়াৰ জনক বুলি কোৱা হয়। অসমীয়া ভাষাত প্ৰথম কথা-কবিতা ৰচনা কৰে যতীন্দ্ৰ নাথ দুৱৰাই। কথা-কবিতাৰ কেইটামান বৈশিষ্ট্য হল-

         ক) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই সদায় ৰূপকাত্মক।

         খ) কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।

         গ) কথা-কবিতাত ভাৱেই প্ৰধান বস্তু। ইয়াত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে।

         ঘ) কথা-কবিতাৰ লক্ষ্য হল ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা।


3/মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ মগনিয়াৰ কথা-কবিতাটো গভীৰ মানৱতাবোধৰ ওপৰত প্ৰতিষ্ঠিত এটি কথা-কবিতা।

          কবিতাটোত বৰ্ণিত মতে, মগনিয়াৰজনে যেতিয়া কবিৰ ওচৰত সহায় ভিক্ষা মাগি হাত পাতিছিল তেতিয়া মগনিয়াৰজনক দিবলৈ কবিৰ হাতত বিশেষ একোৱে নাছিল। কিন্তু কবিয়ে ককাই বুলি সম্বোধন কৰি মগনিয়াৰজনৰ ওচৰত যি মানৱতাবোধ, আন্তৰিকতা দেখুৱাইছিল তাকেই মগনিয়াৰজনে কবিৰ পৰা পোৱা মহান দান হিচাপে গ্ৰহণ কৰিছিল।








মগনিয়াৰ

[যতীন্দ্ৰ নাথ দুৱৰা]


মই বাটেদি গৈ আছিলোঁ
এটা বুঢ়া বেমাৰী
হাড়-ছাল ওলোৱা মগনিয়াৰ আহি
মোৰ ওচৰত থিয় হ'লহি।
তাৰ ওঁঠ শেতা,
চকু দুটা ৰঙা
আৰু
গাত ফটা কাপোৰ...
হৰি হৰি !
সি দুখত পৰি কেনেকুৱা হৈছে
চকুৰ আগতে
দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য !
সি সেই উখহা
অপৰিস্কাৰ হাত খন মেলি মোক সহায় খুজিলে।
মই চোলাৰ মোনাত হাত সুমাই একোকে নাপালোঁ
টকা নাই, ঘড়ী নাই, অইন কি এখন উর্মালো নাই,
মই মোৰ লগত একোকে অনা নাছিলোঁ।
মগনিয়াটোৱে তেতিয়াও
মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে
আৰু তাৰ দুর্বল শৰীৰ কঁপিবলৈ ধৰিছে।
মই এনে দৰে থাকিব নোৱাৰি
লৰালৰিকৈ তাৰ হাত দুখন সাৱটি ধৰিলোঁ
আৰু কলোঁ --- ''ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।''
মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে --- শেতা ওঁঠ দুখনেৰে অলপ হাঁহিলে
আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে,
'' কি হ'ল, একো কথা নাই
ইয়াৰ কাৰণে অশেষ ধন্যবাদ
ইও যে এটা দান ।''
ময়ো বুজিলো যে
মোৰ এজন লগৰীয়াৰ পৰা
ময়ো এটা দান পালোঁ।

Previous Post Next Post