অৰ্থনৈতিক ভূগোল ; বিষয়বস্তু আৰ সম্পদ [ class x , NCERT , social science],question bank for class 10 seba 2020 hslc maths question paper 2020, seba question bank solution, blueprint of hslc 2020, ,seba hslc question paper 2019 pdf, important essay for hslc exam 2020, question bank for class 10 seba answer, class 10 assamese book question answer seba,u

 1.মানুহৰ অৰ্থনেতিক বৃত্তি বুলিলে কি বুজা ? এনে অৰ্থনেতিক বৃত্তিবোৰ কি ? 


Ans : মানুহৰ উৎপাদনক্ষম কার্যবােৰৰ ব্যৱহাৰৰ দ্বাৰা আর্থিক ভাৱে লাভবান হােৱাকে অর্থনৈতিক বৃত্তি বােলা হয়। অর্থাৎ যি কামৰ দ্বাৰা মানুহে প্রকৃতিৰ পৰা সম্পদ আহৰণ কৰি অর্থ উপার্জন কৰে সেয়েই অর্থনৈতিক বৃত্তি। মানুহৰ অর্থনৈতিক বৃত্তি চাৰি প্ৰকাৰৰ। সেইবােৰ হ'ল—(ক) প্রাথমিক বৃত্তি, (খ) দ্বিতীয় বৃত্তি, (গ) তৃতীকয় বৃত্তি আৰু (ঘ) চতুর্থক বৃত্তি। 


(১) প্রাথমিক বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বােলে। যেনে—কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। 


(২) দ্বিতীয় বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰােপযােগী কৰি তােলা হয় তাকে দ্বিতীয় বৃত্তি বােলে। যেনে—শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নির্মাণ তথা পুনৰ নির্মাণ কার্য ইত্যাদি। 


(৩) তৃতীয় বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যােগেদি উৎপাদিত সামগ্ৰীসমূহ উপভােক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বােলে। যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্রী, পর্যটন, যােগাযােগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ। 


(৪) চতুর্থক বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তােলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বােলে। যেনে—বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ। 


2. অৰ্থনেতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্ত্ত সম্পৰ্কে চমুকে লিখা ৷ ] 


Ans : অর্থনৈতিক ভূগােলে মূলতঃ মানুহৰ উৎপাদনক্ষম কার্যবােৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবােৰৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। উৎপাদনক্ষম কার্যবােৰৰ অধ্যয়ন কৰিবলৈ যাওঁতে কিছুমন বিশেষ শাখাউপশাখাৰ অধ্যয়ন কৰা হয়। যিহেতু যিকোনাে অর্থনৈতিক কার্য বা উন্নয়ন প্রক্রিয়া পৰিৱেশৰ লগত ওতঃপ্রােতভাৱে জড়িত সেয়ে সম্প্রতি সকলােতে 


বহনক্ষম উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰােপ কৰা হৈছে। অর্থনৈতিক ভূগােলৰ বিভিন্ন শাখাসমূহ হৈছে— 


(ক) কৃষি ভূগােল, (খ) ঔদ্যোগিক ভূগােল, (গ) সম্পদ ভূগােল, (ঘ) পৰিবহণ ভূগােল, (ঙ) ৰজাৰ ভূগােল, (চ) পৰিকল্পনা আৰু উন্নয়ন ভূগােল আৰু (ছ) পর্যটন ভূগােল। 


(১) কৃষি ভূগােলঃ অর্থনৈতিক ভূগােলৰ এটি অন্যতম প্রধান শাখা। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু 


ইয়াৰ লগত জড়িত সুত্র, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয় । 


(২) ঔদ্যোগিক ভূগোেলঃ ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্রকাৰ আৰু ভৌগােলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থাত লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানিৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। 


(৩) সম্পদ ভূগােলঃ ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত 


জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। 


(৪) পৰিবহণ ভূগােলঃ ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত 


পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন যেনে—ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ 


উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়। 


(৫) বজাৰ ভূগােলঃ ইয়াত বজাৰ স্থাপনৰ প্ৰয়ােজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়। 


(৬) পৰিকল্পনা আৰু উন্নয়ন ভূগােল ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়। 


(৭) পর্যটন ভূগােলঃ ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্ৰকাৰ, পর্যটন ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

Previous Post Next Post