HSLC Translation Assamese to English 2024

 

HSLC Translation Assamese to English 2024

  • H.S.L.C. 1996

(i) গোটেই ৰাতিপুৱা বৰষুণ দি আছিল।

Ans: It had been raining the whole of the morning. /

It had been raining all through the morning. 


(ii) দেউতাই ক'লে, "এতিয়া ওলাই নাযাবা।"

Ans: Father said, "Do not go out now."


(iii) "যদি এই বৰষুণত ওলাই যোয়া, তোমালোকে তিতিবা।"

Ans: "If you go out in this rain, you will get wet."


(iv) বৰষুণ এৰালৈকে আমি ৰৈ থাকিলো।

Ans: We were waiting until the rain stopped. 


(v) আবেলি বেলিকা বতৰ মুকলি হ'ল।

Ans:The weather became clear in the afternoon. 


(vi) আকাশত মেঘ নাছিল।

Ans: There was no cloud in the sky. 


(vii) কিন্তু চিৰিয়াখানালৈ যাবলৈ দেৰি হ'ল।

Ans: But it was late to go to the zoo. 


(viii) মই লালা আৰু ৰাণাক ক'লো, "বলা আমি নৈৰ পাৰলৈ যাওঁ।"

Ans: I said to Lala and Rana, "Let us go to the bank of the river."


(ix) আমি নদীৰ পাৰে পাৰে ফুৰিলো আৰু ধুনীয়া দৃশ্যবোৰ উপভোগ কৰিলো।

Ans: We walked along the bank of the river and enjoyed the beautiful sights. 


(x) আন্ধাৰ হোৱাৰ লগে লগে আমি ঘৰলৈ উভতিলো। 

Ans: We returned home as soon as it became dark. 


 HSLC Translation Assamese to English:

  • H.S.L.C. 1997

(i) অসমৰ প্ৰাকৃতিক দৃশ্যবোৰ অতি ধুনীয়া।

Ans: The natural scenery of Assam is very beautiful.


(ii) এই দৃশ্য চাবলৈ বিদেশৰ মানুহ অসমলৈ আহে।

Ans: Foreigners come to Assam to enjoy this scenery. 


(iii) তুমি গুৱাহাটীৰ চিৰিয়াখানা দেখিছানে ?

Ans: Have you seen the zoo at Guwahati ? 


(iv) তাত নানা ধৰণৰ পশু - পক্ষী আছে।

Ans: There are a variety of animals and birds there. 


(v) অসমৰ কাজিৰঙা পৃথিৱী বিখ্যাত।

Ans: Kaziranga in Assam is world famous. 


(vi) তাত পোৱা গঁড় অতি মূল্যৱান জন্তু ।

Ans: The rhino found there is very valuable animal. 


(vii) মই এতিয়ালৈকে কাজিৰঙা দেখা নাই।

Ans: I have not seen Kaziranga yet. 


(viii) পৰীক্ষাৰ পিছত তালৈ যাম বুলি ভাবিছো।

Ans: I have planned to go there after the examination. 


(ix) তুমি যদি আহা, আমাৰ লগতে যাব পাৰিবা।

Ans: If you come, you can go with us. 


(x) আমাৰ শ্ৰেণীৰ শিক্ষকে কৈছিল, "ভ্ৰমণে জ্ঞান বৃদ্ধি কৰে।"

Ans: Our class teacher said, "Travelling increases knowledge."


 HSLC Translation Assamese to English:

  • H.S.L.C. 1998

(i) তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল।

Ans: Your father came to our village yesterday. 

    

(ii) তেখেতে এইখন গাঁৱত জন্মগ্ৰহণ কৰিছিল।

Ans: He was born in this village.


(iii) তেখেত মোৰ দেউতাৰ বন্ধু।

Ans: He is my father's friend. / He is a friend of my father. 


(iv) তোমালোক এতিয়া দিল্লীত থাকা, নহয় জানো ?

Ans: Now you live in Delhi, don't you ? / Now a days you all live in Delhi, don't you ? 

       

(v) তুমি অসমীয়া লিখিব পাৰানে ?

Ans: Can you write Assamese ?


(vi) অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।

Ans: Please come to our village during the next Bohag bihu. / Please come to our village the ensuing Bohag bihu. 


(vii) আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।

Ans: The Bihu is not celebrated on the stage in our village.


(viii) কিছুমান ডেকা-গাভৰুৱে পথাৰত নাচে আৰু গান গায়।

Ans: Some youths dance and sing in the field.

     

(ix) তুমি আহিলে এই বিহুনৃত্য উপভোগ কৰিব পাৰিবা।

Ans: If you come, you can enjoy the Bihu dance.


(x) তোমাক লগ পালে মই বৰ আনন্দ পাম।

Ans: If I meet you, I shall be glad / I will be glad to meet you. 

 HSLC Translation Assamese to English:


  • H.S.L.C. 1999

(i) তোমাৰ চিঠিখন কালি পালো।

Ans: I received your letter yesterday.


(ii)এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছো।

Ans: I have written a letter to you just now.


(iii) তুমি চিঠি লিখি ভালপোৱা, নহয় নেকি ?

Ans: You like writing letter, don't you ?


(iv) যদি গৰমৰ বন্ধত আহা, তোমাৰ লগত শ্বিলঙলৈ যাম।

Ans: If you come in summer vacation, I will go to Shillong with you.


(v) শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল।

Ans: The climate of Shillong is better than that of Guwahati.


(vi) আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে।

Ans: It has been raining here for some days.


(vii) বৰষুণ শস্যৰ কাৰণে ভাল।

Ans: The rain is good for the crops.


(viii) এইবাৰ বানপানীত বহুত শস্য নষ্ট হ'ল।

Ans: Much crops were destroyed during this flood.


(ix) তুমি সাঁতুৰিব জানানে ?

Ans: Do you know how to swim ?


(x) দেউতাই কৈছিল,"সাঁতোৰা এটা ভাল অভ্যাস।"

Ans: Father said, "Swimming is a good exercise."




















Translate into English for 2022। ইংৰাজী লৈ অনুবাদ কৰা

https://assamesemedium.com/translate-into-english

Translate into English for HSLC 2022 Exam. Additional: Translate Into English for 2021. শেষ বাক্য: Translate into English for 2022.


SEBA HSLC Translation Assamese to English Translation for …


Previous Post Next Post