মানৱ সৃষ্ট সম্পদ বুলিলে কি বুজা, পৰিবেশ বুলিলে কি বুজা, পৰিকল্পনা বুলিলে কি বুজা, বায়ুমণ্ডল বুলিলে কি বুজা, মানৱ সম্পদ বুলিলে কি বুজা, আমাৰ পৰিবেশ সপ্তম শ্ৰেণী,


(1) পৰিৱেশ বুলিলে কি বুজা  ?




Ans : পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে আগুৰি থকা জীৱ আৰু জড় বা জৈবিক আৰু অজৈবিক
সকলো পদাৰ্থৰ সমষ্টিয়েই হল পৰিৱেশ । পৰিৱেশৰ ইংৰাজী প্ৰতিশব্দ environment শব্দটো
ফৰাচী ভাষাৰ environ শব্দৰ পৰা আহিছে । ইয়াৰ অৰ্থ হৈছে আমাৰ চাৰিওফাল জৈবিক আৰু
 অজৈবিক  উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতি ।


পৰিৱেশ প্ৰদূষণ কেনেকৈ হয়  ? 


উত্তৰ :

পোনপটীয়া কৈ আৰু বিতং ভাবে যদি আমি পৰিৱেশ প্ৰদূষণৰ সংজ্ঞা দিওঁ তেন্তে এই দৰে কব পাৰো ।
পৃথিৱী ব্যাপী গোটেই জীৱমণ্ডল আৰু জড় মণ্ডলক আগুৰি থকা এক নিৰ্দষ্ট ঠাই যদি বিশেষ কাৰকৰ ফলত মানুহ আৰু জীৱ জগতৰ লগতে ,ৰাসায়নিক আৰু জৈৱিক জগতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা এক কু প্ৰভাৱ ।


4.পৰিবেশ প্ৰদূষণ কৰা বিশেষ কাৰক বোৰ কি কি ?


উত্তৰ:

প্ৰদূষণৰ কাৰক বহুতো হব পাৰে যেনে ।


১, অনিষ্ট কাৰী বেক্টেৰিয়া।
২, মৰা জীৱ জন্তু ।
৩, ৰাসায়নিক কাৰখানা ।
৪, গাড়ী মটৰ ইত্যাদি 


5.প্ৰদূষণ কাৰী বস্তুবোৰ কি ? 


উত্তৰ : যি বোৰ জীবিত আৰু ভৌতিক পদাৰ্থই  তাপ , শক্তি, আদি বোৰ অধিক পৰিমানত উপস্থিত থাকি পৰিবেশৰ ওপৰত কু প্ৰভাব পেলায় সেই বোৰেই প্ৰৰদূষন কাৰি বস্তু ।


#ভিন্ন প্ৰকাৰৰ প্ৰদূষণ 

বায়ু প্ৰদূষণ 


পানী প্ৰদূষণ 

মাটি প্ৰদূষণ

শব্দ প্ৰদূষণ 


6.বায়ু প্ৰদূষণ মানে কি ? 


উত্তৰ 
 আমাৰ চাৰিও ফালে থকা বায়ুমণ্ডলত যেতিয়া ভিন্নপ্ৰকাৰৰ ধূলিকনা আৰু বেক্টেৰিয়া ৰ লগতে ডাঙৰ ডাঙৰ ৰাসায়নিক কাৰখানাৰ ধুৱাই কৰা কু প্ৰভাৱকেই বায়ু প্ৰদূষণ বুলি কব পাৰো ।

7.পানী প্ৰদূষণ কি ?


উত্তৰ 

 পৃথিৱীত থকা জলপৃষ্ঠৰ পানী ত যেতিয়া বিষাক্ত দ্ৰব্য আৰু বেক্টেৰিয়াই কু প্ৰভাৱ পেলায় , আৰু জল মণ্ডলৰ জীৱবোৰৰ জীৱনত আৰু পৰোক্ষ ভাবে  মানৱ জাতিৰ কৰ্ম স্থলৰ লগতে খাদ্যত অন্ধকাৰ আনি তোলে তাকেই পানী প্ৰদূষণ বোলে ।

8.মাটি প্ৰদূষণ কি ?


উত্তৰ 

কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত আৱৰ্জনা , ৰাসায়নিক সাৰ আদিৰ প্ৰয়োগৰ ফলত মাটিৰ উৰ্বৰতা শক্তি কমে তাকেই মাটি প্ৰদূষণ বোলে।

9.শব্দ প্ৰদূষণ কি ? 


উত্তৰ :ভিন্ন প্ৰকাৰৰ কোলাহল যুক্ত ঠাইত বা গাড়ীমটৰৰ পৰা ওলোৱা হৰণে এক প্ৰকাৰৰ প্ৰদূষণ কৰে তাক শব্দ প্ৰদূষণ কব পাৰো ।


*বায়ু প্ৰদূষণ বুলিলে কি বুজা?             

উত্তৰ:- পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত। জুলীয়া আৰু গোটা পদাৰ্থও কিছু পৰিমাণে বিভিন্ন অৱস্থাত বায়ুমণ্ডলত থাকে। গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰ'জেন (৭৮.০৮ শতাংশ), অক্সিজেন (২০.৯৪ শতাংশ), কাৰ্বন-ডাই-অক্সাইড (০.০৩৫ শতাংশ) আদিয়েই প্ৰধান। এক নিৰ্দিষ্ট অনুপাতত থাকি এই পদাৰ্থবোৰে বায়ুমণ্ডলক ভাৰসাম্য অৱস্থাত ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্য বিনষ্ট হ'লে, বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হোৱাটো নিশ্চিত। প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা গেছীয় পদাৰ্থৰ সংযোজন ঘটিলে, বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। এনে পৰিৱৰ্তনে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতি সাধন কৰিলে, বায়ু প্ৰদূষিত হোৱা বুলি কোৱা হয়।


চমুকৈ 

 বায়ু প্ৰদূষণৰ কাৰণ সমূহ উল্লেখ কৰা।  

উত্তৰ:-   বায়ু দুষিতকাৰী প্ৰধান প্ৰাকৃতিক কাৰকৰ ভিতৰত আগ্নেয়গিৰী উদ্গিৰণেই প্ৰধান। আগ্নেয়গিৰী উদ্গিৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাঁই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। ইয়াৰ উপৰি পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰায়ে সংঘটিত বনজুয়েও বায়ুমণ্ডল দূষিত কৰে। বায়ুমণ্ডল প্ৰধানকৈ মানুহৰ কাৰ্যাৱলীয়ে প্ৰদূষিত কৰিছে। শিল্প-উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ কাৰ্য পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰক। দৰাচলতে ইউৰোপত আৰম্ভ হোৱা শিল্প-বিপ্লৱৰ পিছৰেপৰা বায়ুমণ্ডল দূষিত হ'বলৈ ধৰে। ক্ৰমবৰ্ধমান হাৰত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰেই বায়ুমণ্ডলত কাৰ্বন-মন'অক্সাইড (CO), নাইট্ৰ'জেন ডাই-অক্সাইড (NO2), হাইড্ৰ'কাৰ্বন, ছালফাৰ ডাই-অক্সাইড (SO2) আদি বিষাক্ত গেছ সংযোগ কৰে। এইবোৰ গেছে বায়ুমণ্ডল প্ৰদূষিত কৰে।

পানী  প্ৰদূষণৰ কাৰণ সমূহ উল্লেখ কৰা।


উত্তৰ:- বায়ুমণ্ডলৰ দৰে পানীও প্ৰদূষিত হয়। পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থপদাৰ্থকণাঅণুজীৱবিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিৱৰ্তন ঘটোৱা এনে প্ৰক্ৰিয়াকে পানী প্ৰদূষণ বোলা হয়। ,সহজ ভাষাত দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰৰ অনুপযোগী কৰা কাৰ্যকে পানী প্ৰদূষণ বোলা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতিউদ্যোগকৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত অপদ্ৰৱ্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। প্ৰদূষিত পানীয়ে তাত থকা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰে। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰৱাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে।

বৃহৎ ঔদ্যোগিক অঞ্চলৰ আশে-পাশে থকা জলাশয়ৰ পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানী প্ৰদূষিত হয়। বায়ুমণ্ডলত জমা হোৱা ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইড এচিড বৰষুণৰূপে নামি আহি জলাশয় আদিৰ পানী প্ৰদূষিত কৰে।পানী প্ৰদূষিত মানুহৰ স্বাস্থ্য হানিৰ লগতে মহাদেশৰ মাটিভাগৰো উৰ্বৰতা হ্ৰাস কৰে।


 মাটি প্ৰদূষণৰ ওপৰত এটা চমু টোকা লিখা।



উত্তৰ:- মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে  এক অপৰিহাৰ্য সম্পদ। মাধৱ সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই সম্ভৱ হৈ উঠিছে মানৱজনিত কাৰণতেই মাটি সম্পদ প্ৰদূষণৰ কবলত পৰিছে। সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থবিষাক্ত ধাতুঔদ্যোগিক আৱৰ্জনা , তেলষ্ক্ৰিয়া পদাৰ্থ। এচিড বৰষুণ আদি মিহলি 'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতা হ্ৰাস পায়।
সাধাৰণতে আধুনিক কৃষিকৰ্যউদ্যোগৰ ধ্বংসই মাটি প্ৰদূষণৰ প্ৰধান কাৰণ। কৃষিৰ আধুনিকীকৰণ কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰজলসিঞ্চনকীটনাশক দৰৱ আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়সেইদৰে ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰযোগৰ কৰিলেও নিৰ্দিষ্ট কীট পতংগ আৰু অলাগতিয়াল উদ্ভিদৰ মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি উদ্যোগিক আৰ্বজনা আৰু ৰাসায়নিক পদাৰ্থয়ো মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে  ভূগৰ্ভৰ পৰা কয়লাখাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ প্ৰদূষিত কৰে। এইদৰে মাটি প্ৰদূষণে 
টা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে।





নির্বনানীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল’-উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা।



উত্তৰঃ অৰণ্যৰ নির্মূলীকৰণ বর্তমান বিশ্বই সন্মুখীন হােৱা এক প্রধান পৰিৱেশজনিত সমস্যা। পৃথিৱীৰ সেউজ আৱৰণীখন বিপদজনক হাত হ্রাস পাইছে। যিকোনাে এখন দেশৰ বাবে সেউজ আৱৰণীৰ ন্যূনতম আৱশ্যকীয় শতকৰা হাৰ হৈছে ৩৩ শতাংশ। কিন্তু দুর্ভাগ্যবশতঃ বহুতাে ঔদ্যোগিকভাৱে উন্নত দেশৰ আৰু উন্নয়নশীল দেশৰ অৰণ্যাবৃত অঞ্চলৰ আৱশ্যকীয় বিস্তৃতিৰ অভাৱ। ই বিভিন্ন সমস্যাৰ সৃষ্টি কৰে যি পৃথিৱীত আমাৰ অৱস্থিতিৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে। একে সময়তে, অৰণ্যাঞ্চলবােৰ উদ্যোগ, মানুহৰ বাসস্থান, বিজুলি উৎপাদন ইত্যাদিৰ লগত জড়িত কিছুমান বিকাশমূলক কার্য আৰম্ভ কৰাৰ বাবে পৰিষ্কাৰ কৰিবলগীয়া হয়। এই প্রসংগতে, আমি কওঁ যে অৰণ্যৰ নিমূলকৰণ বহুতাে সমস্যাৰ কাৰণ আৰু বহুতাে বিকাশমূলক প্রক্রিয়াৰ ফল। নির্বনানীকৰণৰ ওপৰত কৰা এক অধ্যয়নত প্রকাশ পায় যে, ই পৃথিৱীততলত দিয়া সমস্যাবােৰৰ সৃষ্টি কৰে।
(i) ইখৰাং পৰিস্থিতি আৰু বৃষ্টিপাতহীনতাৰ সৃষ্টি কৰে।
(ii) প্রয়ােজনীয় বৃষ্টিপাতৰ অভাৱৰ ফলত ই কৃষি উৎপাদন হ্রাস কৰে।
(ii) ই ভূমিস্থলন আৰু ভূমিক্ষয়ৰ সৃষ্টি কৰে।
(iv) ই কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে, অন্যথা এয়া গছে শােষণ কৰিলেহেঁতেন।
(v) ই পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ কাৰণ।।
(vi) ই জৈৱ বৈচিত্র্যক প্ৰভাৱিত কৰে।


সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা । 

উত্তৰঃ যি সকল ব্যত্তি শাৰীৰিক আৰু মানসিকভাবে কোনো উৎপাদন মুখী কাম কৰি সমাজৰ বিকাশৰ অৰিহনা আগবঢ়াবলৈ সক্ষম সেই সকল ব্যত্তি মানৱ সম্পদ। মানুহৰ বিভিন্ন কাম – কাজে মানৱ সভ্যতাৰ উত্তৰন ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন- ধাৰণৰ মান উন্নত কৰি তুলিছে। ছপাযন্ত্ৰ কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱন আমাৰ সভ্যতা দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোতেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁওলৈ পৰ্য বসিত কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাবিকতে উন্নত। উদাহৰণ হিচাপে, তুলনামূলকভাৱে প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়। কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল  সেই দেশৰ মানৱ সম্পদ। অন্য দেশৰ পৰা আমদানি কৰা কেচা সামগ্ৰী ব্যৱহাৰ কৰি ইয়াৰ মানৱ সম্পদে জাপানত পৃথিৱীৰ ভিতৰত এখন আগশাৰীৰ উদ্যোগ  প্ৰধান আৰু ধনী দেশত পৰিণত  কৰিছে।


অসমত বানপানী হোৱাৰ কা
ৰণ বিশ্লেষণ কৰা।

ক) অসমৰ নদীসমূহে পাহাৰীয়া উপতি অশ্চলত হোৱা ভূমি ক্ষয়ৰ মাটি, শিল বালিবোৰ বোৱাই আনি সমভূমি অংশৰ তলি ভাগত জমা কৰে। এই ধৰণে নদীসমূহ বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্ৰাস পাইছে। ইয়াৰ বাবে সঘনাই বানপানীৰ সৃষ্টি হয়।

খ)ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰিও হিমালয়ৰ বৰফগলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়োপাৰ উপচিপৰি বানপানীৰ সৃষ্টি হয়।

Previous Post Next Post