ছাত্র জীৱন আৰু সমাজসেৱা || Class 10 || Question Answer || দশমশ্ৰেণী ||,Class 10 Assamese Lesson 6 ছাত্ৰ জীৱন আৰু সমাজ সেৱা (ডিম্বেশ্বৰ নেওগ),দশম-শ্ৰেণী-অসমীয়া/lessons/ছাত্র-জীৱন-আৰু-সমাজ-সেৱা,Class 10 | SEBA Assamese Textbook | অসমীয়া সাহিত্য চয়নিকা (দ্বিতীয় ভাগ) | ছাত্ৰ-জীৱন আৰু সমাজ সেৱা _ ডিম্বেশ্বৰ নেওগ



  ছাত্র জীৱন আৰু সমাজ সেৱা

ছাত্র জীবন আৰু সমাজ সেৱা

ছাত্র জীৱন আৰু সমাজসেৱা

ডিম্বেশ্বৰ নেওগ                                                                                     
সাধাৰন ভুলৰ বাবে ক্ষমা 

ছাত্র জীৱন আৰু সমাজসেৱা

পাঠভিত্তিক প্রশ্নোত্তৰ
-----------------------------



১৷ অতি চমুকৈ উত্তৰ লিখা।
------------------------------------
(ক) লিখকৰ মতে ছাত্র জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি?

উত্তৰ

কি কি কাম কৰিলে মনুষ্য জনম লােৱা সার্থক হয় তথা সাংসারিক ঞ্জীৱনত কি উপায়েৰে কাম
কৰিলে কৃতকার্য হব পাৰি এনেবিলাক বিষয়ৰ জ্ঞান অর্জন করাই হ'ল ছুত্ৰ জীৱনৰ প্রকৃত |

(খ) বর্তমান প্রচলিত শিক্ষাৰ দােষ কি কি?


উত্তৰ


বর্তমান প্রচলিত শিক্ষা উন্নত আৰু কামৰ শিক্ষা নহয়, এয়ে হ'ল ইয়াৰ ঘাই দোষ। বর্তমান
শিক্ষা কেৱল ঝিলপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ সম্পর্ক
নথকা বুলিয়েই ক'ব পাৰি। উদাহৰণস্বৰূপে বর্তমান শিক্ষার্থীসকলে পাঠাপুথিত পঢ়া দুখীয়াক
মৰম কৰিবা, আৰু সন্মান কৰিবা' আদিৰ দৰেবাকাসমূহ আগুৰাইহে থয়।বাস্তৱ জীৱনত
ইয়াৰ অর্থ উপলব্ধি কৰিবলৈ সক্ষম নহয়। শিক্ষকসকলেও শিক্ষার্থীসকলক এই ধৰণৰ
বাধা  মূহত অন্তর্নিহিত হৈ থকনা প্রকৃত মর্থবােৰ বুত্তাই দিয়াৰ পৰিৱর্তে বাক্যটোত ব্যৱহৃত
বানানসমূহৰ আকাৰ, কাৰ শুদ্ধ কৰিয়ে নিজৰ পাঠদানৰ কব সামৰি প্ৰয়। শিক্ষার্থীসকাল
পঢ়ি-শুনি কি জ্ঞান লাভ কৰিছেনে নাই সেই বিষয়ে কোনেও নাভাবে। তেওঁলােকে বছৰি
পৰীক্ষাত উত্তীৰ্ণ হৈছেনে ৰা শ্ৰেণীত প্রথম বা দ্বিতীয় হৈ উৰ্ত্তীৰ্ণ হ'ব পাৰিছেনে নাই সেই
বিষয়তহে শিক্ষক আৰু শিক্ষার্থীসকলে গুৰুত্ব দিয়ে। এইবােৰে হ'ল বৰ্তমান প্রচলিত শিক্ষাৰ
দোষ।



(গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ'ব লাগে ?

ত্তৰ

ছাত্ৰ সকল হ'ল দেশৰ ভৱিষ্যৎ, আশা-ৰসাৰ কলি। সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতীহ'ব লাগে।


(ঘ) ছাত্ৰসকলে কার্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে?



ত্তৰ
ছাত্ৰসকল কার্যকৰী শিক্ষা লাভ কৰাৰ উপযুক্ত স্থান হৈছে গাঁও অঞ্চল। বর্তমান একবিংশ
শতিকাতাে আমাৰ দেশৰ গাঁওসমূহত অজ্ঞানতাই ৰাজ কৰি আছে. কু সংস্কাৰ-অন্ধবিশ্বাসে
সকলাে দিশ অন্ধকাৰাচছন্ন কৰি দেশৰ প্ৰগতি আৰু উন্নতিৰ পথত জোৰৰূপে থিয় দি আছে।
এই বাধাসমূহ দূৰ কৰিবলৈ ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপেগাঁওসমূহকেৰাছি লৈ
পাঁওবাসীক অজ্ঞনতা,অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত ৰাৰ ক্ষেত্ৰত কাম কৰি
অভিজ্ঞতা লাভৰ দ্বাৰাহে কার্যকৰী জ্ঞান অর্জন কৰিব পাৰিব।



(৩) লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা ?


উত্তৰ


লিখকৰ মতে দেশৰ প্রকৃত উন্নতি কৰা মানে পাঁৱৰ উন্নতি কৰা।


২। ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছােৱাত
কেনেৰােৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশ সেরাত ব্ৰতী হবলৈ ছাত্র জীৱনত
বহুমুখী শিক্ষাৰ প্ৰয়ােজনীয়তা সম্বন্ধে আলােচনা কৰা।


উত্তৰ

ছাত্র জীৱনৰ প্ৰকৃত (সুদ্দশ্য সফল কৰিবলৈ হলে শিক্ষাৰ সময়ছােৱাত ছত্ৰেসকলে
একাগ্ৰতাৰে জ্ঞান অর্জনত ব্ৰতী হ'ব লাগে কাৰণ হামৰ একাগ্রতাই হৈছে উন্নতিৰ ঘাই মন্ত্র ।
শিক্ষাৰ সময়ছোৱাত শিক্ষার্থীয়ে মনৰ গতি সদায় একমুখী কৰি ৰায়িব লাগে, মনৰ গতি
বহুমুখী হলে ছাত্র ছাত্রত্ব শক্তি লােপ পােৱাৰ সন্ধাৱনা থাকে। ছাত্ৰ অৱস্থাত ঘৰুৱা জঞ্জাল
কিছুমান মূত জাপিল'বনালাগে, এনেবিলাক কথাত কাল আৰু পাত্রভেদে বিচাৰ কৰি চলিব
লাগে। তদুপৰি শিক্ষাৰ সময়ছােৱাত ছাত্ৰসকলে কেৱল পুথিগত শিক্ষা অর্জন কৰিলেই
ছাত্রজীৱনৰ প্রকৃত উদ্দেশ্য সফল হব নােৱাৰে। ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি? কি কি
কাম কৰিলে মনুষ্য জনম সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য
হ’ব পাৰি এই ক্ষে.এত ব্যৱহাৰিক তথা কার্যকৰী মান আহৰণ কৰাতাে ৰুত্ব আৰােপ কাৰৰ
লাগে। দেশসেৱাত ব্ৰতী হ’বলৈ হ'লে বহুমুখী শিক্ষাৰ অতিকৈ প্ৰয়ােজন আছে। বহুমুখী শিক্ষা
প্রদানৰ জৰিয়তেহে ছ-মসলঙ্ক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিৰ পৰা যায় আৰু
উপযুক্ত মানৱ সম্পদেহে দেশসেৱাত ব্ৰতী হৈ দেশৰ প্ৰগতিত অৰিহণা যােগব পাৰে। বর্তমান
বিশ্বখন সলনি হৈছে, আর্থিক ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে, মানুহৰ কাম কৰাৰ ধৰণ তথ্য
কর্মক্ষেত্ৰৰ পৰিৱৰ্তন হৈছে এনে পৰিৱৰ্তিত সময়ত বমুখী শিক্ষাইহে ছাত্ৰসকাক এই বিশেষ
ক্ষেত্ৰসমূহত দক্ষ আৰু সুনিপুণ কৰি দেশ সেৱাত ব্ৰতী হ'ৰ পৰাকৈ গঢ় দিব, নহ'লে ইয়াৰ
অবিহনে দেশত নিবনুৱাৰ হাৰ বৃদ্ধি হৈ দেশৰ প্ৰগতিত বাধা জন্মায়।


৩। "এইখিনি কাম তেওঁলােকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথােন।"
কোনখিনি কাম তেওঁলােকৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি
পাঠ বুজাই লিখা।

উত্তৰ


গাঁও অঞ্চলসমূহত ৰাজত্ব কৰি থকা অজ্ঞানতা, নিৰক্ষৰন্স, কুসংস্কাৰ, অন্ধবিশ্বাস
আদিৰ দৰে প্ৰগতিৰ বাটত বাধাৰ সৃষ্টি কৰা অস্তবায়সমূহ দূৰ কৰিবলৈ ছাত্ৰসকলে গাঁৱত
সােমাই ঘৰে ঘৰে গৈ শিক্ষিত লােকসকলক তেওঁলােকৰ দুৰৱস্থাৰ বিষয়ে চকু মুকলি কৰিব
লাগিব, বাতৰি কাকত আৰু আন তথা জগতৰ বাৰি থকা পুথি পঢ়ি শুনাই তেওঁলােকৰ
জ্ঞানতা দূৰ কৰিবলৈ ঘন্ন কৰিব লাগিব; তেওঁলােকৰ মাজৰ পৰা কুছুটপট গুচাবলৈ চাব
লাগিব গাঁৱত কোনাে নৰীয়া আদি হলে উপদেশেৰে ৰা আন উপায়েৰে সহায় কৰিব লাগিব
উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওনক আদর্শ ঘৰ আৰু গাঁও কৰিবলৈ চাব
লাগিব—এইঘৰণৰ কামবােৰেই হ' ছাত্ৰ-ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ


৪৷ আমাৰ দেশৰ অধিকাংশ লােক আজিও কেনে অৱস্থাত আছেপাঠটোৰ আধাৰত
 লিখা।


উত্তৰ
বৰ্তমানৰ যিবােৰ দেশ স্বাধীন আৰু উন্নত, সেইবােৰ তিনিশ চাৰিশ বছৰৰ আগেয়ে আছিল
যথেষ্ট অনুন্নত পৰ্যায়ৰ। আমাৰ দেশৰ অধিকাংশ লােক আজিও তেনে অৱস্থাত আছে বুলি
লেখকে ক'ব খুক্তিছে। পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ সামানাহগাঁওবােত দেয়া যায়।
শ্ৰজ্ঞানতাইমানুহৰ মনবােৰৰু ঝো কৰি ৰাখিছে। আৰু কপটতাৰে ভৰাই তুলিছে, ফলত
সভাতা অশিক্ষাৰে সমাজ কলুম্বিত হৈছে। অজ্ঞানতা অাৰু কুসংস্কাৰে মানুহক আৱৰি
ধৰিছে।মানুহ আত্মকেন্দ্রিক হৈ পৰিছে। পাৰ্থিৱ সম্পদৰ বাবে নিজৰ মাজতে হাইকাজিয়াতলিস্ত হৈছে৷কানি, ং আদিকে ধৰিনানা নিচাসক শ্ৰবাৰ ব্যৱহাৰত মমি নিজৰ
লগতে আইনৰ উন্নতিৰপতিও পািঠি দিছে। দেশত কত কি ঘটিছে সেইবােৰলৈ কাণৰ নকৰি
হাতত হাত সাবাট বহি ৰৈছে। মুঠতে শিক্ষাৰ অভাৱে গাঁওসমূহক অনুন্নয়নৰ দিশে গ্ৰসৰ
হোৱাৰ বাট দেখুৱাইছে।

ছাত্র জীবন আৰু সমাজ সেৱা
অতি চমুকৈ উত্তৰ লিখা : 

1/ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰ সকলে শিক্ষাৰ সময়ছোৱাত কেনে বোৰ পন্থা অৱলম্বন কৰিব পাৰে ? দেশ সেৱাত ব্ৰতী হবলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা । 

উত্তৰ: ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰ সকলে শিক্ষাৰ সময়ছোৱাত গাঁৱত উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা আদি পন্থা অৱলম্বন কৰিব লাগিব । 

দেশ সেৱাত ব্ৰতী হবলৈ হ'লে ছাত্ৰ সকলে পঢ়া শুনাৰ ফালৰ পৰা জ্ঞানী হ'লেই নহ'ব । যদিহে তেওঁ হাল বা কোৰ এচাব মাৰিব নাজানে তেনেহলে সি কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে , কিয়নো যদিহে সি খেতি কৰিবই নাজানে খাব ক'ৰ পৰা । ছাত্ৰ হ'লে পঢ়া শুনাৰ ফালৰ জ্ঞানী হ'লেই নহ'ব । যদি তেওঁ ডাঙৰ বা সৰুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে । তেতিয়া তেওঁৰ কোনো শিক্ষাই নহ'ব । 

2/"এইখিনি কাম তেওঁলোকৰ কাৰ্য্য কৰি শিক্ষাৰ একোটি পাঠ মাথোন"- - কোনখিনি কাম তেওঁলোকৰ কাৰ্য্য কৰি শিক্ষাৰ একোটি পাঠ মাথোন বুজাই লিখা । 

উত্তৰ: গাঁৱত থকা ছাত্ৰ সকলে নিজ ঘৰে থকা অশিক্ষিত ককাই, দেউতা, দদাই আদি লোকসকলক যিকোনো উপায়েৰে নিজৰ অৱস্থাৰ কথা বুজাই দিব লাগিব । তেওঁলোকৰ মাজৰ পৰা অজ্ঞানতা, কু-সংস্কাৰ আদি দুৰ কৰিব লাগিব । গাঁৱৰ পৰা অজ্ঞানতা দুৰ কৰি এখন আদৰ্শ গাঁও প্ৰতিষ্ঠা কৰাটোৱেই হৈছে ছাত্ৰ সকলৰ কাৰ্য্যকৰী শিক্ষাৰ একোটি পাঠ । 


3/বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি? 

উত্তৰ : বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ প্ৰধান দোষ 
হ'ল ই কামৰ শিক্ষা অৰ্থাৎ কাৰ্যকৰী বা ব্যৱহাৰিক শিক্ষা নহয়। মূল্যবোধ বিহীন বৰ্তমানৰ শিক্ষাই নৱপ্ৰজন্মক যেন এক যন্ত্ৰলৈ সলনি কৰি পেলাইছে। আমি উদাহৰণ হিচাপে দুখীয়া শব্দটোকে ল'ব পাৰোঁ। এই শব্দটোৰ বানান শুদ্ধকৈ লিখিছে নে নাই, শিক্ষকে তাৰ প্ৰতি হে বেছি গুৰুত্ব দিয়ে। কিন্তু বিদ্যাৰ্থীজনে দুখীয়াক সহায় কৰিছে নে তিৰস্কাৰ কৰিছে তালৈ শিক্ষকে মন নিদিয়ে। আনকি পিতৃ মাতৃয়েও পঢ়ি শুনি সন্তানে প্ৰকৃততে কিবা জ্ঞান লাভ কৰিছেনে নাই নাচায়। তেওঁলোকে বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উত্তীৰ্ণ হ'ব পাৰিছেনে নাই, চাই সেইটোহে। শাৰীৰিক কচৰৎ শিক্ষাৰে এটা ভাগ। সেই শিক্ষা গ্ৰহণ কৰা বিদ্যাৰ্থীয়ে কিন্তু ঘৰত কোনো ধৰণৰ কামত অংশগ্ৰহণ কৰিব নিবিচাৰে। ছাত্র জীবন আৰু সমাজ সেৱা

4/ছাত্ৰসকলে কি বিষয়ক জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ'ব লাগে? 

উত্তৰ : ছাত্ৰসকল দেশৰ ভবিষ্যত, আশা- ভৰসাৰ কলি। সেয়ে ছাত্ৰসকলক ছাত্ৰ অৱস্থাত যিমান দূৰ পৰা হয় জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিবলৈ দিব লাগে। যাতে তেওঁলোক এই জ্ঞানেৰে পৰিপুষ্ট হৈ দেশসেৱাত ব্ৰতী হ'ব পাৰে। 



5/ছাত্ৰ সকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? 

উত্তৰ :

 কাৰ্যকৰী শিক্ষাৰ ঠাই স্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে। এই কুৰি শতিকাৰ মাজ ভাগতো আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰিছে। আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে-ঘৰে গাঁৱে অশিক্ষিত লোকসকলৰ এই বিষয়ে চকু মুকলি কৰিব লাগিব। ককাই, দদাই বা দেউতা বুলি তেওঁলোকক নিজ অৱস্থাৰ কথা চকুৰ আগত দাঙি ধৰিব লাগিব। বাতৰি কাকত আৰু জ্ঞান আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কুৰ্চট-কপট গুচাবলৈ চাব লাগিব। গাঁৱত কোনো নৰীয়া আদি হ'লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাওঁখন একোখন আদৰ্শ গাঁও কৰিবলৈ চাব লাগিব। এইবোৰ কাম ছাত্ৰৰ কৰ্তব্যৰ বাহিৰ নহয়, কিয়নো এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোনএনেবোৰেই ছাত্ৰসকলৰ আহৰি সময়ৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা হ'ব। এই সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই প্ৰকৃত শিক্ষা। 

ব্যাখ্যা কৰা : 

ক) পঢ়াই, পঢ়ে, ৰোৱে পাণ। 

এই তিনিয়ে নিচিন্তে আন ॥ 

উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত 'ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। ছাত্র জীবন আৰু সমাজ সেৱা
ছাত্র জীবন আৰু সমাজ সেৱা
সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে ইয়াকে কব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষাৰ্থী আৰু শিক্ষকে কোনো কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে সুফল লাভ কৰিব। 

বাখ্যা :- পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰ একাগ্ৰতা গুণটো হল এটা প্ৰধান গুণ। যিকোনো কাম একাগ্ৰতাৰে নকৰিলে কাম কেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি। ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কামৰ লগত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ন নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা দান কাৰ্যত কেতিয়াও সিহঁতে সফল হব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলেও সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰচিও হব লাগে। তেতিয়াহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানা ধৰণৰ জ্ঞান অৰ্জন কৰি পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হব পাৰিব। আকৌ যিসকলে পাণৰ খেতি কৰে সিহঁতেও পাণৰ খেতিৰ নিয়মিত যতন কৰি থাকিব লাগিব। নিয়মিত ভাৱে সাৰ-পানী আদি যোগান ধৰিব লাগিব। মানুহে যিকোনো কাম কৰিবলৈ হলে একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব লাগে। একাগ্ৰতা আৰু নিষ্ঠাৰে যিকোনো কাম কৰিলে সফলতা পোৱা যায়। মুঠতে মানুহৰ জীৱনৰ উন্নতি লাভৰ ক্ষেত্ৰত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে। এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়। 

খ) কমাৰশালত গঢ়িবলৈ হলে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হলে পানীত ননমাকৈ নহয়। 

উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত 'ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। ছাত্র জীবন আৰু সমাজ সেৱা

সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা লিখকে কোনো এটা বিষয়ৰ প্ৰকৃত শিক্ষা, উপযুক্ত পৰিৱেশ আদিত হাতে কামে লাগিহে যে জ্ঞান অৰ্জন কৰিব পাৰি তাক কৈছে। ছাত্র জীবন আৰু সমাজ সেৱা

বাখ্যা:- কমাৰশালত কোনো বস্তু গঢ় দিয়াৰ আগতে জুইশালত তপতাই তাক গঢ় দিব পৰাকৈ প্ৰস্তুত কৰি লয়। তেনেদৰে শিক্ষাৰ্থীসকলক জীৱন সংগ্ৰামত মোকাবিলা কৰিবৰ বাবে প্ৰথমতে অভিজ্ঞতা দিয়া হয়। সেই অভিজ্ঞতা প্ৰথমতে নিজৰ ঘৰৰ পৰা দিয়া হয় আৰু তাৰ পিছত বিদ্যালয় এখনে প্ৰদান কৰে। যিদৰে এটুকুৰা লোহাক পিটি দা-কুঠাৰ, কটাৰি আদি গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্ৰস্তুত কৰি লোৱা হয়। তেনেদৰে শিক্ষাৰ্থীসকলকো সংসাৰৰ দুখ-সুখ, কষ্ট, তপবাত আদি সহিব পৰাকৈ প্ৰথমতে মানুহে নিজৰ ঘৰ আৰু বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয়। শিক্ষাৰ্থীসকলক যিকোনো বিষয়ে প্ৰকৃত জ্ঞান প্ৰদান কৰিবলৈ হলে সেই বিষয়টো সম্পৰ্কীয় পৰিৱেশৰ অতি প্ৰয়োজন। যেনেদৰে সাঁতোৰ শিকিবলৈ হলে পানীত নামিব লাগে। ঠিক তেনেদৰে যিকোনো বিষয় এটাৰ প্ৰকৃত জ্ঞান অকল পাঠ্যপুথি পঢ়ি অৰ্জন কৰিব নোৱাৰি, তাক হাতে কামে কৰিহে সেই বিষয়টোৰ প্ৰকৃত জ্ঞান অৰ্জন কৰিব পাৰি। 

গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পিছত ফল হৈ মাতৃপূজাত লাগে। কাইঁট-কলি এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। 

উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত 'ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। 

সংগতি :- উক্ত কথাফাঁকিৰ দ্বাৰা কবিয়ে সকলো জ্ঞান আৰু শিক্ষাৰে সু পৰিপুষ্ট হৈ পূৰ্ণতা লাভ কৰা ব্যক্তিৰ দ্বাৰাহে যে এখন সমাজ তথা দেশ এখনৰ মংগল সাধন হয় তাকে কৈছে। 

বাখ্যা :- যিকোনো এটা কাম কৰিবলৈ হলে মানুহক জ্ঞান আৰু দক্ষতাৰ প্ৰয়োজন হয়। এই জ্ঞান আৰু দক্ষতাৰে মানুহে এদিনতে আহৰণ কৰিব নোৱাৰে। এই জ্ঞান আৰু দক্ষতা অৰ্জন কৰিবলৈ হলে মানুহে লগে শিকি যাব লাগিব। যিদৰে গছ এজোপা ৰোপন কৰিলে নহয়, তাত সময় মতে পানী, সাৰ আদি দিব লাগে। তেতিয়াহে গছ জোপা ডাঙৰ হৈ প্ৰথমতেছাত্র জীবন আৰু সমাজ সেৱা কলি ওলাব, তাৰ পিছত সেই কলি বিকশিত হৈ ফুল হব আৰু শেষত ফল দিব ; সেইদৰে ছাত্ৰ অৱস্থাত যিমানদুৰ সম্ভৱ জ্ঞান আহৰণ, অৰ্থকৰী আৰু কাৰ্যকৰী জ্ঞান অৰ্জন কৰি পৰিপুষ্ট হৈ দেশৰ সেৱাৰ বাবে উপযুক্ত হৈ উঠিব লাগিব। দেশসেৱাত ব্ৰতী হবলৈ হলে বহুমুখী শিক্ষাৰ অতিকৈ প্ৰয়োজন হয়।অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কোনো কাম কৰিলে দেশৰ কোনো মংগল নহয়, বৰঞ্চ দেশৰ অমংগলহে হোৱাৰ সম্ভাৱনা বেছি। যিদৰে অপৰিপক্ক ফল খালে দেহৰ কোনো কামত নালাগে ঠিক একেদৰে অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কৰা কোনো কামে দেশৰ হিত সাধনত সহায় কৰিব নোৱাৰে। 

ঘ) নৰ সেৱাই নাৰায়ণ সেৱা। 

উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা' ত অন্তগৰ্ত ডিম্বেশ্বৰ নেওগ দেৱৰ দ্বাৰা ৰচিত 'ছাত্ৰ জীৱন আৰু সমাজসেৱা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। 

সংগতি :- উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহক সেৱা কৰিলে যে মানৱ জীৱন সাৰ্থক হয় তাকে কব বিচাৰিছে। 

বাখ্যা:- মানুহে মংগলৰ অৰ্থে সৰ্বশক্তিমান নাৰায়ণক সেৱা-অৰ্চনা কৰে। মানুহে কেৱল নিজৰ মংগলৰ বাবে পূজা-অৰ্চনা কৰিলে সমাজ তথা বিশ্বৰ কোনো উপকাৰ নহয়। এনে ধৰণে নিজৰ হিতৰ বাবে পূজা অৰ্চনা কৰিলে মানুহ দিনে স্বাৰ্থপৰ হৈ পৰে। এনে স্বাৰ্থপতাৰ বাবে মানুহে ভগৱানৰ কৃপা দৃষ্টিৰ পৰাও বঞ্চিত হব লগা হয়। কিন্তু যি মানুহে আনৰ দুখ কষ্ট দেখি আনক সহায় কৰিবৰ বাবে আগবাঢ়ি যায়, সমাজৰ হিতৰ বাবে সদায় প্ৰস্তুত হৈ থাকে তেনে মানুহৰ মন প্ৰাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি থাকে। মানুহৰ মন সন্তুষ্টি আৰু প্ৰাপ্তিৰে ভৰি থাকিলে মানুহৰ মনতো পবিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয়। তেতিয়া মানুহজনে ভগৱান বিচাৰি পোৱা জেন অনুভব কৰে। সেয়েহে লিখকে কৈছে যে নাৰায়ণ পূজাৰ বাবে কোনো আয়োজনৰ দৰকাৰ নাই। তাৰ বিপৰীতে মানুহৰ পূজা-অৰ্চনা অৰ্থাৎ শুশ্ৰূষা কৰিলে ভগৱানক পূজা কৰা হবছাত্র জীবন আৰু সমাজ সেৱা


ছাত্র জীৱন আৰু সমাজসেৱা


ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ  কর্তব্য 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 


বিদ্যা লাভেই যে ছাত্ৰৰ প্ৰথম আৰু প্রধান কর্তব্য, সেয়া সকলােৱে স্বীকাৰ কৰে। মনীষীসকলে সাংসাৰিক জীৱনত ভৰি দিয়াৰ আগৰ সময়খিনিকে অর্থাৎ স্কুল কলেজত পঢ়ি থকা কালছােৱাকেই ছাত্র জীৱন বুলিছে। ছাত্র জীৱনত শিক্ষাৰ বাহিৰে দ্বিতীয় চিন্তা থাকিব নােৱাৰে, জ্ঞান লাভৰ ইচ্ছাৰ বাহিৰে আন কোনাে ইচ্ছা থাকিব নােৱাৰে, এই কথাও সর্বজনস্বীকৃত। এটি মানৱ শিশুক এই আশাৰে বিদ্যালয় লৈ পঠিওৱা হয়, যাতে শিক্ষা সমাপ্তিৰ পাছত তেওঁ পূর্ণ মনুষ্যত্বৰ অধিকাৰী হৈ জীৱন যুদ্ধত জয়ী হ'ব পাৰে। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্ৰৰ মুখ্য কর্তব্য হ’ল অধ্যয়ন। ছাত্রৰ জীৱনত সংসাৰৰ কোনাে চিন্তা নাথাকে। গতিকে জ্ঞান আহৰণৰ এই অমূল্য সময়। ডাঙৰ ডাঙৰ মনীষীসকলে চিন্তা গবেষণাৰ দ্বাৰা বহুত জ্ঞানৰ ভাণ্ডাৰ ছাত্ৰৰ বাবে দি গৈছে। সেইবােৰ পঢ়ি শেষ কৰা মানৱ জীৱনৰ পক্ষে সম্ভৱপৰ নহয়। তথাপি সময়ৰ অপব্যৱহাৰ নকৰি ছাত্ৰসকলে অধ্যয়ন কবি সেই জ্ঞান যিমান দূৰ পৰা যায় আর্জি ল’ব লাগে। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্র-জীৱন মুকলিমূৰীয়া ; এই সময়খিনি যদি কেনেবাকৈ অপব্যয় হয়, তেন্তে তাক আৰু ঘূৰাই পাৰ নােৱাৰি। শিক্ষা লাভৰ উদ্দেশ্য যদি মনুষ্যত্বৰ পূর্ণ বিকাশ হয়, তেন্তে স্বীকাৰ কৰিবই লাগিব যে কেৱল পুথিগত বিদ্যাৰে সেই উদ্দেশ্য পূৰণ নহয়। মানৱজীৱন অসংখ্য কর্তব্য ভাৰেৰে পীড়িত, বহু দায়িত্বই মানুহে জীৱনত পালন কৰে বা কৰিবলগীয়া হয়। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্র সদায় গুৰুৰ বাধ্য হ’ব লাগে। গুৰুৰ বাণী-আদেশ শিৰােধার্য কৰি যিসকল ছাত্ৰই অধ্যয়ন কৰে, তেওঁলােকৰ জীৱনত কেতিয়াও দুখ আহিব নােৱাৰে। গুৰুৰ অবাধ্য আৰু গুৰুৰ দোষ-গুণ বিচাৰি ফুৰা ছাত্ৰৰ কর্তব্য নহয়। তেনে কৰিবলৈ যােৱা ছাত্ৰৰ উন্নতি কেতিয়াও হ’ব নােৱাৰে। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
পুৰণি কালত ছাত্ৰসকলে গুৰুৰ গৃহত থাকি গুৰুৰ বাধ্য হৈ শিক্ষালাভ কৰিব লাগিছিল । আজি-কালি অৱশ্যে গুৰুৰ গৃহত থকা নিয়ম নাই যদিও গুৰুৰপৰাই ছাত্রই শিক্ষালাভ নকৰাকৈ থাকিব নােৱাৰে। পিতৃ-মাতৃ আদি-গুৰু; তাৰ পাছত শিক্ষা-গুৰু। এই গুৰুৰ তত্ত্বাৱধানত ছাত্ৰসকলে শিক্ষালাভ কৰিব লাগে। ছাত্ৰৰ ব্যৱহাৰ সদায় নম্ৰ আৰু ভদ্র হ’ব লাগে।
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
জীৱনৰ শিক্ষা গ্ৰহণৰ অনুকুল সময় কেৱল বিদ্যা অর্জনেই ছাত্র জীৱনৰ একমাত্র লক্ষ্য নহয, জীৱনৰ আন যাৱতীয শিক্ষা গ্রহণৰৰ এয়াই অনুকুল সময়। সাংসাৰিক মলিনতা মুক্ত ছাত্ৰৰ মন, সেয়ে জীৱনৰ সকলাে পাঠেই ইয়াত অক্লেশে অংকিত হ'ব পাৰে। অৱশ্যে উল্লেখ নিষ্প্রয়ােজন, নিজ নিজ বিদ্যা শিক্ষা সকলাে ছাত্রৰে প্ৰাথমিক-কর্তব্য হােৱা উচিত। কাৰণ জীৱনৰ আন কামসমূহো সার্থক শিক্ষাৰ বৃক্ষৰ আশ্ৰয় কৰিয়েই গঢ়ি উঠে। সেয়ে বিদ্যা শিক্ষাক অৱহেলা কৰি আন কামত ব্ৰতী হ'লে সেয়া অর্থহীন হৈ পৰিব। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
দৰাচলতে জীৱনৰ বাবে পূর্ণ প্রস্তুতিয়েই ছাত্র জীৱনৰ একমাত্ৰ দায়িত্ব আৰু কর্তব্য। অধ্যয়ন এক তপস্যা, সাধনা। ইয়াৰ বাবে এক প্রবল সাধনৰ প্ৰয়োজন, একাগ্রতা আদিৰ দৰে দুর্লভ গুণ ছাত্ৰৰ আৱশ্যক। ইয়াৰ সমান্তৰালভাৱে অৱশ্যে সামাজিক জীৱনৰ দাবীও যুগে যুগে সকলাে ছাত্রই মানিবলগীয়া হয়। সেয়ে আধুনিক যুগৰ ছাত্ৰই কেৱল প্রাচীন ভাৰতৰ শান্ত, নিত্তৰংগ, জটিলতাহীন নিৰুদ্বিগ্ন অধ্যয়নৰ আদর্শ গ্রহণ কৰিলেই নহ'ব, এজন ছাত্ৰই বিশ্বৰ খা-খবৰ ৰাখিব লাগিব, বাধ্যতামূলক শৰীৰ চৰ্চা শিক্ষাত যােগ দিব লাগিব, দুর্গত আৰু আৰ্তজনৰ সেৱাত জীৱন উৎসৰ্গা কৰিব লাগিব। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
আধুনিক বিশ্বমৈত্রীৰ যুগত বাস কৰিও সেয়ে কেৱল গ্রন্থকীট হলে নির্বাসিত জীৱন যাপন কৰিবলগীয়া হয়। প্রখৰ সমাজ চেতনাই আধুনিক ছাত্রক তেওঁৰ পূৰ্বৱর্তী সকলতকৈ অধিকতৰ মর্যাদা প্রদান কৰিছে। অপেক্ষাকৃতভাৱে বয়স্ক ছাত্ৰসকলৰ বহুতেই যে ৰাজনীতিৰ প্রতি আকর্ষিত হৈছে, এই সচেতনতাও তাৰ অন্যতম কাৰণ।
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
দেশৰ ছাত্রসমাজ ভৱিষ্যতৰ আশাৰ চাকি, এই জাতীয় কথাই বহু ব্যৱহাৰৰ পৰিণতিত হযতাে কিছু অর্থগৌৰৱ হেৰুৱাইছে, কিন্তু ইয়াতকৈ সঁচা কথা আৰু একো নাই। বর্তমান উজ্জ্বল তাৰুণ্যৰে ভৰা ছাত্ৰসকলেইতাে ভৱিষ্যতে ৰাষ্ট্রৰ কর্ণধাৰ হ’ব, জ্ঞানগম্ভীৰ আদর্শবান শিক্ষক হ’ব, ৰণক্ষেত্ৰৰ কুশলী ৰণুৱা হ'ব, মুমুর্মু জীৱনলৈ সুস্থতাৰ আশ্বাস আনিব। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
এই সকলাে দায়িত্ব পালনৰ বাবে প্রয়ােজন স্বাস্থ্যোজ্জ্বল, জ্ঞানৱান আৰু কিন চৰিত্ৰৰ অধিকাৰী এদল মানুহ। ছাত্ৰৰ মাজতেই এইবােৰ গুণ সুপ্ত হৈ থাকে। সযত্ন প্রয়াসেৰে, নৈষ্ঠিক অনুশীলনেৰে, দৈনন্দিন ব্যৱহাৰেৰে তাক মাথাে জাগ্রত কৰিব লাগিব। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্র-জীৱন প্ৰকৃততে বৰ সুখৰ জীৱন। এই কালছােৱাত মানুহ অতি পৱিত্র হৈ থাকে। কোনাে প্রকাৰৰ হিংসা, কুটিলতাই ছাত্ৰৰ মনত প্রৱেশ কৰিব নােৱাৰে। সত্য, সৰলতা আৰু উদাৰ নীতিয়ে ছাত্রক সদায় পৰিচালিত কৰে। সেই কাৰণে ছাত্ৰসকল সদায় পৰােপকাৰী হয়। সাংসাৰিক জীৱনত প্ৰৱেশ কৰাৰ লগে লগে মানুহৰ মন এটা ঠেক গণ্ডিলৈ নামি আহে; কিন্তু ছাত্র-জীৱনত উপযুক্ত নীতি-শিক্ষা লাভ কৰিব পাৰিলে, সাংসাৰিক জীৱনাে পৱিত্ৰকৈ ৰাখিব পাৰি।
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্র একোজনক চাৰিত্রিক গুণৰাে প্রয়ােজন। সততা, ন্যায়নিষ্ঠা, ক্ষমা, উদাৰতা আদি চাৰিত্রিক গুণবােৰ শিক্ষা জীৱনতেই অর্জন কৰিব লাগিব। মনত ৰখা আৱশ্যক, বিদ্বান হলেও চৰিত্ৰহীন লােকৰ সমাজত কোনাে মূল্য নাই। অকাৰণ চঞ্চলতা, বন্ধী স্বভাৱ, দম্ভ আদি ছাত্র জীৱনৰ পৰাই পৰিহাৰ কৰি চলা উচিত। চৰিত্ৰ মানুহৰ এনে এটা সম্পদ, যি এবাৰ অধঃপতিত হলে একোৰে বিনিমত তাক পুনৰুদ্ধাৰ কৰিব নােৱাৰি। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
ছাত্র সমাজে নিজৰ জীৱনত শিক্ষাৰ অমূল্য ভূমিকা উপলব্ধি কৰে, সেয়ে সমাজে আশা কৰে যে সেইসকল ছাত্রই দেশৰ অসংখ্য নিৰক্ষৰ লােকৰ প্ৰতিও কর্তব্য পালন কৰিব , শিক্ষাৰ প্ৰসাৰত আগভাগ ল'ব। সক্রিয় ৰাজনীতিত ছাত্ৰই অংশগ্রহণ কৰা উচিত নে অনুচিত সেই সম্পর্কে মতবিৰােধ আছে। কিন্তু এসময়ত অগণন ছাত্রই দেশৰ স্বাধীনতা সংগ্ৰামত যিদৰে আত্মদান কৰি গৈছে, তাক শ্রদ্ধা নকৰি নােৱাৰি। 
অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 
অধ্যয়ন ছাত্ৰৰ প্ৰাথমিক ব্রত। ছাত্রৰ উদ্দেশ্য হােৱা উচিত বিদ্যা। শিক্ষাক অৱলম্বন কৰি জীৱনৰ সর্বতােমুখী বিকাশক স্বচ্ছন্দ গতিবেগ দান কৰা। কেৱল পুথিগত বিদ্যাৰে পৰীক্ষাত উত্তীর্ণ হােৱাটোৱেই ছাত্ৰৰ অন্তিম লক্ষ্য নহয, ই এটা শুভ লক্ষ্যত উপনীত হােৱাৰ সৎ উপায় মাত্র। গ্রন্থৰ সাহচর্য্যত জীৱন সমৃদ্ধ হয়, কিন্তু পূর্ণ নহয়। Education is the manifestation that is already in man সেয়ে পুথিগত বিদ্যাৰ সমান্তৰালভাৱে বৃহত্তৰ জীৱনৰ অন্যান্য পাঠসমূহ অধিগতন কৰিলে সুপ্ত মানৱশক্তিৰ নিদ্রাভংগ নহয়, জীৱনাে সার্থক আৰু সুন্দৰ হৈ নুঠে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 


সমাজ গঠনত ছাত্ৰৰ কর্তব্য 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

সমাজ হ’ল মানুহৰ সংঘবদ্ধ হােৱাৰ ইচ্ছাৰ এটা ৰূপ। মানুহে অন্যান্য কেতবােৰ বণ্য প্রাণীৰদৰে অকলশৰীয়া জীৱন যাপন কৰিব নােৱাৰে আৰু কৰ্মৰ এক প্ৰসাৰ বা ব্যপ্তি বিচাৰে। আদিমযুগৰ পৰাই এনেবােৰ কাৰণতে মানুহে সংঘবদ্ধভাবে বসবাস কৰিবলৈ শিকিছে আৰু এনেদৰেই জন্ম হৈছে সমাজৰ। যি দৰে মানুহে মিলি সমাজখন গঠন কৰে সেইদৰে সমাজখনেও একো একোজন ব্যক্তিক গঢ় দিয়াত মুখ্য ভূমিকা পানল কৰে। সমাজ অবিহনে ব্যক্তিৰ বিকাশ অসম্ভৱ। সেয়েহে এখন সমাজৰ শান্তি শৃংখলা আৰু সুখ-সমৃদ্ধি সুনিশ্চিত কৰিবৰ বাবে সমাজখন সংগঠিত হােৱা বৰ আৱশ্যক। সমাজ এটা স্থায়ী বা স্থবিৰ ব্যৱস্থা নহয়। সময়ত লগে লগে সমাজ ব্যৱস্থাই নতুন নতুন ৰূপ লয় আৰু মানুহৰ প্ৰগতিক খটকীয়া কৰি তােলে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

আমাৰ দেশতাে বা পৃথিৱীৰ প্ৰায়বােৰ দেশতে মানুহে গঠন কৰিছিল আদিম সমাজ ব্যৱস্থা। চিকাৰ কৰি খােৱা মানুহৰ দলবােৰেৰে এই সমাজ চলিছিল। তাৰ পৰা আগুৱাই আহি জনজাতীয় সমাজ ব্যৱস্থাৰ সময়তাে মানুহৰ ব্যক্তিগত সম্পত্তিৰ ধাৰণা নাছিল। সমূহীয়া জীৱনেই আছিল এনে সমাজৰ আধাৰ। ক্রমে সেই সমাজ ভাগি গঢ় লৈ উঠিল সামন্তীয় ব্যৱস্থাৰ সমাজ। দেশৰ সকলাে সম্পত্তি ৰজাৰ নামত থাকিল। প্রজাসকলে নিজৰ শ্ৰমৰ বিনিময়ত খােৱা থকাৰ আদিৰ নিৰাপত্তা লাভ কৰিলে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

এটা সময়ত আৰম্ভ হ'ল আধুনিক সমাজ ব্যৱস্থা যত ব্যক্তিগত সম্পত্তি, উদ্যোগ, উৎপাদন আদিয়েহে সমাজৰ মূল কথা হৈ পৰিল। শাসন ব্যৱস্থাৰাে পৰিবৰ্তন হ'ল। এনেদৰেই সমাজৰ পৰিবৰ্তন চলিব লাগিছে। আনকি আজি কেইটামান বছৰৰ ভিতৰতে হােৱা ৰুছ দেশৰ সামাজিক পৰিবৰ্ত্তন সচাই লক্ষণীয়। ৰাজতান্ত্রিক ব্যৱস্থাক দলিয়াই দি ৰুছ দেশত প্রতিষ্ঠা হ’ল শ্রমিক। আৰু কৃষকে কৰা নিয়ন্ত্রিত সাম্যবাদী সমাজ। কিন্তু আজি কিছুদিনৰ পৰা তেওঁলােকে অনুভৱ কৰিলে যে সাম্যবাদী ব্যৱস্থাৰে তেওঁলােকৰ সর্বাঙ্গীন উন্নতি নহয়। ছাত্র জীবন আৰু সমাজ সেৱা

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

গতিকে তেওঁলােকে হােৱাৰ দাবী জনালে আৰু সম্প্রতি ছােভিয়েত ৰাছিয়াত সাম্যবাদী ব্যৱস্থাৰ পৰা ওলাই আহি ভালেমান নতুন ৰাষ্ট গঠন হ’ল। গতিকেই কোনাে আদর্শই চিৰস্থায়ী নহয়। এয়া হ'ল সমাজৰ সামগ্রিক পৰিবৰ্তনৰ এটা আভাস। এনেবােৰ পৰিবৰ্তন আৱশ্যম্ভাৱী আৰু এনেবােৰ পৰিবৰ্তনে কেতিয়াবা ব্যক্তি মঙ্গল সাধন কৰে আৰু কেতিয়াবা অনিষ্টও কৰে। কিন্তু যিহেতু মানৱ মনে ন-ন চিন্তা আৰু পৰীক্ষাৰ মাজেদি আগবাঢ়িব বিচাৰে গতিকে এনেধৰণৰ পৰিবৰ্ত্তনাে স্বাভাবিক। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

কিন্তু এনেবােৰ পৰিবৰ্তনে আমাৰ সামাজিক জীৱনটোক প্ৰভাৱিত কৰে যদিও কেতবােৰ প্ৰমূল্য সমাজ এখন বৰ্তি থকাৰ বাবে অতি প্রয়ােজন। যেনে সত্যৰ প্রতি অন্বেষণ, নৈতিকতা, কর্তব্যনিষ্ঠা, নিয়মানুবর্তিতা, সৎ আচৰণ আদি প্রমূল্যবােৰ মানুহে যুগে যুগে আহৰণ কৰিছে। বহু সময়ত এনে কথাবােৰ আপেক্ষিক। যুগ, সময়, কাল অনুযায়ী কেতিয়াবা এনেবােৰ প্ৰমূল্যৰ অৰ্থ অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু সামগ্রিক ভাবে এনেবােৰ প্ৰমূল্যই সমাজখনৰ অন্তর্বর্তী ধৰাটোক সবল ভাবে ধৰি ৰাখে। ৰাষ্ট্ৰ ব্যৱস্থাৰ যিমানেই পৰিবৰ্তন নহওক কিয়, সত্যৰ প্রতি, ন্যায়ৰ প্ৰতি বা নৈতিকতাৰ প্রতি আস্থাহীন এখন সমাজ কেতিয়াও আগুৱাই যাব নােৱাৰে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

গতিকে ছাত্র সকলে এনে আদর্শবােৰক জীয়াই ৰখাৰ বাবেও নিজকে প্রস্তুত কৰিব লাগিব। মনত ৰাখিব লাগিব যে এনেবােৰ নীতি বা আদর্শক ধৰি ৰখাতে এজন ছাত্ৰৰ নিজৰ বিকাশৰ বাবেও অত্যন্ত প্রয়োজনীয়। বর্তমান আমাৰ ভাৰতবর্ষ দৰে ৰাষ্ট্র এখনৰ মূল আদর্শ হ’ল গনতন্ত্র আৰু ধৰ্মনিৰপেক্ষতা। গতিকে ছাত্র সকলেও এই প্রমূল্যসমূহক সজীৱিত কৰি ৰখাৰ বাবে চেষ্টা কৰিব লাগিব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ছাত্র সকলে এনে আদৰ্শৰ নামত কেতবােৰ মানুহে কৰি যােৱা অন্যায় আচৰণকে ৰাষ্ট্ৰৰ আদর্শ বুলি গ্রহণ কৰি থাকিব। ছাত্র জীবন আৰু সমাজ সেৱা

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

ছাত্রসকল হ'ল ৰাতিপুৱাৰ দহ বজাৰ সূৰ্য্যৰ দৰেই উদয়মান, তেজস্বী আৰু শক্তিমান। এয়েই হ’ল ন-ন চিন্তাৰ পুৰণৰ সময়। সেয়েহে ছাত্র শক্তিয়ে নিজৰ উদ্ভৱনাময় শক্তিৰে এনেবােৰ প্ৰমূল্যক সঠিক দিশ নির্দেশনা দিবৰ বাবেও চেষ্টা কৰিব লাগিব। এই খিনিতেই এটা কথা উল্লেখনীয় যে বিশ্বৰ সকলাে সমাজতে ছাত্র শক্তি এক নিস্বার্থ শক্তি। লােভ, ক্ষমতা আদিৰ পৰা স্বাভাৱিকতেই তেওঁলােক মুক্ত সেয়েহে সকলােকে নতুন সমাজ গঢ়াত মুখ্যতম ভূমিকা পালন কৰিব পাৰে আৰু এতিয়ালৈকে ছাত্ৰই এনে দায়িত্ব পালন কৰি আহিছে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

এই সকলােবােৰ দায়িত্ব থকা স্বত্বেও এটা কথা ছাত্র সকলে সদায় মনত ৰাখিব লাগিব যে তেওঁলােকৰ জীৱনৰ মূল দায়িত্ব হ’ল অধ্যয়ন। ছাত্র হিচাপে তেওঁলােকে আজি যি আহৰণ কৰিব সেয়েই কালিলৈ সমাজখনৰ ভাল বেয়া বা অধােগতি-প্রগতি নির্ণয় কৰিব। ছাত্ৰসকলে নিজৰ চিন্তাৰ উৎকর্ষ সাধন কৰি বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিব লাগিব। পৃথিৱীৰ জ্ঞান- বিজ্ঞানৰ বিচিত্র অভিজ্ঞতাৰে নিজকে পুষ্ট কৰি ন-ন গবেষনাৰে সমাজক সমৃদ্ধ কৰিব লাগিব।

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

পঢ়া-লিখাৰ লগতে মানৱ মনৰ বিভিন্ন দিশ যেনে চিত্র, ভাস্কৰ্য্য, কলা সাহিত্য, সত্য,প্রেম, অহিংসা, পৰােপকাৰ, কর্তব্যনিষ্ঠা, নিয়মানুবর্তিতা আদি প্রমূল্য সমূহকে ধৰি ৰাখিব লাগিব। ছাত্র সকলে এটা কথা মনত ৰাখিব লাগিব যে শিক্ষাৰ সর্বোচ্চ দায়িত্বটো হ'ল সামাজিক কল্যান। ছাত্র জীবন আৰু সমাজ সেৱা

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

শিক্ষাই এজন মানুহক আন্ধাৰৰ পৰা মুক্ত কৰে, স্বাধীন আৰু সাহসী কৰে আৰু নতুনক আদৰি লবলৈ শিকাই। সেয়ে প্রকৃতভাবে শিক্ষিত এজন ব্যক্তি কেতিয়াও কাৰাে গােলাম নহয়। শিক্ষাৰাে মূল উদেশ্য সেয়েই মানুহক সকলাে অন্ধতা আৰু গােলামীৰ পৰা মুক্ত কৰা। সেয়ে ছাত্ৰৰ পবিত্ৰ কৰ্তব্য এইটোও যে তেওঁলােকেই শিক্ষাক স্বার্থন্বেষী সকলৰ কোপদৃষ্টিৰ পৰা বচাই ৰাখি জনকল্যানৰ স্বাৰ্থত ব্যৱহাৰ কৰিব লাগিব। এয়েই হ’ল ছাত্ৰৰ পবিত্র কর্তব্য।ছাত্র জীবন আৰু সমাজ সেৱা

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 



পিতৃ-মাতৃৰ প্রতি ছাত্রৰ কর্তব্য

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 


পিতৃ-মাতৃ হৈছে আমাৰ সকলোৰে সাক্ষাৎ দেৱতা। তেওঁলােকে আমাক জন্ম দিছে। সৰুৰেপৰা তুলি-তালি ডাঙৰ-দীঘল কৰিছে। আমাৰ সুখত শান্তি লাভ কৰিছে আৰু অসুখ-বিসুখ নাইবা দুখ-কষ্ট দেখি শােক পাই প্রতিকাৰৰ বাবে আগবাঢ়ি আহে। তেওঁলােকৰ যত্ন আমি কেঁচুৱা কালৰপৰা ডাঙৰ হৈ এই সুন্দৰ পৃথিৱীত মানুহ বুলি পৰিচয় দিব পাৰিছোঁ। গতিকে তেওঁলােকৰ প্রতি আমাৰ কৰ্তব্য কিমান গভীৰ প্রকাশ কৰিবলৈ টান। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

পৃথিৱীত আমি যিসকলক সন্মান কৰোঁ, সেইসকলৰ ভিতৰত পিতৃ-মাতৃৰ স্থান প্রথম। পিতাক আমাৰ প্রত্যক্ষ দেৱতা বুলি কোৱা হয়। এইখন পৃথিৱীত পিতৃতকৈ অধিক শ্রদ্ধেয় ব্যক্তি আৰু কোনাে নাই। তেওঁৰ প্রতি আমাৰ যি কর্তব্য তাক একান্ত শ্ৰদ্ধাৰে পালন কৰিব লাগে। তেওঁৰ আমি যিমানেই সেৱা-শুশ্রুষা নকৰোঁ, তথাপি তেওঁৰ ঋণ পৰিশােধ কৰিব নােৱাৰোঁ। পিতৃয়ে আমাৰ কিমান উপকাৰ কৰে, তাক কৈ শেষ কৰিব নােৱাৰি। আমাৰ শিশুকালৰেপৰা সকলাে প্ৰকাৰে যত্ন লৈ খুৱাই-বুৱাই ডাঙৰ-দীঘল কৰে। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

সন্তান সুখী হলে তেওঁলােকৰ আনন্দৰ সীমা নাই। যশস্যা আৰু চৰিত্ৰৱান পুত্র পিতা-মাতাৰ গৌৰৱৰ স্থল। দুষ্ট, চৰিত্রহীন আৰু অকর্মণ্য পুত্র-কন্যা মাক-বাপেকৰ কাৰণে শােকৰ কাৰণ হৈ পৰে। মাতৃয়ে দহমাহ দহদিন গৰ্ভত ধাৰণ কৰি আমাক জন্ম দিয়ে। বুকুৰ পিয়াহ খুৱাই ডাঙৰ-দীঘল কৰে, নবিয়া হ'লে আৰােগ্য লাভৰ কাৰণ পার্যমানে যত্ন কৰে। মাতৃৰ সন্তানৰ প্ৰতি যি স্নেহ তাৰ তুলনা নাই। মাতৃৰ কোলাত আমি নেদেখা স্বৰ্গৰ সুখ ভােগ কৰি ডাঙৰ-দীঘল হওঁ। আমাৰ সুখতেই আই সুখী। আমাৰ দুখ-কষ্ট বা সাংসাৰিক বিষয়ত পতন ঘটিলে তেওঁ বৰ দুখ পায়। মাতৃৰ সেৱা কৰা, তেওঁলােকে ভাল পােৱা কাম কৰা আৰু তেওঁলােকৰ অসুখ-বিসুখ নাইবা বুঢ়া বয়সত আমি সকলাে প্ৰকাৰে শুশ্রুষা কৰা আমাৰ পৱিত্র কর্তব্য। 

অসমীয়া ৰচনা - ছাত্র জীৱনৰ দায়িত্ব আৰু ছাত্রৰ কর্তব্য HSLC / HS Assamese Essay for Class 10 students Assamese medium 

যিসকল সন্তানে মাতৃ-স্নেহ পােৱা নাই, তেওঁলােকে সঁচাকৈয়ে দুৰ্ভগীয়া। পিতৃ-মাতৃৰ প্রতি আমাৰ কৰ্তব্যৰ শেষ নাই। আমি কেঁচুৱা কালৰপৰা ক্ৰমে বুঢ়া হৈ আহোঁ। বুঢ়া কালতাে তেওঁলােকক আমি সকলাে প্ৰকাৰে সেৱা কৰা উচিত। বুঢ়া কালত কিম্বা নৰিয়াপাটীত আমি পিতা-মাতা প্রতি বিশেষ যত্নবান হ’ব লাগে। যিসকল ভাগ্যৱান সন্তানে পৃথিৱীত বৃদ্ধ পিতৃ-মাতৃক সেৱা-শুশ্রুষাবে তুষ্ট কৰিব পাৰিছে, তেওঁলােকৰ জীৱন ধন্য। তেওঁলােকৰ জীৱনত সদায় পিতৃ-মাতৃণ আশীর্বাদে সৌভাগ্য দান কৰে।ছাত্র জীবন আৰু সমাজ সেৱাছাত্র জীবন আৰু সমাজ সেৱা




seba hslc question paper 2020 pdf,
question bank for class 10 seba,
seba guide question paper,
question bank for class 10 seba answer,
 ছাত্র জীবন আৰু সমাজ সেৱা
answer bank of class 10 seba,
seba hslc question paper 2010,
seba hslc question paper 2018 pdf,
seba class 9 question paper 2019,
 ছাত্র জীবন আৰু সমাজ সেৱা


Previous Post Next Post