Happy New Year



ধাৰাষাৰ বৈ যোৱা নদীৰ দৰেই সময়ৰ গতি । এই সময়ে দিয়ে বহু নতুন বতৰা । সময়ৰ সৈতে খোজ মিলাই আমিও পাহৰি যাও অতীতক, আদৰি লও বৰ্তমান আৰু ভৱিষ্যতৰ ৰঙীন সপোনক । পোৱা - নোপোৱাৰ হিচাপবোৰ হৃদয়ৰ দলিলত থৈ অন্য এখন দলিল প্ৰস্তুত কৰি লও যʼত থাকে অনাগত বছৰটোৰ বাবে কেৱল হাঁহি, আনন্দ, সুখ আৰু মৰম । কিন্তু ভৱিষ্যতৰ সোণালী দিনৰ আশাত খোজ দিওঁতে উভতি চোৱাৰ প্ৰয়োজন ৩৬৫ পৃষ্ঠাজোৰা এবছৰীয়া কিতাপখনলৈ । যʼত লিখা আছিল আমাৰ জীৱনৰ অম্ল - মধুৰ স্মৃতিৰ সংমিশ্ৰণেৰে কিছু প্ৰাপ্তি আৰু সন্তুষ্টিৰ গল্প । তথাপি সেই গল্পৰ মাজতে আছিল এটি এটি বিষাদৰ বাক্য । যি হৃদয়ত সিঁচি গৈছিল বহু বিফলতাৰ বীজ ।আশা কৰোঁ সেই বিফলতা এই নতুন বছৰত সফল হওক আৰু সেই সফলতাই কঢ়িয়াই আনক তোমাৰ/আপোনাৰ বাবে আনন্দ আৰু পূৰ্ণতা । বুকুত যে সাঁচি ৰাখিছে সপোনবোৰ, এই নতুন বছৰত দিঠক হৈ ধৰা দিয়ক । তোমাৰ/আপোনাৰ ব্যস্তময় জীৱনক সুখ, হাঁহি আৰু ৰোমাঞ্চকৰ কৰি তোলক নতুন বছৰে । এই নতুন বছৰত হওঁক এক নতুন আৰম্ভণি । নেদেখাজনে তোমাক/আপোনাক সংগ দিয়ক তাৰে কামনাৰে তোমালৈ/আপোনালৈ জনালোঁ ইংৰাজী নৱবৰ্ষ ২০২৫ ৰ আন্তৰিক শুভকামনা 💐🎀
      

আপোনালৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।















Share:
Copyright © ASSAMESEMADIUM | Powered by Blogger & | DESIGN BY ASSAMESEMADIUM