কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়?
উ: ১৯০১ চন
কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়?
উ: আলফ্ৰেড ন’বেল
ৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?
উ: নাইজেৰিয়া
বিশুদ্ধ খোৱাপানীৰ ph মান কিমান ?
উ: ৭
শঙ্কৰদেৱে বৰগীত সমূহ কি ভাষাত লিখিছিল ?
উ: ব্ৰজাৱলী ভাষাত
প্ৰথম ভাৰতীয় উপগ্ৰহ (আৰ্যভট্য) কিমান চনত নিক্ষেপ কৰা হৈছিল ?
উ: ১৯৭৫ চনত
ভাস্ক দা গামা ভাৰতলৈ কেতিয়া আহিছিল ?
উ: ১৪৯৮ চনত
ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ: ২২ এপ্ৰিল
Diego Garcia বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ?
উ: ভাৰত মহাসাগৰ
নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়?
উ: ইজিপ্ত
লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ’ উপাধি প্ৰদান কৰিছিল ?
উ: অসম সাহিত্য সভাই
‘চান্দুবি’ উৎসৱ পালন কোনে কৰে ?
উ: ৰাভা
বিত্তীয় আয়োগৰ সদস্য সকলক কোনে নিযুক্তি দিয়ে ?
উ: ৰাষ্ট্ৰপতিয়ে
আহোমৰ দ্বিতীয় ৰাজধানী কি আছিল ?
উ: চাৰগুয়া
‘দেওলাংখুই’ ৰ ৰচক কোন ?
উ: ৰীতা চৌধুৰী
কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল ?
উ: গদাধৰ সিংহৰ দিনত
চুকাফা ক’ৰ পৰা আহিছিল ?
উ: Burma (ম্যানমাৰ)
সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় ?
উ: ২৭ মাৰ্চ তাৰিখে
অসমীয়া সংস্কৃতিৰ মূল ভেটি কি ?
উ: সমন্বয়
অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল ?
উ: স্বৰ্গনাৰায়ণ
কেবিনেট মিশ্যন ভাৰতলৈ কেতিয়া আহিছিল ?
উ: ১৯৪৬ চনত
কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই ?
উ: বুধ গ্ৰহৰ
আহোম সকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায় ?
উ: চকলং
‘নামঘোষা’ কোনে লিখিছিল ?
উ: শ্ৰী শ্ৰী মাধৱদেৱ
‘প্ৰেম আৰু ৰদালিৰ’ কবি বুলি কাক জনা যায় ?
উ: হীৰেণ ভট্টাচাৰ্য
গদাধৰ সিংহৰ আহোম নাটটো কি ?
উ: চুপাটফা
ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে ?
উ: ৮৩৭ চনত
‘Discovery of Assam’ গ্ৰন্থখনৰ লেখক কোন ?
উ: সতীশচন্দ্ৰ কাকতি
এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে ?
উ: লোকসভা অধ্যক্ষই
কলিকতাত কেতিয়া অসমীয়া সাহিত্য চৰা প্ৰতিষ্ঠা কৰা হৈছিল ?
উ: ১৮৭২ চনত
জাতীয় শিক্ষা নীতি ১৯৮৬ গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল ?
উ: ৰাজীৱ গান্ধী
অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয় ?
উ: মহগড়ৰ ৰণ
স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
উ: ৰাজেন্দ্ৰ প্ৰসাদ
চুকাফাই লগত কিমান মানুহ আনিছিল ?
উ: ৯০০০
উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অবতৰণ কৰা হৈছিল ?
উ: যোৰহাট
ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল ?
উ: ২০০৮ চনত
ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন ?
উ: ৰাষ্ট্ৰপতি
মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান ?
উ: ১৪ ডাল হাড়
ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো ?
উ: আৰাৱলী
অসমৰ’ চাহৰ চহৰ’ বুলি কোনখন চহৰক কোৱা হয় ?
উ: ডিব্ৰুগড় চহৰক