অসমীয়া ভাষাৰ প্ৰধান যতি-চিহ্নসমূহ
অসমীয়া ভাষাত বাক্যৰ অৰ্থ স্পষ্ট আৰু সুশৃংখলভাৱে প্ৰকাশ কৰিবলৈ বিভিন্ন যতি-চিহ্ন ব্যৱহাৰ কৰা হয়। প্ৰধান যতি-চিহ্নসমূহ হ'ল—
লঘু-যতি বা কমা (,)
গুৰু-যতি বা ছেমিকোলন (;)
দাৰি (।)
ভাৱবোধক যতি (!)
প্ৰশ্নবোধক যতি (?)
কোলন বা কোলন-ডেছ (:, :-)
ডেছ (—)
যোগৰেখা বা হাইফেন (-)
উদ্ধৃতি-চিহ্ন (" ", ' ')
বন্ধনী ( )
বৰ্জন-চিহ্ন (……)
তাৰকা-চিহ্ন (*)
ক) লঘু-যতি বা কমা (,)
একে ধৰণৰ তিনিটা বা তাতকৈ অধিক শব্দ একেলগে ব্যৱহাৰ কৰিলে আৰু শেষৰ দুটা শব্দ সংযোজক অব্যয়েৰে সংযুক্ত হ'লে লঘু-যতি ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
সি, তুমি, আৰু মই যাম।
শেষৰ শব্দ দুটা অব্যয়েৰে সংযুক্ত নোহোৱাকৈও লঘু-যতি ব্যৱহাৰ হয়।
উদাহৰণ:
মই আজি ঘৰলৈ আপেল, আনাৰস, আম, লিচু আদি আনিছোঁ।
কাৰোবাক সম্বোধন কৰিলেও লঘু-যতি ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
দেউতা, আজি মোক দুটকা দিব লাগিব।
চৰ্তসাপেক্ষ বাক্য বা উপবাক্যৰ পাছতো লঘু-যতি ব্যৱহাৰ হয়।
উদাহৰণ:
তুমি অহাহেঁতেন, মই গ'লোঁহেঁতেন।
খ) গুৰু-যতি বা ছেমিকোলন (;)
লঘু-যতিতকৈ অধিক বিৰামৰ প্ৰয়োজন হ'লে গুৰু-যতি ব্যৱহাৰ কৰা হয়। দুটা সম্পৰ্কযুক্ত বাক্য বা বাক্যাংশৰ মাজত ইয়াৰ ব্যৱহাৰ হয়।
উদাহৰণ:
তোমাৰ জীৱন সোনকালে নষ্ট হ'ব; সেই কাৰণে তাক ভাল কামত লগাবা।
মানুহে তেওঁক দেশদ্ৰোহী বুলি ভাবিছিল; কিন্তু আচলতে তেওঁৰ অন্তৰে দেশৰ কাৰণে কান্দিছিল।
গ) দাৰি (।)
বাক্যৰ অৰ্থৰ পূৰ্ণতা বুজাবলৈ দাৰিৰ ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
মানুহ মৰণশীল।
দেশতকৈ মোমাই ডাঙৰ নহয়।
ঘ) ভাৱবোধক যতি (!)
মনৰ তীব্ৰ অনুভূতি, আৱেগ, বিস্ময়, আনন্দ বা দুখ প্ৰকাশ কৰিবলৈ এই চিন ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
উঃ! কি ভয়ংকৰ দৃশ্য!
ঙ) প্ৰশ্নবোধক যতি (?)
প্ৰশ্নবোধক বাক্যৰ শেষত এই চিন ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
তেওঁ ঘৰত আছে নে?
চ) কোলন বা কোলন-ডেছ (:, :-)
কোনো বিষয় উল্লেখ কৰি তাৰ ব্যাখ্যা, বিৱৰণ বা তালিকা দিবলৈ এই চিন ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
লেখক: শ্ৰী জগদীশ চন্দ্ৰ অধিকাৰী।
মূল্য: চাৰি টকা মাথোন।
ছ) ডেছ (—)
বাক্যত মনোভাৱৰ হঠাৎ পৰিৱৰ্তন, ব্যাঘাত বা বিশেষ জোৰ প্ৰকাশ কৰিবলৈ ডেছ ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
তুমি ভালদৰে পঢ়া-শুনা কৰা, ডাঙৰ মানুহ হোৱা—এয়েই মোৰ মনৰ কামনা।
জ) যোগৰেখা বা হাইফেন (-)
সংযুক্ত শব্দ বা যুগ্ম শব্দ বুজাবলৈ হাইফেন ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
বৰ্তমান সময়ত ভাত-কাপোৰৰ সমস্যাই আটাইতকৈ ডাঙৰ সমস্যা হৈ উঠিছে।
ঝ) উদ্ধৃতি-চিহ্ন (" ", ' ')
আনৰ কথাক হুবহু উদ্ধৃত কৰিবলৈ প্ৰথম যোৰ উদ্ধৃতি-চিহ্ন ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
জ্ঞানীসকলে কৈছে, "ভুল কৰা মানুহৰ গুণ আৰু ক্ষমা কৰা ঈশ্বৰৰ গুণ।"
কোনো শব্দ, বাক্যাংশ, গ্ৰন্থৰ নাম বা বিশেষ শব্দক পৃথককৈ বুজাবলৈ দ্বিতীয় যোৰ উদ্ধৃতি-চিহ্ন ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
'লুইতৰ পাৰৰ অগ্নিসুৰ' অসমৰ এখন বিখ্যাত উপন্যাস।
ঋ, ৰ-ৰ পাছত থকা 'ন' মূৰ্ধন্য 'ণ' হয়।
ঞ) বন্ধনী ( )
বাক্যৰ মাজত কোনো শব্দৰ অৰ্থ, ব্যাখ্যা বা সম্পূৰক তথ্য দিবলৈ বন্ধনী ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
পণ্ডিতমন্য (নিজকে পণ্ডিত বুলি ভবা ব্যক্তি)।
ট) বৰ্জন-চিহ্ন (……)
উদ্ধৃত কথাৰ কোনো অংশ বাদ দিলে বৰ্জন-চিহ্ন ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
"সত্যমেৱ জয়তে……"
ঠ) তাৰকা-চিহ্ন (*)
কোনো শব্দ বা কথাৰ বিষয়ে তলত পাদটীকা (Footnote) হিচাপে বিশেষ তথ্য বা ব্যাখ্যা দিবলৈ তাৰকা-চিহ্ন ব্যৱহাৰ কৰা হয়।
উদাহৰণ:
অসমীয়া সাহিত্যৰ জনক* হেমচন্দ্ৰ বৰুৱা।
অসমীয়া ভাষা আৰু সাহিত্যলৈ তেওঁৰ অৱদান অপৰিসীম।
উপসংহাৰ
যতি-চিহ্ন ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে বাক্যৰ অৰ্থ স্পষ্টভাৱে প্ৰকাশ কৰাত সহায় কৰে। সঠিক স্থানত সঠিক যতি-চিহ্ন ব্যৱহাৰ কৰিলে লিখনী অধিক শুদ্ধ, সুসংগঠিত আৰু পাঠকৰ বাবে বোধগম্য হয়।
No comments:
Post a Comment
thank you