ECONOMICS COMMON QUETION FOR HS 2ND YEAR 2020||Economic (অৰ্থবিজ্ঞান)//HS 2nd year final exam common question & answers of Economic for 2020|| অৰ্থবিজ্ঞান hs 2nd year||hs 2nd year assamese medium|| hs second year assamese|| assamesemedium||hs second year||

1)এডাল নিৰপেক্ষ ৰেখা তলমুৱাকৈ হেলনীয়া কিয়? 


উত্তৰ - ক্ৰমহ্ৰাসমান প্ৰতিকল্পনৰ প্ৰাaন্তিক হাৰৰ কাৰণে। 


 2)ধৰি লোৱা হওক x আৰু y দুটা চলক আৰু y ৰ মূল্য নিৰ্ভৰ কৰে x ৰ মূল্যৰ ওপৰত । এতেকে y চলকটো স্বতন্ত্ৰ নে নিৰ্ভৰশীল লিখা । 


উত্তৰ - yক স্বতন্ত্ৰ বোলে 


3) বাজেট ৰেখা কি ? 


উত্তৰ - এজন উপভোক্তাৰ নিদিৰ্ষ্ট আয় আৰু দুটা সামগ্ৰীৰ নিদিৰ্ষ্ট দামত সম্ভাৱ্য পৰিমাণৰ এটা গোট ক্ৰয় কৰিব পাৰে। যাক লেখচিত্ৰ সহায়ত উপস্থাপন কৰা হয় তাকে বাজেট ৰেখা বুলি কোৱা হয়। 


4) তিনিটা আৰ্থিক কাৰ্যৱলী উল্লেখ কৰা । 


উত্তৰ - ক) উৎপাদন খ) বিনিময় গ) উপভোগ । 


5) মানুহৰ অভাৱৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 


উত্তৰ-।) মানুহৰ অভাৱ সীমাহীন ॥) অভাৱ মোচনৰ উপায়বোৰ সীমিত। 


6) উৎপাদন সম্ভানীয় সীমাৰেখা স্থানান্তৰিত হব পাৰেনে ? 


উত্তৰ - পাৰে। যদিহে অৰ্থনীতিটোৰ সম্পদ আৰু কাৰিকৰী কৌশলৰ সলনি হয়। 


7) অৰ্থবিজ্ঞানত দ্ৰব্য বুলি কি বুজায়? 


উত্তৰ - মানুহৰ অভাৱ পূৰণ কৰিব পৰা সকলোধৰণৰ কায়িক আৰু স্পৰ্শ কৰিব পৰা সামগ্ৰীক অৰ্থবিজ্ঞানত দ্ৰব্য বুলি কোৱা হয় । 


8) বজাৰ অৰ্থনীতি বা পুঁজিবাদী কেনেকৈ অৰ্থনৈতিক সমস্যা সমাধান কৰা হব? 


উত্তৰ - বজাৰ অৰ্থনীতিত দৰ-কৌশলৰ দ্বাৰা অৰ্থাৎ চাহিদা আৰু যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা অৰ্থনৈতিক সমস্যা সমাধান কৰা হয় । 


9) সুযোগ ব্যয় কাক বুলে ? 


উত্তৰ - কোনো এটা দ্ৰব্য ক্ৰয় কৰোঁতে বা সেৱা কাৰ্য কৰোঁতে ব্যক্তি এজনে যেতিয়া একে সময়ত লাভ কৰিব পৰা সম্ভৱ্য উপযোগিতাৰ পৰা বঞ্চিত হব লগা বা সুযোগ ত্যাগ কৰিব লগা হয় তেনে সুযোগকে সুযোগ ব্যয় বুলি কোৱা হয়। 


10) ব্যক্তিক সম্পদ কিয় লাগে ? 


উত্তৰ - মানুহৰ অভাৱ অসীম। এই অভাৱ পূৰণৰ বাবে মানুহক প্ৰয়োজন হয় সম্পদ। কাৰণ সসম্পদৰ পৰা উপযোগিতা পাব পাৰি। উপযোগিতা হল আমাৰ অভাৱসমূহ দূৰ কৰাৰ একমাত্ৰ উপাদান। গতিকে সম্পদ নহলে মানুহে অভাৱসমূহ দূৰ কৰিব নোৱাৰে অথবা সম্পদৰ অবিহনে অভাৱ মোচন নহয় । সেয়ে এজন ব্যক্তিক সম্পদৰ প্ৰয়োজন হয়। 


12) মিশ্ৰ অৰ্থনৈতি কি ? 


উত্তৰ - মিশ্ৰ অৰ্থনীতি ব্যৱস্থাত পুঁজিবাদ ব্যৱস্থাৰ অৱস্থিতি দেখা যায়। গতিকে মিশ্ৰ অৰ্থনীতি হবলৈ হলে এই দুই অৰ্থব্যৱস্থাৰ সংমিশ্ৰণ থাকিব লাগিব । তেতিয়া হে তেনে অৰ্থনীতিক মিশ্ৰ অৰ্থনীতি বুলি কব পাৰি । 


13) কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি মানে কি? 


উত্তৰ - এখন অৰ্থনীতিত পৰিকল্পনা প্ৰস্তুতকৰণৰ দ্বাৰা সম্পাদৰাজিৰ সঠিক প্ৰয়োগৰ ব্যৱস্থা কৰা কথাকে বুজায়। 


14) অৰ্থনৈতিত সম্পদ কি ? 


উত্তৰ - মানুহৰ অভাৱ পূৰণ কৰিব পৰা দুষ্প্ৰাপ্য আৰু বিনিময়যোগ্য সকলো দ্ৰব্য আৰু সেৱাক সম্পদ বোলা হয়। 


যেনে - ভূমি, শ্ৰমিক 


15) বজাৰ অৰ্থনীতি কি ? 


উত্তৰ - এখন অৰ্থনীতিত যেতিয়া বজাৰৰ চাহিদা আৰু যোগানৰ দ্বাৰা সিদ্ধান্তসমূহ নিৰ্ধাৰণ কৰা হয় । তেতিয়া সেই অৰ্থনীতি ব্যৱস্থাকে বজাৰ অৰ্থনীতি বুলি কোৱা হয়। 


16) দ্ৰৱ্যৰ সংজ্ঞা দিয়া । 


উত্তৰ - মানুহৰ অভাৱ পূৰণ কৰিব পৰা সকলোধৰণৰ কায়িক আৰু স্পৰ্শ কৰিব পৰা সামগ্ৰীক অৰ্থবিজ্ঞানত দ্ৰব্য বুলি কোৱা হয়। 


17) সেৱাৰ সংজ্ঞা দিয়া। 


উত্তৰ - সেৱা বুলি কলে এনে কিছুমান বস্তুক বুজা যায় যিবোৰ বস্তু স্পৰ্শ কৰিব নোৱাৰি কিন্তু কৰিব পৰা শক্তি থাকে । অৰ্থবিজ্ঞানত তাকে সেৱা বুলি কোৱা হয়।


Economic (অৰ্থবিজ্ঞান)//HS 2nd year final exam common question & answers of Economic for 2020|| অৰ্থবিজ্ঞান hs 2nd year||hs 2nd year assamese medium|| hs second year assamese|| assamesemedium||hs second year||hs 2nd year economics

Previous Post Next Post