Showing posts with label HS2NDYR(EDUCATION). Show all posts
Showing posts with label HS2NDYR(EDUCATION). Show all posts

মাধ্যমিক শিক্ষাৰ সমস্য়া সমুহ হ'ল

(১) বৰ্তমান মাধ্যমিক শিক্ষাৰ আসোৱাহ বা ভুল  ক্ৰটি সমুহ বাখ্যা কৰা ?(অসম আৰু ভাৰতৰ ক্ষেত্ৰত





ANS :       

মাধ্যমিক শিক্ষাৰ সমস্য়া সমুহ হ'ল


(১)  জীৱনৰ পৰা বিচিন্ন :       বৰ্তমান মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ পৰা বিচিন্ন ।
(২) সংকীৰ্ন আৰু এক পক্ষ : মাধ্যমিক শিক্ষা ঠেক আৰু এক পক্ষীয় হোৱা বাবে ব্যক্তিত্ব গঠনত সম্ভৱ নহয় ।
(৩) ইংৰাজী ভাষাৰ প্ৰাধান্য :  শিক্ষাৰ মাধ্যম ইংৰাজী হোৱাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে ।
(৪) পৰীক্ষাৰ হেচা : বৰ্তমান শিক্ষাত পৰীক্ষাৰ হেচা অতি বেছি যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ মৰিমাপ কৰাটো কঠিন হৈ  পৰিছে ।
(৫) ছাত্ৰ-শিক্ষকৰ সম্বন্ধহীনতা : শ্ৰেণী সমুহত  ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰয়োজনীয়তকৈ বেছি হোৱা বাবে শিক্ষক আৰু  ছাত্ৰ-ছাত্ৰীৰ মাজত  সম্পৰ্ক ৰক্ষা কৰা কঠিন হৈ পৰিছে ।
(৬)ক্ৰটিপুৰ্ণ শিক্ষাদান পদ্ধতি : গতানুগতিক শিক্ষা পদ্ধতিত ছাত্ৰ-ছাত্ৰীৰ মনত আত্ম প্ৰকাশৰ অনুভুতি জোগাই তোলাত ব্যৰ্থ হৈছে 

 (২) মাধ্য়মিক শিক্ষা আয়োগৰ মুঠ সদস্য় সংখ্য়া কিমান আৰু ইয়াত কেইটা অনুচ্ছেদ আছে ?


Ans:  এই আয়োগৰ সদস্য় সংখ্য়া ৯ জন আৰু ১৫ টা অনুচ্ছেদ আছে ।
Share:

মাধ্যমিক শিক্ষা.Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা

 

 Assam Board HS-Class-12-Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা শিক্ষা, পাঠ-১, স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আরু অসমৰ মাধ্যমিক শিক্ষা, দ্বাদশশ্রেণী,
শিক্ষা class 12,মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে
মাধ্যমিক শিক্ষাৰ গুৰুত্ব,দ্বাদশ শ্ৰেণীৰ শিক্ষা কিতাপ,মাধ্যমিক শিক্ষা কাক বোলে,
Class 12 Education Solutions - শিক্ষা

অসম আৰু ভাৰতৰ মাধ্যমিকশিক্ষা


(১) বৰ্তমান মাধ্যমিক শিক্ষাৰ আসোৱাহ বা ভুল  ক্ৰটি সমুহ বাখ্যা কৰা ?(অসম আৰু ভাৰতৰ ক্ষেত্ৰত





ANS :        মাধ্যমিক শিক্ষাৰ সমস্য়া সমুহ হ'ল

(১)  জীৱনৰ পৰা বিচিন্ন :       বৰ্তমান মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ পৰা বিচিন্ন ।
(২) সংকীৰ্ন আৰু এক পক্ষ : মাধ্যমিক শিক্ষা ঠেক আৰু এক পক্ষীয় হোৱা বাবে ব্যক্তিত্ব গঠনত সম্ভৱ নহয় ।
(৩) ইংৰাজী ভাষাৰ প্ৰাধান্য :  শিক্ষাৰ মাধ্যম ইংৰাজী হোৱাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে ।
(৪) পৰীক্ষাৰ হেচা : বৰ্তমান শিক্ষাত পৰীক্ষাৰ হেচা অতি বেছি যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ মৰিমাপ কৰাটো কঠিন হৈ  পৰিছে ।
(৫) ছাত্ৰ-শিক্ষকৰ সম্বন্ধহীনতা : শ্ৰেণী সমুহত  ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰয়োজনীয়তকৈ বেছি হোৱা বাবে শিক্ষক আৰু  ছাত্ৰ-ছাত্ৰীৰ মাজত  সম্পৰ্ক ৰক্ষা কৰা কঠিন হৈ পৰিছে ।
(৬)ক্ৰটিপুৰ্ণ শিক্ষাদান পদ্ধতি : গতানুগতিক শিক্ষা পদ্ধতিত ছাত্ৰ-ছাত্ৰীৰ মনত আত্ম প্ৰকাশৰ অনুভুতি জোগাই তোলাত ব্যৰ্থ হৈছে ।


(২) মাধ্য়মিক শিক্ষা আয়োগৰ মুঠ সদস্য় সংখ্য়া কিমান আৰু ইয়াত কেইটা অনুচ্ছেদ আছে ?


Ans:  এই আয়োগৰ সদস্য় সংখ্য়া ৯ জন আৰু ১৫ টা অনুচ্ছেদ আছে ।

(৩)কেতিয়া মাধ্য়মিক শিক্ষা আয়োগ গঠন কৰা হয় ?এই আয়োগৰ সভাপতি কোন আছিল ?




Ans :  ১৯৫২-৫৩ চনত শিক্ষা আয়োগ গঠন কৰা হয় । এই আয়োগৰ সভাপতি আছিল মাদ্ৰাছ বিশ্ৱবিদ্য়ালয়ৰ উপাচাৰ্য ড০ লক্ষ্মন স্ৱামী মুডালিয়াৰ । সেয়েহে এই আয়োগৰ আন এটা নাম মুদালিয়াৰ আয়োগ । এইখনেই প্ৰথম মাধ্য়মিকশিক্ষা আয়োগ  ।


(৪)   মাধ্য়মিক শিক্ষা বুলিলে  কি বুজা ? এই শিক্ষা  জীৱনৰ কোনটো স্তৰত প্ৰদান কৰা হয়  ?



ANS : মাধ্য়মিক শিক্ষা হল ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰস্তুতিৰ এক গুৰুত্ৱপুৰ্ণ শিক্ষা । এই শিক্ষা প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজৰচোৱা শিক্ষা । ছষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই শিক্ষা চলি থাকে । ই এখন বিশেষ দলং স্বৰূপ যিয়ে প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজত সংযোগ স্থাপন কৰে ।
                           
                       এই শিক্ষা কিশোৰ -কিশোৰী সকলক বয়স সন্ধি কালত দিয়া হয় । কিশোৰ -কিশোৰী সকলক ভৱিষ্য়তৰ বাবে প্ৰস্তুত কৰি তোলা এই শিক্ষাৰ মুল উদ্দেশ্য় 


(৫)   ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ বাখ্যা কৰা ?


উত্তৰ : ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ তলত বাখ্যা কৰা হ'ল -


১. গনতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধন - এখন গনতান্ত্রিক দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে সেই দেশৰ সুস্থ নাগৰিকৰ ওপৰত সেয়েহে  আয়োগে উপযুক্ত নাগৰিক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে . আয়োগৰ মতে ছাত্র-ছাত্রীৰ সুস্থ চিন্তাধাৰা , সুস্থ সামাজিক সমাযোজনা , সামাজিক ন্যায় , প্ৰকৃত দেশ প্ৰেম , সহনশীলতা আদি গুন সমুহ বিকাশ কৰি তুলিব লাগিব ।


২. বৃত্তিগত যোজনা উন্নত কৰা - ছাত্র- ছাত্রী সকলক শাৰিৰীক শ্ৰমৰ প্ৰতি মৰ্যদা প্ৰদান কৰিবলৈ শিকাব লাগিব  আৰু নিজৰ চাহিদা পুৰন কৰিব পৰাকৈ কৃষি-বাণিজ্য ব্যৱসায় আদি বিষয়সমুহ  পাঠ্যক্ৰমত অন্তভুক্ত কৰিব লাগিব ।


৩. ব্যক্তিত্বৰ বিকাশ সাধন -  মাধ্যমিক শিক্ষাৰ আন এক উদ্দেশ্য হৈছে শাৰিৰীক ,মানসিক তথা আধ্যাত্মিক দিশৰ উন্নতি সাধন কৰি ছাত্র-ছাত্রীৰ সম্পুৰ্ন ব্যক্তিত্ব গঢ়ি তোলা।


৪. নেতৃত্বৰ বাবে শিক্ষা - মাধ্যমিক স্তৰতে ছাত্র- ছাত্রীয়ে সাহিত্য , কলা , বিজ্ঞান উদ্যোগ আদি সকলো দিশতে দায়িত্ব লব পৰাকৈ উপযুক্ত ভাবে গঢ় দি তোলা ।



(৬) মুদালিয়াৰ আয়োগৰ পৰামৰ্শতৰ ভিত্তিত অসমৰ বহুমুখী বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰা ১২ খন বিশ্ববিদ্যালয় সমুহৰ নাম লিখা ?


Ans : মুদালিয়াৰ আয়োগৰ পৰামৰ্শতৰ ভিত্তিত অসমৰ বহুমুখী বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰা ১২ খন বিশ্ববিদ্যালয় সমুহৰ নাম তলত উল্লেখ কৰা হল -


১. ডিব্ৰুগড় ছোৱালী হাইস্কুল ।
২.তেজপুৰ ছোৱালী হাইস্কুল ।
৩. তুৰা চৰকাৰী হাইস্কুল ।
৪. গোৱালপাৰা চৰকাৰী হাইস্কুল ।
৫. কোহিমা চৰকাৰী হাইস্কুল ।
৬.জোৱাই চৰকাৰী হাইস্কুল ।
৭. মৰিগাও সাহায্যপ্ৰাপ্ত হাইস্কুল ।
৮.চাৰিআলি সাহায্যপ্ৰাপ্ত হাইস্কুল ।
৯.শিৱসাগৰ চৰকাৰী হাইস্কুল ।
১০.যোৰহাট চৰকাৰী হাইস্কুল ।
১১.তাৰিনী চৌধৰী ছোৱালী হাইস্কুল ।
১২.আইজল চৰকাৰী হাইস্কুল ।



৭. মুদালিয়াৰ আয়োগৰ পিছত স্বকৃতি পোৱা প্ৰথম উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিখনৰ নাম লিখা ?





Ans : মুদালিয়াৰ আয়োগৰ পিছত স্বকৃতি পোৱা প্ৰথম উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিখনৰ নাম হ'ল-


          ১. বৰপেটা চৰকাৰী হাইস্কুল
          ২. ধুবুৰী চৰকাৰী হাইস্কুল
          ৩.  শিলচৰ চৰকাৰী হাইস্কুল
          ৪. কে. আৰ সাহায্যপ্ৰাপ্ত হাইস্কুল  হাজো


(৮) নবোদয় বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ কি কি ? (M-2018)


Ans : নবোদয় বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ তলত উল্লেখ কৰা হ'ল -

১. জাতীয় সংগতিৰ বিকাশ সাধন কৰা ।
২. সমাজত ন্য়ায় আৰু সমতা স্থাপনৰ বাবে উপযুক্ত ব্যক্তি প্ৰস্তুত কৰা ।
৩. মেধাৱী ছাত্ৰ -ছাত্ৰীক শিক্ষাৰ সুবিধা দিয়া ।
৪.থকা আৰু শিকা দুয়োটা কাম একেলগে কৰে ।
৫. শিশুৰ সৰ্বাংগিন বিকাশত সুবিধা দিয়া ।




(৯) অসমৰ মাধ্যমিক শিক্ষা আইনৰ মুল দফা সমুহ বাখ্যা কৰা  ?


Ans : ১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন গঠন কৰা হয় । এই আইনৰ মুল দফা বোৰ হল -


১. এই আইন সমগ্ৰ অসমতে প্ৰযোজ্য হব ।
২. কোনো বিশ্ববিদ্যালয় বা শিক্ষা বৰ্ডে মাধ্যমিক শিক্ষা পৰিচালনা আৰু নিয়ত্ৰনৰ দ্বায়িত্ব
লব নোৱাৰিব ।
৩ .   মাধ্যমিক শিক্ষা পৰিচালনাৰ বাবে এখন সুকীয়া শিক্ষা বৰ্ড থাকিব ।
৪. শিক্ষা অধিৰ্কতা বা সঞ্চালক(DPI)  হব এই বৰ্ডৰ সভাপতি ।
৫. শিক্ষা বৰ্ডৰ সভাপতি জনক চৰকাৰে মনোনিত কৰিব ।


(১০)   দুৰ শিক্ষা বুলিলে কি বুজা  ? 




Ans : বিভিন্ন প্ৰযুক্তি বিদ্যাৰ সহায়ত শিক্ষকৰ সানিৰ্দ্ধত নথকাকৈ দুৰ ঠাইৰ পৰা গ্ৰহণ কৰা
শিক্ষা ব্যৱস্থাকে দুৰ শিক্ষা বুলি কোৱা হয় । এই শিক্ষা ৱ্যবস্থা শিক্ষাৰ্থী আৰু শিক্ষক পৰস্পৰ
আতৰত থাকে । অৰ্থাত ছাত্ৰ আৰু শিক্ষকৰ মুখামুখি নহয় । মাত্ৰ কিছুমান প্ৰযুক্তিৰ মাধ্যমেৰেহ
হে এই শিক্ষা দিয়া হয় ।


জেক্ ফকচৰ মতে দুৰ শিক্ষা হৈছে এবিধ শিক্ষা আহৰনৰ প্ৰক্ৰিয়া । যি বিদ্যালয় চৌহদৰ শিক্ষা ব্যৱস্থাত থকা কেতবোৰ  বিশিষ্ট কৈ পৃথক ।


মুক্ত বিশ্ববিদ্যালয় কি ? ইয়াৰ বৈশিষ্ট্য আৰু উদ্দেশ্য সমূহ লিখা ।


যি বিশ্ববিদ্যালয়ত উপযুক্ত সময়ত শিক্ষাৰ্থীসকলে বিভিন্ন সমস্যাৰ বাবে আনুষ্ঠানিক ভাৱে উচ্চ শিক্ষা লাভ কৰিব নোৱাৰিলে তেনে শিক্ষাৰ্থীক নিজৰ সুবিধা , ইচ্ছা আৰু সামৰ্থ্য অনুসৰি উচ্চ শিক্ষা প্ৰদান কৰাৰ যি আনুষ্ঠানিক ব্যৱস্থা তাকে মুক্ত বিশ্ববিদ্যালয় বোলা হয়। প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা লাভ কৰিবলৈ অন্তত স্নাতক ডিগ্ৰীধাৰী হব লাগিব । কিন্তু মুক্ত বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত তেনে কোনো ধৰাবন্ধা নিয়াম নাই । ১৯৬৯ চনত ইংলেণ্ডত প্ৰথম মুক্ত বিশ্ববিদ্যালয় পোন প্ৰথম বাৰৰ বাবে স্থাপন কৰা হয়। এই মুক্ত বিশ্ববিদ্যালয়ত স্নাতক ( bachelor) পৰা পি. এইচ. ডি. উপাধি প্ৰদানৰ ব্যৱস্থা আছে ।
১৯৮২ চনত ভাৰতবৰ্ষৰ অন্ধ্ৰপ্ৰদেশ ত প্ৰথম
 অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় নামেৰে মুক্ত বিশ্ববিদ্যালয় এখন স্থাপন কৰা হয় । ১৯৮৫ চনত  নতুন দিল্লীত "ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় " (IGNOU- Indira Gandhi National Open University ) স্থাপিত হয় । অধ্যাপক জি. ৰাম. ৰেড্ডিক প্ৰথম উপাচাৰ্য্য হিচাপে নিযুক্তি দিয়া হৈছিল। শৈক্ষিক কমনৱেলথে (common wealth of learning)এ ১৯৯৩ চনত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ক দূৰৱৰ্তী শিক্ষাৰ উৎকৃষ্টতা কেন্দ্ৰ (Centre of Excellence) বুলি আখ্যা দিছে ।

মুকলি বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য (Characterstics of open university)


ক) মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সময়ত কোনো পূৰ্বৰ কোনো আনুষ্ঠানিক অৰ্হতাৰ প্ৰয়োজন গুৰুত্ব দিয়া নহয় ।
খ) এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে শিক্ষা গ্ৰহণ কৰিবৰ বাবে সকলো সময়তে শিক্ষানুষ্ঠানলৈ যাব নালাগে ।
গ) শিক্ষণীয় বিষয়সূচীৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতাৰ স্থান নাই ।
ঘ) শিক্ষাৰ্থীয়ে স্ব-ইচ্ছা , নিজৰ সুবিধা অনুসাৰে শিক্ষা লাভ কৰিব পাৰে ।
ঙ) শ্ৰেনিকক্ষত উপস্থিতি বাধ্যতামূলক নহয়


উদ্দেশ্য (Objectives )


ক) উচ্চ শিক্ষা উপযুক্ত সময়ত শেষ কৰিব নোৱাৰা লোকসকলক উচ্চ শিক্ষাৰ সুবিধা দিয়া হয় ।

খ) জনসাধাৰণক নতুন জ্ঞান, কৌশল আহৰণৰ সুবিধা প্ৰদান কৰা ।

গ) ছাত্ৰ - ছাত্ৰীসকলক কেনেকৈ শিকিব লাগে সেই বিষয়ে সহায় কৰে ।

ঘ) আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ এক পৰিপূৰক হিচাপে কাম কৰা।

  2 marks  


। ১০+২+৩ সূত্রটোৱে কি সূচাইছে ?



উত্তরঃ
১৯৫-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগ বা মুডালিয়াৰ আয়োগে আগবঢ়োৱা ১১ বছৰীয়া স্কুলীয়া শিক্ষা প্রণালীটো সংশোধন কৰি কোঠাৰী আয়োগে ১০+২+৩ এই সূত্রটোৰ দিশত ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ বাবে মনোনিবেশ কৰে । এই নতুন গাথনিটোৱে ১০ বছৰ প্রাথমিক আরু মাধ্যমিক শিক্ষা অর্থাৎ ৫ বছৰ প্রাথমিক শিক্ষা, ৩ বছৰ উচ্চ প্রাথমিক আরু ২ বছৰীয়া মাধ্যমিক শিক্ষা; লগতে ২ বছৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষা আরু ৩ বছৰ উচ্চ শিক্ষাৰ বাবে নীতি গ্রহণ কৰে ।


  কর্ম অভিজ্ঞতা’ বুলিলে কি বুজা ?



উত্তরঃ
 ‘কর্ম অভিজ্ঞতা’ বুলিলে ঘৰ/গৃহ, বিদ্যালয়, কর্মশালা, ফার্ম, ফেক্টৰী অথবা আন আন উৎপাদনমূলক পৰিস্থিতিত অংশ গ্রহণ কৰা কায্যক বুজায় । লগতে, এই অনুষ্ঠান-প্রতিষ্ঠান সমূহৰ মাধ্যমেৰে বিভিন্ন কর্মত অংশগ্রহণৰ জৰীয়তে উপযুক্ত বৃত্তিমূখী শিক্ষা আরু অভিজ্ঞতা প্রাপ্তক বুজায় ।


। কোঠাৰী আয়োগৰ মতে যিকোনো শিক্ষাত কোন চাৰিটা মূল উপাদান থাকিব লাগে ?



উত্তরঃ
কোঠাৰী আয়োগৰ মতে যিকোনো শিক্ষাত সাক্ষৰতা, কর্ম, অভিজ্ঞতা আরু সমাজ সেৱা এই চাৰিটা মূল উপাদান থাকিব লাগে । 


নতুন শিক্ষানীতিটো সংসদত কিমান চনৰ কোন মাহত অনুমোদিত হয় ?



উত্তরঃ


নতুন শিক্ষানীতিটো সংসদত ১৯৮৬ চনৰ মে মাহত ভাৰতবর্ষৰ দুয়োখন সংসদৰ অধিবেশনত অনুমোদিত হয় ।



আগতীয়া বাল্যকালৰ যতন আরু শিক্ষা মানে কি বুজা ?



উত্তরঃ
আগতীয়া বাল্যকালৰ যতন আরু শিক্ষা হ’ল নতুন শিক্ষানীতিয়ে গ্রহণ কৰা এক বিশেষ আচনি । ইয়াৰ জৰীয়তে শিশুসকলক বাল্যকালৰ পূর্বৱতী পর্যায়ত লাগতিয়াল যতন বিশেষকৈ সুষম খাদ্য, স্বাস্থ্য, সামাজিক আরু মানসিক দিশৰ লগতে শাৰীৰিক দিশত উদ্দগনি জগোৱাকাৰ্যসূচী গ্রহণ করিছিল । এই ক্ষেত্রত আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আরু শিক্ষা (E.C.C.E.), সুসংহত শিশুবিকাশ সেৱা আঁচনি (I.C.D.E.P.),আদি আচনি অৱলম্বন কৰিছিল । লগতে, ‘দিবাতত্ত্বাৱধান’ কেন্দ্রৰ মাধ্যমেৰে প্রাথমিক শিক্ষাক সার্বজনীন কৰাৰ ব্যৱস্থা কৰিছিল । ইয়াৰ উপৰিও শিশুকেন্দ্রিক আরু ক্রীয়াভিত্তিক শিক্ষাৰ সহযোগত ব্যক্তিমুখী কৰি তোলাৰ আচনি গ্রহণ কৰিছিল । এই স্তৰত ‘3 Rs’  নিয়মঅর্থাৎ লিখা, পঢ়া আরু অংক কৰা, এই নিয়ম পদ্ধতিৰ সহায়েৰে শিশুসকলৰ দৈহিক, মানসিক আরু বৌদ্ধিক দিশৰ বিকাশ সাধনত মনোনিবেশ কৰিছিল

অসম আৰু ভাৰতৰ মাধ্যমিকশিক্ষা


মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে
মাধ্যমিক শিক্ষাৰ গুৰুত্ব,দ্বাদশ শ্ৰেণীৰ শিক্ষা কিতাপ,মাধ্যমিক শিক্ষা কাক বোলে


Chapter 1: অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা

Chapter 4: শিক্ষন

Chapter 2: অনানুষ্ঠানিক শিক্ষা

Chapter 3: শিক্ষাৰ চলিত ধাৰাসমূহ

Share:

||EDUCATION COMMON QUESTIONS|| FOR |HS 2ND YEAR||2020||নৱোদয় বিদ্যালয়ৰ বৈশিষ্ট্যসমূহ লিখা||কোঠাৰী আয়োগৰ প্ৰতিবেদনখন কিমান পৃষ্ঠাৰ আছিল?||মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্যবোৰ কি আছিল লিখা।||বৃত্তিমূলক দক্ষিতাৰ বাবে শিক্ষা। |বিশ্ববিদ্যালয় শিক্ষা আয়োগ কিমান চনত নিযুক্তি দিয়া হৈছিল||মাধ্যমিক শিক্ষা কাক বোলে ?,মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল ?,মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল ?

 

@ নৱোদয় বিদ্যালয়ৰ বৈশিষ্ট্যসমূহ লিখা।

 

উত্তৰ - নৱোদয় বিদ্যালয়ৰ মাধ্যমেৰে নিম্ন স্তৰৰ লৰা-ছোৱালীৰক উন্নত স্তৰৰ শিক্ষা প্ৰদান কৰা হব। বিদ্যালয় বিকাশ আঁচনিক কাৰ্যকৰী কৰাৰ কাৰণে ৰাষ্ট্ৰীয় ভিত্তিক ধাৰণা লোৱা হব। নৱোদয় বিদ্যালয়বোৰ আবাসিক আৰু বিনামূলীয়া শিক্ষানুষ্ঠান

 

@   কোঠাৰী আয়োগৰ প্ৰতিবেদনখন কিমান পৃষ্ঠাৰ আছিল?

 

উত্তৰ - ৭০০ পৃষ্ঠাৰ আছিল

 

@  ১০ সূত্ৰটোৱে কি সূচাইছে?

 

উত্তৰ - ১৯৬৪-৬৬ চনত কোঠাৰী আয়োগে ১০ সূত্ৰটোৰ মাধ্যমত শিক্ষাৰ বিকাশ সাধাৰণ কৰাৰ পৰামৰ্শ দিছিল। ইয়াৰে প্ৰথম ১০ বছৰ হল মাধ্যমিক শিক্ষা, মাজৰ বছৰ হল উচ্চতৰ মাধ্যমিক শিক্ষা আৰু শেষৰ বছৰত উচ্চ শিক্ষাৰ সুবিধা প্ৰদান

 

@ )  মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্যবোৰ কি আছিল লিখা।

 

উত্তৰ - মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা লক্ষ্য হল পাঁচটা। সেই কেইটা হল-

 

) ব্যক্তিত্বপূৰ্ণ বিকাশ সাধন

 

।।) নেতৃত্বৰ প্ৰশিক্ষণ

 

।।।) চৰিত্ৰ গঠনৰ শিক্ষা

 

iv)  বৃত্তিমূলক দক্ষিতাৰ বাবে শিক্ষা।

 

@  কোঠাৰী আয়োগে নতুন শিক্ষা গাঁথনিৰ কেনেকুৱা হোৱা উচিত বুলি পৰামৰ্শ দিছিল।

 

উত্তৰ - ১০ শিক্ষা গাঁথনি।

 

@  কোঠাৰী আয়োগৰ মতে প্ৰাক-প্ৰাথমিক শিক্ষা সময়সীমা কিমান ?

 

উত্তৰ - বছৰ পৰা বছৰলৈ

 

@  বিশ্ববিদ্যালয় শিক্ষা আয়োগ কিমান চনত নিযুক্তি দিয়া হৈছিল

 

উত্তৰ - ১৯৪৮ চনত

 

@  ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ সভাপতি কোন আছিল ?

 

উত্তৰ - ডঃ ডি. এছ. কোঠাৰী

 

@ মাধ্যমিক শিক্ষা কাক বোলে ?

 

উত্তৰ - বয়ঃসন্ধিকালৰ বাবে যি শিক্ষা ব্যৱস্থা হৈছে সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে

 

@ মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল ?

 

উত্তৰ - ১৯৫২-৫৩ চনত

 

@ মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল ?

 

উত্তৰ - ডঃ লক্ষণস্বামী মুডালিয়া আছিল

Share:

মুক্ত শিক্ষা কি? মুক্ত শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য বোৰৰ বিষয়ে আলোচনা কৰা ||গোট-২ অগতানুগতিক শিক্ষা||HS 2ND YEAR EDUCATION CHAPTER 2||AHSEC EDUCATION COMMON QUETIONS||

1)মুক্ত শিক্ষা কি? মুক্ত শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য বোৰৰ বিষয়ে আলোচনা কৰা । 

ANS: মুক্ত শিক্ষা হ'ল আধুনিক শিক্ষা ব্যৱস্থাৰ এক নব্য সংযোজন যি শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ নীতি আরু সীমাবদ্ধতাসমূহ দূৰ কৰি সমাজৰ সকলো ব্যক্তিৰ বা নাগরিক বা শিক্ষার্থীর বাবে শিক্ষাৰ প্রয়োজনসমূহক পূৰণ কৰে আরু শিক্ষা গ্রহণর সুবিধা প্রদান করে । 

মুক্ত শিক্ষাৰ বিভিন্ন লক্ষ্যবোৰৰ ভিতৰত উল্লেখযোগ্য লক্ষ্য/উদ্দেশ্যবোৰ হ'ল এনেধৰণর 

(a) সকলো পর্যায়ৰৰ নাগৰিকৰ বাবে শিক্ষাঃ 

মুক্ত শিক্ষাৰ প্রধান আরু মূলতঃ লক্ষ্য বা উদ্দেশ্য হ'ল যাতে সকলো নাগৰিকে যাৱতীয়া শিক্ষা পাব/অর্জন করিব পাৰে । 

(b) শিক্ষা আরু ব্যক্তিৰ মাজত সমন্বয় সাধনঃ 

মুক্ত শিক্ষাৰ আন এক উল্লেখনীয় লক্ষ্য/উদ্দেশ্য হ'ল শিক্ষাৰ দিশটোক সকলো ব্যক্তিৰ মাজত সংযোগ সাধন কৰি শিক্ষাক এক জীৱনজোৰা প্রক্রিয়া হিচাপে গঢ়ি তুলা । 

(c)বঞ্চিতলোকসকলৰ বাবে শিক্ষাৰ সুযোগঃ 

মুক্ত শিক্ষাৰ ব্যৱস্থাই বঞ্চিতলোকসকলৰ বাবে অবিৰতভাৱে শিক্ষা লাভৰ সুযোগ প্রদান কৰিছে ।

(d)কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে শিক্ষাঃ 

মুক্ত শিক্ষাৰ আন এক উদ্দেশ্য হ'ল যাতে যিকল লোকে কর্মত নিয়জিত হৈছে আরু অর্ধশিক্ষা হৈ আছে, তেওঁলোকে এই শিক্ষাব্যৱস্থাৰ মাধ্যমেৰে শিক্ষা গ্রহণ কৰিব পাৰে । 

(e) প্রথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰি তোলাঃ 

মুক্ত শিক্ষাৰ এক লেখতলবলগীয়া লক্ষ্য/উদ্দেশ্য হ'ল-প্রাথমিক শিক্ষাক সার্বজনীন কৰি তুলাৰ উদ্দেশ্যে কর্মকর্তাসকলক লাগতিয়াল দক্ষতাৰ শিক্ষা প্রদান কৰা । 

(f)বয়স্ক শিক্ষাৰ প্রসাৰতাঃ 

মুক্ত শিক্ষাৰ আন এক পদক্ষেপ হ'ল বয়স্কসকলৰ শিক্ষা । বয়স্ক মানুহসকলেও যাতে তেওঁলোকৰ লাগতিয়াল শিক্ষা আহৰণ কৰিব পাৰে তাৰ সুযোগ এই শিক্ষাৰ জৰীয়তে প্রদান কৰিছে । 

(g) ৰাষ্ট্রৰ কল্যাণৰ হকে উৎপাদনমুখী শিক্ষা প্রদানঃ 

মুক্ত শিক্ষাৰ জৰীয়তে যাতে সকলো ব্যক্তিয়ে উৎপাদনমূলক শিক্ষা আরু প্রশিক্ষণ পাব পাৰে আরু লগতে ৰাষ্ট্রৰ কল্যাণ হব পাৰে তাৰ ব্যৱস্থা গ্রহণ কৰিছে । 

(h)শিক্ষাৰ সামগ্রিক মানদণ্ড উন্নত করাঃ 

মুক্ত শিক্ষাৰ আন এক লক্ষ্য বা উদ্দেশ্য হ'ল শিক্ষাৰ সামগ্রিক দিশৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা

(i) শিক্ষাক বাস্তৱমুখী কৰি তুলাঃ 

মুক্ত শিক্ষাই শিক্ষাক জাতীয় জীৱনৰ সাফল্যতাৰ অর্থে শিক্ষাক বাস্তৱমুখী কৰি তুলাৰ লক্ষ্য বা উদ্দেশ্যৰে আগবাঢ়িছে ৷ 

(j)মাধ্যমিক আরু উচ্চ শিক্ষাক অধিক ফলপ্রসূ কৰি তুলাঃ 

মুক্ত শিক্ষাই সমাজৰ চাহিদাৰ প্রতি লক্ষ্য বা উদ্দেশ্য আগত ৰাখি মাধ্যমিক আরু উচ্চ শিক্ষাক আগুৱাই লৈ গৈছে । 

(k)ঘৰত থাকিয়ে উচ্চ শিক্ষা গ্রহণ কৰিব পৰা সুবিধা প্রদানঃ 

মুক্ত শিক্ষাব্যৱস্থাই নিজ বাসগৃহত থাকিয়েই উচ্চশিক্ষা লাভ কৰিব পৰা লক্ষ্য বা উদ্দেশ্যৰে শিক্ষাৰ দিশত সুযোগ প্রদান কৰিছে । 

(l) ব্যক্তিত্ব বিকাশ আরু ব্যক্তিগত দক্ষতা লাভৰ সুযোগঃ 

মুক্ত শিক্ষাৰ আন এক উন্নতমানৰ লক্ষ্য বা উদ্দেশ্য হ'ল দূৰ শিক্ষাৰ জৰীয়তে ব্যক্তিত্ব বিকাশ আরু ব্যক্তিগত দক্ষতা অর্জন কৰাৰ সুযোগ প্রদান কৰা । 

এইদৰে, দূৰ শিক্ষাই বিভিন্ন গুরুত্বপূর্ণ লক্ষ্য আরু উদ্দেশ্যসমূহ আগত ৰাখি শিক্ষাব্যৱস্থাক এক আধুনিক রূপত পৰিদর্শন কৰিছে আরু শিক্ষাজগতক এখোজ আগুৱাই নিছে ।
Share:
Copyright © ASSAMESEMADIUM | Powered by Blogger & | DESIGN BY ASSAMESEMADIUM